--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে এগৰাকী অজ্ঞাত মহিলাৰ সৈতে  "অশালীন কথোপকথন" কৰাৰ অডিঅ’ টেপ   কেইবাটাও ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱাৰ পিছত বিতৰ্কৰ সৃষ্টি হৈছে৷ পাকিস্তানী সংবাদ মাধ্যম আৰু খানৰ সৈতে ঘনিষ্ঠ  সাংবাদিকে দাবী কৰিছে  যে "লিক হোৱা অডিঅ'ত পুৰুষৰ কণ্ঠস্বৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মিল আছে।

 প্ৰথমতে অডিঅ'টো চৈয়দ আলী হায়দৰ নামৰ এজন পাকিস্তানী সাংবাদিকে তেওঁৰ ইউটিউব একাউণ্টত আপলোড কৰিছিল আৰু পৰৱৰ্তী সময়ত সেয়া ফেচবুক আৰু টুইটাৰত ভাইৰেল হৈ পৰে। সাংবাদিকজনে শেহতীয়াকৈ ৰেকৰ্ড কৰা বুলি দাবী কৰা প্ৰথম অডিঅ'টোত এগৰাকী মহিলাক কোৱা শুনা যায় যে তেওঁ ইমৰাণক  লগ কৰিবলৈ আহিব নোৱাৰে ৷ কাৰণ সেইদিনা  তেওঁৰ "দেহত বিষত হৈ আছে" , সেয়ে পাৰিলে  পিছদিনা তেওঁক লগ পাব পাৰে। 

ইমৰাণ  খান বুলি সন্দেহ কৰা  এজন পুৰুষক কোৱা শুনা যায়, "... মোৰ পৰিয়ালথাকিলে  এয়া সম্ভৱ হয় নে নাই চাম, আৰু শিশুসকলো আহি আছে। মই তেওঁলোক অহাটো পলম কৰিবলৈ  হ'বলৈ চেষ্টা কৰিম। মই কাইলৈ তোমাক জনাম।" আন এটা অডিঅ'ত ইমৰানে মহিলাগৰাকীক তেওঁৰ যৌন আকাংক্ষাৰ বিষয়ে অশালীন প্ৰশ্ন কৰা শুনা গৈছে। আনহাতে  মনচুৰ আলী খান নামৰ আন এজন সাংবাদিকে এটা ফেচবুক ভিডিঅ'ত দাবী কৰিছে যে তেওঁ লিক হোৱা অডিঅ'টোত থকা বেনামী মহিলাগৰাকীক চিনি পায়। অৱশ্যে তেওঁ ছ'চিয়েল মিডিয়াৰ ভিডিঅ'ত মহিলাগৰাকীৰ নাম উল্লেখ কৰা নাই। 

ইফালে ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফে (পিটিআই) সাংবাদিক দুজনৰ দাবী খণ্ডন কৰিছে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত কালিমা সানিবলৈ এনে কৰা হৈছে বুলি কৈছে৷  পিটিআইৰ নেতা ড০ আৰ্ছলান খালিদে কয় যে অডিঅ' ক্লিপবোৰ 'ভুৱা'৷  খান বৰ্তমান  পাকিস্তানৰ প্ৰধানমন্ত্ৰী নহ'লেও কেইবাটাও বিতৰ্কত সাঙোৰ খাই পৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক