--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে এগৰাকী অজ্ঞাত মহিলাৰ সৈতে  "অশালীন কথোপকথন" কৰাৰ অডিঅ’ টেপ   কেইবাটাও ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱাৰ পিছত বিতৰ্কৰ সৃষ্টি হৈছে৷ পাকিস্তানী সংবাদ মাধ্যম আৰু খানৰ সৈতে ঘনিষ্ঠ  সাংবাদিকে দাবী কৰিছে  যে "লিক হোৱা অডিঅ'ত পুৰুষৰ কণ্ঠস্বৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মিল আছে।

 প্ৰথমতে অডিঅ'টো চৈয়দ আলী হায়দৰ নামৰ এজন পাকিস্তানী সাংবাদিকে তেওঁৰ ইউটিউব একাউণ্টত আপলোড কৰিছিল আৰু পৰৱৰ্তী সময়ত সেয়া ফেচবুক আৰু টুইটাৰত ভাইৰেল হৈ পৰে। সাংবাদিকজনে শেহতীয়াকৈ ৰেকৰ্ড কৰা বুলি দাবী কৰা প্ৰথম অডিঅ'টোত এগৰাকী মহিলাক কোৱা শুনা যায় যে তেওঁ ইমৰাণক  লগ কৰিবলৈ আহিব নোৱাৰে ৷ কাৰণ সেইদিনা  তেওঁৰ "দেহত বিষত হৈ আছে" , সেয়ে পাৰিলে  পিছদিনা তেওঁক লগ পাব পাৰে। 

ইমৰাণ  খান বুলি সন্দেহ কৰা  এজন পুৰুষক কোৱা শুনা যায়, "... মোৰ পৰিয়ালথাকিলে  এয়া সম্ভৱ হয় নে নাই চাম, আৰু শিশুসকলো আহি আছে। মই তেওঁলোক অহাটো পলম কৰিবলৈ  হ'বলৈ চেষ্টা কৰিম। মই কাইলৈ তোমাক জনাম।" আন এটা অডিঅ'ত ইমৰানে মহিলাগৰাকীক তেওঁৰ যৌন আকাংক্ষাৰ বিষয়ে অশালীন প্ৰশ্ন কৰা শুনা গৈছে। আনহাতে  মনচুৰ আলী খান নামৰ আন এজন সাংবাদিকে এটা ফেচবুক ভিডিঅ'ত দাবী কৰিছে যে তেওঁ লিক হোৱা অডিঅ'টোত থকা বেনামী মহিলাগৰাকীক চিনি পায়। অৱশ্যে তেওঁ ছ'চিয়েল মিডিয়াৰ ভিডিঅ'ত মহিলাগৰাকীৰ নাম উল্লেখ কৰা নাই। 

ইফালে ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফে (পিটিআই) সাংবাদিক দুজনৰ দাবী খণ্ডন কৰিছে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত কালিমা সানিবলৈ এনে কৰা হৈছে বুলি কৈছে৷  পিটিআইৰ নেতা ড০ আৰ্ছলান খালিদে কয় যে অডিঅ' ক্লিপবোৰ 'ভুৱা'৷  খান বৰ্তমান  পাকিস্তানৰ প্ৰধানমন্ত্ৰী নহ'লেও কেইবাটাও বিতৰ্কত সাঙোৰ খাই পৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ