--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰবিত দলং খহি পৰাত ১৩৪ জন লোকৰ মৃত্যু হোৱাৰ এদিন পিছতে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ দুৰ্ঘটনাত আহত সকলক চিকিৎসা প্ৰদান কৰি থকা তথা নিহত সকলৰ মৃতদেহ ৰখা চিকিৎসালয় খনলৈ যাব। তাকে লৈ এতিয়া চিকিৎসালয় খন নতুনকৈ ৰং কৰা হৈছে।   প্ৰধানমন্ত্ৰী মোদীয়ে দলং খহি পৰা ঘটনাত আহত সকলক সাক্ষাৎ কৰিব। 

কিন্তু শোকৰ মুহূৰ্ত এটাত কিয় কেৱল মোদীৰ আগমণৰ বাবেই চিকিৎসালয় খন ৰং কৰা হৈছে তাকে লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে।বিৰোধীয়ে মৰবিৰ চিকিৎসালয়ত ৰং কৰাৰ কথাটোকলৈ মোদীৰ চৰকাৰক উভতি ধৰিছে। বিৰোধীয়ে কৈছে যে  প্ৰধানমন্ত্ৰী চিকিৎসালয়লৈ আহিব বাবেই দেৱালবোৰ ৰাতিটোৰ ভিতৰতে ৰং কৰা হৈছে ,যাতে সমগ্ৰ দেশৰ দুৰ্বল অৱস্থাটো উন্মোচিত নহয়।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মবৰীত দলং দুৰ্ঘটনাত আহতসকলৰ খবৰ ল’বলৈ  চিকিৎসালয়খন পৰিদৰ্শন কৰিব। ইয়াৰ পূৰ্বে  চিকিৎসালয়ৰ দেৱালবোৰ ৰং কৰা হৈছে। কংগ্ৰেছ আৰু আপে নেটত চিকিৎসালয় খন ৰং কৰাৰ ফটো আৰু ভিডিঅ' পোষ্ট কৰিছে । টুইটাৰত  পোষ্ট কৰা ফটোত  দেখা গৈছে যে কিছুমান লোকে চিকিৎসালয়ৰ দেৱাল ৰং কৰি আছে। এনে ছবি পোষ্ট কৰি কংগ্ৰেছে লিখিছে, "এয়া এক ট্ৰেজেডী। কাইলৈ প্ৰধানমন্ত্ৰী মৰ্বিৰ চিকিৎসালয়লৈ আহিব। তাৰ আগতে, দেৱালবোৰ ৰং কৰা হৈছে। টাইলছবোৰ মজিয়াত লগোৱা হৈছে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰীৰ ফটো তোলাত যাতে কোনো অলুবিধা নাথাকে সেয়া নিশ্চিত কৰা। '' কংগ্ৰেছে লগতে কয় "তেওঁলোকে লজ্জিত নহয়। মানুহৰ মৃত্যু হৈছে, আৰু তেওঁলোকে দেৱাল ৰং কৰাত ব্যস্ত হৈ আছে!"

 আপে কয়, "মৰ্বিৰ চিকিৎসালয়ত ৰং কৰি থকা হৈছে। যাতে কাইলৈ প্ৰধানমন্ত্ৰীৰ ফটোশ্বুটৰ সময়ত চিকিৎসালয়খনৰ দুৰ্বল অৱস্থা আনৰ চকুত নপৰে ।মৰবিত ইমান লোকৰ মৃত্যু হোৱাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু অপৰাধীসকলক চিনাক্ত কৰি শাস্তি দিয়া হোৱা নাই বুলি আপে অভিযোগ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু