--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰবিত দলং খহি পৰাত ১৩৪ জন লোকৰ মৃত্যু হোৱাৰ এদিন পিছতে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ দুৰ্ঘটনাত আহত সকলক চিকিৎসা প্ৰদান কৰি থকা তথা নিহত সকলৰ মৃতদেহ ৰখা চিকিৎসালয় খনলৈ যাব। তাকে লৈ এতিয়া চিকিৎসালয় খন নতুনকৈ ৰং কৰা হৈছে।   প্ৰধানমন্ত্ৰী মোদীয়ে দলং খহি পৰা ঘটনাত আহত সকলক সাক্ষাৎ কৰিব। 

কিন্তু শোকৰ মুহূৰ্ত এটাত কিয় কেৱল মোদীৰ আগমণৰ বাবেই চিকিৎসালয় খন ৰং কৰা হৈছে তাকে লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে।বিৰোধীয়ে মৰবিৰ চিকিৎসালয়ত ৰং কৰাৰ কথাটোকলৈ মোদীৰ চৰকাৰক উভতি ধৰিছে। বিৰোধীয়ে কৈছে যে  প্ৰধানমন্ত্ৰী চিকিৎসালয়লৈ আহিব বাবেই দেৱালবোৰ ৰাতিটোৰ ভিতৰতে ৰং কৰা হৈছে ,যাতে সমগ্ৰ দেশৰ দুৰ্বল অৱস্থাটো উন্মোচিত নহয়।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মবৰীত দলং দুৰ্ঘটনাত আহতসকলৰ খবৰ ল’বলৈ  চিকিৎসালয়খন পৰিদৰ্শন কৰিব। ইয়াৰ পূৰ্বে  চিকিৎসালয়ৰ দেৱালবোৰ ৰং কৰা হৈছে। কংগ্ৰেছ আৰু আপে নেটত চিকিৎসালয় খন ৰং কৰাৰ ফটো আৰু ভিডিঅ' পোষ্ট কৰিছে । টুইটাৰত  পোষ্ট কৰা ফটোত  দেখা গৈছে যে কিছুমান লোকে চিকিৎসালয়ৰ দেৱাল ৰং কৰি আছে। এনে ছবি পোষ্ট কৰি কংগ্ৰেছে লিখিছে, "এয়া এক ট্ৰেজেডী। কাইলৈ প্ৰধানমন্ত্ৰী মৰ্বিৰ চিকিৎসালয়লৈ আহিব। তাৰ আগতে, দেৱালবোৰ ৰং কৰা হৈছে। টাইলছবোৰ মজিয়াত লগোৱা হৈছে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰীৰ ফটো তোলাত যাতে কোনো অলুবিধা নাথাকে সেয়া নিশ্চিত কৰা। '' কংগ্ৰেছে লগতে কয় "তেওঁলোকে লজ্জিত নহয়। মানুহৰ মৃত্যু হৈছে, আৰু তেওঁলোকে দেৱাল ৰং কৰাত ব্যস্ত হৈ আছে!"

 আপে কয়, "মৰ্বিৰ চিকিৎসালয়ত ৰং কৰি থকা হৈছে। যাতে কাইলৈ প্ৰধানমন্ত্ৰীৰ ফটোশ্বুটৰ সময়ত চিকিৎসালয়খনৰ দুৰ্বল অৱস্থা আনৰ চকুত নপৰে ।মৰবিত ইমান লোকৰ মৃত্যু হোৱাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু অপৰাধীসকলক চিনাক্ত কৰি শাস্তি দিয়া হোৱা নাই বুলি আপে অভিযোগ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক