--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু আহে সংগোপনে। মৃত্যুৱে কাক কেতিয়া আঁকোৱালি লয় সেয়া কোনেও ক’ব নোৱাৰে। এটি কণমানি ল’ৰাৰ লগত এক শোকাৱহ ঘটনা সংঘটিত হৈছে, যি কথা শুনিলে হয়তো আপুনিও আৱেগিক হৈ পৰিব। শ্বহীদ ভগত সিঙৰ চৰিত্ৰত অভিনয় কৰিবলৈ অনুশীলন কৰি থাকোঁতে এজন ১২ বছৰীয়া ছাত্ৰই মৃত্যুক আঁকোৱালি লয়। ভগত সিঙৰ দৰে ডিঙিত ফাঁচ লগোৱাৰ দৃশ্য আখৰা কৰি থাকোতে ছাত্ৰজনৰ মৃত্যু হয়। মৃত শিশুটি এছ এল ভি স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সঞ্জয় গৌড়া বুলি জানিব পৰা গৈছে। 

নাটকৰ আগতে তেওঁ নিজৰ চৰিত্ৰটো ভালদৰে অভিনয় কৰিবলৈ আখৰা কৰি আছিল ঘৰতে। শিশুটিয়ে ঘৰৰ অকলে এটা কোঠাত ফাঁচ এটা লৈ আখৰা কৰিবলৈ চেষ্টা কৰি থাকোঁতে হঠাতে ভাৰসাম্য হেৰুৱাই পেলালে আৰু ফাঁচটো তেওঁৰ ডিঙিত লাগি ধৰিলে। কিছু সময়ৰ পাছতে শিশুটিৰ মৃত্যু হয়।

চাহৰ দোকান চলাই থকা তেওঁৰ পিতৃ-মাতৃ নাগাৰাজু আৰু ভাগ্যলক্ষ্মী কৰ্মসূত্ৰে ওলাই গৈছিল। কৰ্মস্থলীৰ পৰা উভতি আহি তেওঁলোকে দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিলে। আৰক্ষীয়ে জনোৱা মতে, বাৰে বাৰে টোকৰ দিয়াৰ পাছতো যেতিয়া ল’ৰাটোৱে কোনো সঁহাৰি নিদিলে, তেতিয়া তেওঁলোকে দুৱাৰ ভাঙিলে আৰু তেওঁৰ পুত্ৰক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। পিতৃ-মাতৃয়ে সঞ্জয়ৰ মৃতদেহ ফেনত ওলমি থকা অৱস্থাত দেখা পাই চিঞৰ-বাখৰ লগায়। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে সঞ্জয় গৌড়াক মৃত ঘোষণা কৰে

ঘটনাটোৰ তদন্ত চলোৱা আৰক্ষীয়ে ঘৰতে ছাত্ৰজনে অকলে ভূমিকা পালন কৰি থকাৰ সময়তে মৃত্যু হোৱাটো এক দুৰ্ঘটনা বুলি স্পষ্ট কৰি দিয়ে।

বিদ্যালয়ৰ অধ্যক্ষ কোত্তুৰেশ কে টিয়ে কয় যে সঞ্জয় গৌড়া এজন মেধাৱী ছাত্ৰ আছিল যিয়ে শ্ৰেণী আৰু অন্যান্য কামত প্ৰথম স্থান লাভ কৰিছিল। সঞ্জয় গৌড়াৰ এই অকাল মৃত্যুত সমগ্ৰ অঞ্চলতে পৰিছে গভীৰ শোকৰ ছাঁ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement