--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু আহে সংগোপনে। মৃত্যুৱে কাক কেতিয়া আঁকোৱালি লয় সেয়া কোনেও ক’ব নোৱাৰে। এটি কণমানি ল’ৰাৰ লগত এক শোকাৱহ ঘটনা সংঘটিত হৈছে, যি কথা শুনিলে হয়তো আপুনিও আৱেগিক হৈ পৰিব। শ্বহীদ ভগত সিঙৰ চৰিত্ৰত অভিনয় কৰিবলৈ অনুশীলন কৰি থাকোঁতে এজন ১২ বছৰীয়া ছাত্ৰই মৃত্যুক আঁকোৱালি লয়। ভগত সিঙৰ দৰে ডিঙিত ফাঁচ লগোৱাৰ দৃশ্য আখৰা কৰি থাকোতে ছাত্ৰজনৰ মৃত্যু হয়। মৃত শিশুটি এছ এল ভি স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সঞ্জয় গৌড়া বুলি জানিব পৰা গৈছে। 

নাটকৰ আগতে তেওঁ নিজৰ চৰিত্ৰটো ভালদৰে অভিনয় কৰিবলৈ আখৰা কৰি আছিল ঘৰতে। শিশুটিয়ে ঘৰৰ অকলে এটা কোঠাত ফাঁচ এটা লৈ আখৰা কৰিবলৈ চেষ্টা কৰি থাকোঁতে হঠাতে ভাৰসাম্য হেৰুৱাই পেলালে আৰু ফাঁচটো তেওঁৰ ডিঙিত লাগি ধৰিলে। কিছু সময়ৰ পাছতে শিশুটিৰ মৃত্যু হয়।

চাহৰ দোকান চলাই থকা তেওঁৰ পিতৃ-মাতৃ নাগাৰাজু আৰু ভাগ্যলক্ষ্মী কৰ্মসূত্ৰে ওলাই গৈছিল। কৰ্মস্থলীৰ পৰা উভতি আহি তেওঁলোকে দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিলে। আৰক্ষীয়ে জনোৱা মতে, বাৰে বাৰে টোকৰ দিয়াৰ পাছতো যেতিয়া ল’ৰাটোৱে কোনো সঁহাৰি নিদিলে, তেতিয়া তেওঁলোকে দুৱাৰ ভাঙিলে আৰু তেওঁৰ পুত্ৰক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। পিতৃ-মাতৃয়ে সঞ্জয়ৰ মৃতদেহ ফেনত ওলমি থকা অৱস্থাত দেখা পাই চিঞৰ-বাখৰ লগায়। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে সঞ্জয় গৌড়াক মৃত ঘোষণা কৰে

ঘটনাটোৰ তদন্ত চলোৱা আৰক্ষীয়ে ঘৰতে ছাত্ৰজনে অকলে ভূমিকা পালন কৰি থকাৰ সময়তে মৃত্যু হোৱাটো এক দুৰ্ঘটনা বুলি স্পষ্ট কৰি দিয়ে।

বিদ্যালয়ৰ অধ্যক্ষ কোত্তুৰেশ কে টিয়ে কয় যে সঞ্জয় গৌড়া এজন মেধাৱী ছাত্ৰ আছিল যিয়ে শ্ৰেণী আৰু অন্যান্য কামত প্ৰথম স্থান লাভ কৰিছিল। সঞ্জয় গৌড়াৰ এই অকাল মৃত্যুত সমগ্ৰ অঞ্চলতে পৰিছে গভীৰ শোকৰ ছাঁ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু