--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জীয়ে লক্ষ্ণৌত অখিলেশ যাদৱৰ সমৰ্থনত প্ৰচাৰ অভিযানত নামি পৰিছিল। মঞ্চত উপস্থিত সকলো লোকক সম্বোধন কৰাৰ সময়তে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আখলেশ যাদৱক 'ভাই' বুলি সম্বোধন কৰে। উত্তৰ প্ৰদেশৰ জনসাধাৰণক উদ্দেশ্যি দিদিয়ে উদ্বাত্ত ভাষণত কয় যে ‘বিজেপিক পৰাজিত কৰিব লাগিব আৰু যদি আপোনালোকে বিজেপিক পৰাজিত কৰিব বিচাৰে, মোৰ ভাই অখিলেশক ভোট দিয়ক। একে সময়তে তেওঁ লগতে কয়, ‘উত্তৰ প্ৰদেশত বিজেপি হাৰি যোৱাৰ যোৱাৰ অৰ্থ হ’ব বিজেপিয়ে সমগ্ৰ দেশ এৰি যোৱা।’ যোগী প্ৰশাসনক সমালোচনা কৰি মমতা বেনাৰ্জীয়ে কয়, ‘ইয়াত কেৱল গুলীৰ ৰাজত্ব চলি আছে। তেওঁলোকে ক্ষমতাৰ পৰা গৈ গুলীচালনাৰ ৰাজনীতি কৰি আছে। মাতৃ আৰু ভগ্নীসকলো ইয়াত বৰ বেয়া অৱস্থাত আছে। হাতৰাছ-উন্নাওৰ কথা স্মৰণ কৰি মমতাই কয়, হাতৰাছ-উন্নাওৰ দৰে ঘটনাৰ বাবে আপুনি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে। ইতিহাসে এই ঘৃণনীয় ঘটনাটো সদায়ে মনত ৰাখিব। প্ৰথমে ক্ষমা বিচাৰক, তাৰ পিছত ভোট বিচাৰক।’ নিৰ্বাচনী সভাৰ পৰাই মমতা বেনাৰ্জীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণক সমাজবাদী পাৰ্টিক ভোট দিবলৈ আহ্বান জনায়। তৃণমূল ৰচুপ্ৰিমোৱে কয়, ‘যদি আপুনি নতুন সূৰ্য্যোদয় চাব বিচাৰে, উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীক ভোট দিয়ক। কাৰণ কেৱল সমাজবাদী দলেহে উত্তৰ প্ৰদেশলৈ নতুন সূৰ্যৰ কিৰণ আনিব পাৰে। প্ৰসংগক্ৰমে মমতাই কয় যে আপোনালোকৰ সংস্কৃতি আৰু আমাৰ বংগৰ দৰেই একেই। গতিকে আপোনালোকে বেংগলে যি কৰিলে সেয়া কৰি দেখুৱাব পাৰে। তেতিয়া আমি একেলগে সহযাত্ৰী হ’ব পাৰিম। যদি অখিলেশ জয়ী হয়, তেওঁ লক্ষ্ণৌলৈ আকৌ অহাৰ প্ৰতিশ্ৰুতি দি যায়। লগতে এইটোও উল্লেখ কৰিছিল তেওঁ সমাজবাদী পাৰ্টীক সমৰ্থন কৰিবলৈ ১৫ তাৰিখে বাৰাণসীলৈ যাব। এই সভাতে মমতাই অখিলেশৰ সমৰ্থনত শ্ল'গান দিছিল। তেওঁ কয়, ‘মই বিজেপিক তেওঁলোকৰ শ্ল'গান ঘূৰাই দিছো আৰু আবকি বাৰ উত্তৰ প্ৰদেশ হৈছে অখিলেশৰ চৰকাৰ, আবকি বাৰ মাতৃ আৰু ভগ্নীসকলৰ চৰকাৰ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ