--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জীয়ে লক্ষ্ণৌত অখিলেশ যাদৱৰ সমৰ্থনত প্ৰচাৰ অভিযানত নামি পৰিছিল। মঞ্চত উপস্থিত সকলো লোকক সম্বোধন কৰাৰ সময়তে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আখলেশ যাদৱক 'ভাই' বুলি সম্বোধন কৰে। উত্তৰ প্ৰদেশৰ জনসাধাৰণক উদ্দেশ্যি দিদিয়ে উদ্বাত্ত ভাষণত কয় যে ‘বিজেপিক পৰাজিত কৰিব লাগিব আৰু যদি আপোনালোকে বিজেপিক পৰাজিত কৰিব বিচাৰে, মোৰ ভাই অখিলেশক ভোট দিয়ক। একে সময়তে তেওঁ লগতে কয়, ‘উত্তৰ প্ৰদেশত বিজেপি হাৰি যোৱাৰ যোৱাৰ অৰ্থ হ’ব বিজেপিয়ে সমগ্ৰ দেশ এৰি যোৱা।’ যোগী প্ৰশাসনক সমালোচনা কৰি মমতা বেনাৰ্জীয়ে কয়, ‘ইয়াত কেৱল গুলীৰ ৰাজত্ব চলি আছে। তেওঁলোকে ক্ষমতাৰ পৰা গৈ গুলীচালনাৰ ৰাজনীতি কৰি আছে। মাতৃ আৰু ভগ্নীসকলো ইয়াত বৰ বেয়া অৱস্থাত আছে। হাতৰাছ-উন্নাওৰ কথা স্মৰণ কৰি মমতাই কয়, হাতৰাছ-উন্নাওৰ দৰে ঘটনাৰ বাবে আপুনি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে। ইতিহাসে এই ঘৃণনীয় ঘটনাটো সদায়ে মনত ৰাখিব। প্ৰথমে ক্ষমা বিচাৰক, তাৰ পিছত ভোট বিচাৰক।’ নিৰ্বাচনী সভাৰ পৰাই মমতা বেনাৰ্জীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণক সমাজবাদী পাৰ্টিক ভোট দিবলৈ আহ্বান জনায়। তৃণমূল ৰচুপ্ৰিমোৱে কয়, ‘যদি আপুনি নতুন সূৰ্য্যোদয় চাব বিচাৰে, উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীক ভোট দিয়ক। কাৰণ কেৱল সমাজবাদী দলেহে উত্তৰ প্ৰদেশলৈ নতুন সূৰ্যৰ কিৰণ আনিব পাৰে। প্ৰসংগক্ৰমে মমতাই কয় যে আপোনালোকৰ সংস্কৃতি আৰু আমাৰ বংগৰ দৰেই একেই। গতিকে আপোনালোকে বেংগলে যি কৰিলে সেয়া কৰি দেখুৱাব পাৰে। তেতিয়া আমি একেলগে সহযাত্ৰী হ’ব পাৰিম। যদি অখিলেশ জয়ী হয়, তেওঁ লক্ষ্ণৌলৈ আকৌ অহাৰ প্ৰতিশ্ৰুতি দি যায়। লগতে এইটোও উল্লেখ কৰিছিল তেওঁ সমাজবাদী পাৰ্টীক সমৰ্থন কৰিবলৈ ১৫ তাৰিখে বাৰাণসীলৈ যাব। এই সভাতে মমতাই অখিলেশৰ সমৰ্থনত শ্ল'গান দিছিল। তেওঁ কয়, ‘মই বিজেপিক তেওঁলোকৰ শ্ল'গান ঘূৰাই দিছো আৰু আবকি বাৰ উত্তৰ প্ৰদেশ হৈছে অখিলেশৰ চৰকাৰ, আবকি বাৰ মাতৃ আৰু ভগ্নীসকলৰ চৰকাৰ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু