--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ প্ৰতিখন দেশৰ ৰেচিপিত শাক-পাচলি, চালাড বা যিকোনো খাদ্যত পিঁয়াজ ব্যৱহাৰ কৰা হয়। যদি পিঁয়াজৰ দাম বাঢ়ে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ জনসাধাৰণৰ ৰুচিৰ ওপৰত পৰে। পিঁয়াজ অবিহনে যিকোনো ৰেচিপিৰ সোৱাদ আধৰুৱা। খাদ্যত পিঁয়াজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু আপুনি জানেনে যে পিঁয়াজৰ লগতে ইয়াৰ বাকলিও সমানে উপযোগী। প্ৰায়ে আমি পিঁয়াজৰ বাকলি পেলাই দিওঁ, কিন্তু ইয়াৰ উপকাৰিতাৰ কথা জানিলে আপুনিও আচৰিত হ’ব।

 পিঁয়াজৰ বাকলি কেনেদৰে ব্যৱহাৰ কৰিব পাৰি জানি লওক-

১. চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ-পিঁয়াজৰ বাকলিত ভিটামিন-এ পোৱা যায়। যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ কাম কৰে। ইয়াৰ উপৰি চকুৰ লগত জড়িত ৰোগ যেনে- অন্ধতা দূৰ কৰাৰ কাম কৰে। পিয়াঁজৰ বাকলিবোৰ ভালদৰে উতলাই লৈ চেকি সেৱন কৰক। ইয়াৰ লগে লগে আপোনাৰ ছালৰৰ উজ্জ্বলতা বৃদ্ধি হয়।

২. ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰেঃ- ভিটামিন-এৰ উপৰি পিঁয়াজৰ বাকলিৰ ভিটামিন-চি পোৱা যায়। গতিকে চাহত উতলাই বা পানীৰ লগত উতলাই সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হয়। যাৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ আশংকাও কমি যায় আৰু শীতকালত চৰ্দি-কাহৰ সমস্যা দূৰ হয়।

৩. চুলিৰ যতন ল’ব পাৰিঃ-যদি আপোনাৰ চুলি ৰুক্ষ আৰু নিস্তেজ হৈ পৰিছে, তেতিয়া আপুনি পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে পানী অলপ লৈ তাত পিঁয়াজৰ বাকলিবোৰ দি এঘণ্টাৰ পাছত সেই পানীৰে চুলিখিনি ধুব। ইয়াৰ ফলত আপোনাৰ চুলি সৰা সমস্যা সমাধান হ’ব।

৪. হৃদৰোগৰ আশংকা দূৰ কৰেঃ-যদি আপুনি হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে পিঁয়াজৰ বাকলি এনেদৰে ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে বাকলিখিনি ভালদৰে পৰিষ্কাৰ কৰি কেৰাহীত পানী দি ভালদৰে উতলাই লওক। ঠাণ্ডা হ’লে এই পানী ভালদৰে চেকি লোৱাৰ পাছত সেৱন কৰক। ইয়াৰ ফলত আপোনাৰ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে