--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ প্ৰতিখন দেশৰ ৰেচিপিত শাক-পাচলি, চালাড বা যিকোনো খাদ্যত পিঁয়াজ ব্যৱহাৰ কৰা হয়। যদি পিঁয়াজৰ দাম বাঢ়ে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ জনসাধাৰণৰ ৰুচিৰ ওপৰত পৰে। পিঁয়াজ অবিহনে যিকোনো ৰেচিপিৰ সোৱাদ আধৰুৱা। খাদ্যত পিঁয়াজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু আপুনি জানেনে যে পিঁয়াজৰ লগতে ইয়াৰ বাকলিও সমানে উপযোগী। প্ৰায়ে আমি পিঁয়াজৰ বাকলি পেলাই দিওঁ, কিন্তু ইয়াৰ উপকাৰিতাৰ কথা জানিলে আপুনিও আচৰিত হ’ব।

 পিঁয়াজৰ বাকলি কেনেদৰে ব্যৱহাৰ কৰিব পাৰি জানি লওক-

১. চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ-পিঁয়াজৰ বাকলিত ভিটামিন-এ পোৱা যায়। যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ কাম কৰে। ইয়াৰ উপৰি চকুৰ লগত জড়িত ৰোগ যেনে- অন্ধতা দূৰ কৰাৰ কাম কৰে। পিয়াঁজৰ বাকলিবোৰ ভালদৰে উতলাই লৈ চেকি সেৱন কৰক। ইয়াৰ লগে লগে আপোনাৰ ছালৰৰ উজ্জ্বলতা বৃদ্ধি হয়।

২. ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰেঃ- ভিটামিন-এৰ উপৰি পিঁয়াজৰ বাকলিৰ ভিটামিন-চি পোৱা যায়। গতিকে চাহত উতলাই বা পানীৰ লগত উতলাই সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হয়। যাৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ আশংকাও কমি যায় আৰু শীতকালত চৰ্দি-কাহৰ সমস্যা দূৰ হয়।

৩. চুলিৰ যতন ল’ব পাৰিঃ-যদি আপোনাৰ চুলি ৰুক্ষ আৰু নিস্তেজ হৈ পৰিছে, তেতিয়া আপুনি পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে পানী অলপ লৈ তাত পিঁয়াজৰ বাকলিবোৰ দি এঘণ্টাৰ পাছত সেই পানীৰে চুলিখিনি ধুব। ইয়াৰ ফলত আপোনাৰ চুলি সৰা সমস্যা সমাধান হ’ব।

৪. হৃদৰোগৰ আশংকা দূৰ কৰেঃ-যদি আপুনি হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে পিঁয়াজৰ বাকলি এনেদৰে ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে বাকলিখিনি ভালদৰে পৰিষ্কাৰ কৰি কেৰাহীত পানী দি ভালদৰে উতলাই লওক। ঠাণ্ডা হ’লে এই পানী ভালদৰে চেকি লোৱাৰ পাছত সেৱন কৰক। ইয়াৰ ফলত আপোনাৰ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ