--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিজাব বিতৰ্কক লৈ এইবাৰ মুখ খুলিছে ‘ডংগল গাৰ্ল’ জাইৰা ৱাছিমে। জাইৰাই কয়, পছন্দ–অপছন্দ হিচাপে কোনেও হিজাব নিপিন্ধে। ইছলামত হিজাব পিন্ধাৰ বাধ্যবাধকতা আছে। আল্লাহৰ প্ৰতি একাত্ম হবলৈ হিজাব পিন্ধিব লাগে। হিজাব ব্যক্তিগত পছন্দৰ নহয়। যি মহিলাই হিজাব পিন্ধে, তেওঁ আল্লাহৰ ওচৰত নিজকে সঁপি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি কৃতজ্ঞতা আৰু নম্ৰতাৰ সৈতে হিজাব পিন্ধো। ধৰ্মীয় কৰ্তব্য পালনত মহিলাক বাধা দিয়া হৈছে আৰু হাৰাশাস্তি কৰা হৈছে।’’ জাইৰাই লগতে কয় যে ‘‘মুছলমান মহিলাসকলৰ শিক্ষা আৰু হিজাবৰ মাজত যিকোনো এটা বাচি ল’বলৈ কোৱা হৈছে। এনে এটা ব্যৱস্থা গঢ়ি তুলি মুছলমান মহিলাসকলৰ প্ৰতি অবিচাৰ কৰা হৈছে। নিজৰ সুবিধা আৰু উদ্দেশ্যৰ বাবে মুছলমান যুৱতীসকলক যিকোনো এটা বাচি ল’বলৈ কোৱা হৈছে। ইয়াৰ পিছতো তেওঁলোককে সমালোচনা কৰা হৈছে। এয়া খুবেই বেয়া আচৰণ।’’ উল্লেখ্য যে কংগনা ৰাণাৱটৰ পৰা জাভেদ আখটাৰলৈকে বহু তাৰকাই কৰ্ণাটকত চলি থকা হিজাব বিতৰ্কৰ ওপৰত মুকলিকৈ মাত মাতিছে। জাইৰা ৱাছিমে কৰ্ণাটকৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত হিজাবৰ ওপৰত ৰখা নিষেধাজ্ঞাক গৰিহণা দি এই দীঘলীয়া টোকা শ্বেয়াৰ কৰে। ২০১৬ চনত মুক্তিপ্ৰাপ্ত ‘ডংগল’ ছবিত অভিনয় কৰি জাইৰা ৱাছিমে এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল ‘স্কাই ইজ পিংক’ত। ২০১৯ চনত জাইৰাই ধৰ্মীয় আস্থাৰ দোহাই দি বলীউডক বিদায় জনাইছিল। আৰু পঢ়কঃ পুৱা শুই উঠিয়েই কেতিয়াও নাচাব এইবোৰ বস্তু! জীৱন হ’ব বিফল,নাথাকিব টকা

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ