--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিজাব বিতৰ্কক লৈ এইবাৰ মুখ খুলিছে ‘ডংগল গাৰ্ল’ জাইৰা ৱাছিমে। জাইৰাই কয়, পছন্দ–অপছন্দ হিচাপে কোনেও হিজাব নিপিন্ধে। ইছলামত হিজাব পিন্ধাৰ বাধ্যবাধকতা আছে। আল্লাহৰ প্ৰতি একাত্ম হবলৈ হিজাব পিন্ধিব লাগে। হিজাব ব্যক্তিগত পছন্দৰ নহয়। যি মহিলাই হিজাব পিন্ধে, তেওঁ আল্লাহৰ ওচৰত নিজকে সঁপি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি কৃতজ্ঞতা আৰু নম্ৰতাৰ সৈতে হিজাব পিন্ধো। ধৰ্মীয় কৰ্তব্য পালনত মহিলাক বাধা দিয়া হৈছে আৰু হাৰাশাস্তি কৰা হৈছে।’’ জাইৰাই লগতে কয় যে ‘‘মুছলমান মহিলাসকলৰ শিক্ষা আৰু হিজাবৰ মাজত যিকোনো এটা বাচি ল’বলৈ কোৱা হৈছে। এনে এটা ব্যৱস্থা গঢ়ি তুলি মুছলমান মহিলাসকলৰ প্ৰতি অবিচাৰ কৰা হৈছে। নিজৰ সুবিধা আৰু উদ্দেশ্যৰ বাবে মুছলমান যুৱতীসকলক যিকোনো এটা বাচি ল’বলৈ কোৱা হৈছে। ইয়াৰ পিছতো তেওঁলোককে সমালোচনা কৰা হৈছে। এয়া খুবেই বেয়া আচৰণ।’’ উল্লেখ্য যে কংগনা ৰাণাৱটৰ পৰা জাভেদ আখটাৰলৈকে বহু তাৰকাই কৰ্ণাটকত চলি থকা হিজাব বিতৰ্কৰ ওপৰত মুকলিকৈ মাত মাতিছে। জাইৰা ৱাছিমে কৰ্ণাটকৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত হিজাবৰ ওপৰত ৰখা নিষেধাজ্ঞাক গৰিহণা দি এই দীঘলীয়া টোকা শ্বেয়াৰ কৰে। ২০১৬ চনত মুক্তিপ্ৰাপ্ত ‘ডংগল’ ছবিত অভিনয় কৰি জাইৰা ৱাছিমে এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল ‘স্কাই ইজ পিংক’ত। ২০১৯ চনত জাইৰাই ধৰ্মীয় আস্থাৰ দোহাই দি বলীউডক বিদায় জনাইছিল। আৰু পঢ়কঃ পুৱা শুই উঠিয়েই কেতিয়াও নাচাব এইবোৰ বস্তু! জীৱন হ’ব বিফল,নাথাকিব টকা

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু