--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত আকৌ গুঞ্জৰিত হ’বলৈ গৈ আছে শিশুৰ খিলখিলনি। আলিয়া ভাটে এটি কন্যা সন্তান জন্ম দিয়াৰ পাছত বিপাশা বসুও হ’ল এটি কন্যা সন্তানৰ মাতৃ। শেহতীয়াকৈ বলীউডত গুণগুণনি বিয়পি পৰিছে যে পিতৃ হ’বলৈ আগবাঢ়িছে অভিনেতা বৰুণ ধাৱান। বৰুণ ধাৱনৰ পত্নী নাতাশাই অতি সোনকালে দিব এটা ভাল খবৰ। এই কথা আমি কোৱা নাই..কৈছে ছলমান খানে।

জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৬’-ই বহু কাৰণত শিৰোনাম দখল কৰি আছে। বিতৰ্কিত অনুষ্ঠানটোৰ আটাইতকৈ জনপ্ৰিয় খণ্ডটো হ’ল ‘উইকেণ্ড কা ৱাৰ’। ‘উইকেণ্ড কা ৱাৰ’ত আয়োজক ছলমান খান আহি সকলো প্ৰতিযোগীক ক্লাছ কৰে। কেৱল এয়াই নহয়, বলীউডৰ বহু চেলিব্ৰিটিকো এই অনুষ্ঠানত দেখা যায়। যোৱা শুকুৰবাৰৰ খণ্ডটোত য’ত ছানি লিঅ’ন আৰু অৰ্জুন বিজলানীয়ে তেওঁলোকৰ ৰিয়েলিটি শ্ব’ ‘স্প্লিটছভিলা ১৪’ (এমটিভি স্প্লিটছভিলা ১৪)ৰ প্ৰচাৰ কৰিবলৈ আহিছিল।

একে সময়তে বলীউডৰ তাৰকা বৰুণ ধৱন আৰু কৃতি সেননো তালৈ আহিছিল। বৰুণ ধাৱন আৰু কৃতি সেননে ছলমান খানৰ সৈতে বহু আনন্দৰ মুহূৰ্ত কটালে। কৃতি সেননৰ সৈতে নৃত্যও কৰিছিল ছলমানে। ইয়াৰ লগতে বৰুণ আৰু কৃতিয়ে খেল খেলিছিল, য’ত কৃতি জয়ী হৈছিল। কৃতিয়ে উপহাৰ হিচাপে পাইছিল বিগ বছৰ চকুটো। আনহাতে, ছলমানে বৰুণক দিছিল এটা বাঘৰ পুতলা।

ছলমান খানে যেতিয়া বৰুণ ধাৱনক বাঘৰ পুতলাটো দিয়ে, তেতিয়া বৰুণে সুধে ‘‘ভাই ইয়াৰ অৰ্থ কি।’’ ছলমানে কয়, ‘‘এইটো তোমাৰ সন্তানৰ বাবে থৈ দিয়া।’’ বৰুণে হাঁহি এটা মাৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, “মোৰ এতিয়াও বাচ্চা হোৱা নাই।” ছলমানে ধেমালিতে কয়, ‘‘হ’ব নহয় সোনকালে।’’ এই কথা শুনি বৰুণ ধাৱান লাজত ৰঙা হৈ পৰে।

বৰুণ ধাৱান যোৱা বছৰৰ জানুৱাৰী মাহত ফেশ্বন ডিজাইনাৰ নাটাশা দালালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বৰুণ ধাৱান আৰু নাটাছা দালাল বি-টাউনৰ অন্যতম মৰমলগা দম্পতী।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে বৰুণ ধাৱান আৰু কৃতি সেননৰ আগন্তুক ছবি ‘ভেড়িয়া’ ২০২২ চনৰ ২৫ নৱেম্বৰত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। বৰুণ ধাৱান আৰু কৃতি সেনন দুয়োগৰাকীয়ে এই কমেডী-হ’ৰৰ ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক