--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত আকৌ গুঞ্জৰিত হ’বলৈ গৈ আছে শিশুৰ খিলখিলনি। আলিয়া ভাটে এটি কন্যা সন্তান জন্ম দিয়াৰ পাছত বিপাশা বসুও হ’ল এটি কন্যা সন্তানৰ মাতৃ। শেহতীয়াকৈ বলীউডত গুণগুণনি বিয়পি পৰিছে যে পিতৃ হ’বলৈ আগবাঢ়িছে অভিনেতা বৰুণ ধাৱান। বৰুণ ধাৱনৰ পত্নী নাতাশাই অতি সোনকালে দিব এটা ভাল খবৰ। এই কথা আমি কোৱা নাই..কৈছে ছলমান খানে।

জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৬’-ই বহু কাৰণত শিৰোনাম দখল কৰি আছে। বিতৰ্কিত অনুষ্ঠানটোৰ আটাইতকৈ জনপ্ৰিয় খণ্ডটো হ’ল ‘উইকেণ্ড কা ৱাৰ’। ‘উইকেণ্ড কা ৱাৰ’ত আয়োজক ছলমান খান আহি সকলো প্ৰতিযোগীক ক্লাছ কৰে। কেৱল এয়াই নহয়, বলীউডৰ বহু চেলিব্ৰিটিকো এই অনুষ্ঠানত দেখা যায়। যোৱা শুকুৰবাৰৰ খণ্ডটোত য’ত ছানি লিঅ’ন আৰু অৰ্জুন বিজলানীয়ে তেওঁলোকৰ ৰিয়েলিটি শ্ব’ ‘স্প্লিটছভিলা ১৪’ (এমটিভি স্প্লিটছভিলা ১৪)ৰ প্ৰচাৰ কৰিবলৈ আহিছিল।

একে সময়তে বলীউডৰ তাৰকা বৰুণ ধৱন আৰু কৃতি সেননো তালৈ আহিছিল। বৰুণ ধাৱন আৰু কৃতি সেননে ছলমান খানৰ সৈতে বহু আনন্দৰ মুহূৰ্ত কটালে। কৃতি সেননৰ সৈতে নৃত্যও কৰিছিল ছলমানে। ইয়াৰ লগতে বৰুণ আৰু কৃতিয়ে খেল খেলিছিল, য’ত কৃতি জয়ী হৈছিল। কৃতিয়ে উপহাৰ হিচাপে পাইছিল বিগ বছৰ চকুটো। আনহাতে, ছলমানে বৰুণক দিছিল এটা বাঘৰ পুতলা।

ছলমান খানে যেতিয়া বৰুণ ধাৱনক বাঘৰ পুতলাটো দিয়ে, তেতিয়া বৰুণে সুধে ‘‘ভাই ইয়াৰ অৰ্থ কি।’’ ছলমানে কয়, ‘‘এইটো তোমাৰ সন্তানৰ বাবে থৈ দিয়া।’’ বৰুণে হাঁহি এটা মাৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, “মোৰ এতিয়াও বাচ্চা হোৱা নাই।” ছলমানে ধেমালিতে কয়, ‘‘হ’ব নহয় সোনকালে।’’ এই কথা শুনি বৰুণ ধাৱান লাজত ৰঙা হৈ পৰে।

বৰুণ ধাৱান যোৱা বছৰৰ জানুৱাৰী মাহত ফেশ্বন ডিজাইনাৰ নাটাশা দালালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বৰুণ ধাৱান আৰু নাটাছা দালাল বি-টাউনৰ অন্যতম মৰমলগা দম্পতী।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে বৰুণ ধাৱান আৰু কৃতি সেননৰ আগন্তুক ছবি ‘ভেড়িয়া’ ২০২২ চনৰ ২৫ নৱেম্বৰত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। বৰুণ ধাৱান আৰু কৃতি সেনন দুয়োগৰাকীয়ে এই কমেডী-হ’ৰৰ ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু