--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ এজন যুৱকে আকৌ এবাৰ প্ৰমাণ কৰিলে যে কিবা এটা কৰাৰ ইচ্ছাশক্তি থাকিলে কোনো শক্তিয়েই আপোনাক বাধা দিব নোৱাৰে। দেউতাকৰ চাহ ষ্টলত চাহ খাবলৈ ডাক্তৰ অহা দেখি ল'ৰাজনে আজি নিজেই ডাক্তৰ হ'বলৈ কঠিন নীট পৰীক্ষাত ক্লিয়াৰ কৰিলে। তেওঁ দেউতাকক এই কঠিন যাত্ৰাৰ বিষয়েও কেতিয়াও গম দিয়া নাছিল।

যুৱকগৰাকীৰ পিতৃয়ে চিকিৎসালয়ৰ বাহিৰত চাহ বিক্ৰী কৰে। পুত্ৰক ডাক্তৰ কৰাৰ সপোন এটা আছিল তেওঁৰ। কিন্তু সমস্যাটো হৈছে টকা। গতিকে পুত্ৰক পৰীক্ষাৰ বাবে কোচিং চেণ্টাৰত ভৰ্তি কৰাটো সম্ভৱ নহ’ল। কিন্তু পুত্ৰই দেউতাকৰ সপোনটোৰ কথা জানি ঘৰৰ পৰাই নিজাববীয়াকৈ কষ্ট কৰিবলৈ ধৰিলে, তাক পূৰণ কৰিবলৈ কোনো কোচিং বা গাইডেন্স নোহোৱাকৈ। ঘৰতে পঢ়া-শুনা কৰি আৰু ইউটিউবৰ সহায়ত নীট ক্লিয়াৰ কৰে। 

এই বিশেষ যুৱকজন ওড়িশাৰ ফুলবানীৰ মাষ্টাৰপাৰাৰ বাসিন্দা সুৰজ কুমাৰ বেহেৰা । পিতৃৰ সপোন পূৰণ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে। চিবা শংকৰ বেহেৰাৰ জ্যেষ্ঠ পুত্ৰ সূৰজ কুমাৰ বেহেৰাই মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৬৩৫ নম্বৰ লাভ কৰে। সাধাৰণ শাখাত তেওঁৰ স্থান ৮০৫৬।

শিৱশংকৰে উল্লেখ কৰে যে আৰ্থিক সংকটৰ মাজতো তেওঁ নিজৰ সন্তানক উত্তম শিক্ষা দিবলৈ চেষ্টা কৰিছিল। তেওঁ কয় যে তেওঁৰ সৰু পুত্ৰই বুৰ্লাৰ ভি এছ এছ ইউ টিত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছে। তেওঁ কেতিয়াও সুৰজক নিৰুৎসাহিত কৰা নাছিল। তদুপৰি সূৰজে পঢ়া-শুনা কৰিও চাহ দোকানতো সহায় কৰিছিল বুলি উল্লেখ কৰে।

সুৰজ আৰু দেউতাক এই সফলতাত সুখী হোৱাৰ বিপৰীতে  ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে। পুত্ৰৰ এই সফলতাত তেওঁ অতি সুখী যদিও উচ্চ শিক্ষাৰ পাঁচ বছৰৰ খৰচৰ বাবে চিন্তিত বুলিও তেওঁ কয়।  দুখৰ বিষয় যে সুৰাজৰ উন্নত শিক্ষাৰ বাবে তেওঁলোকৰ নিজা ঘৰ বা মাটিও নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী