--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ এজন যুৱকে আকৌ এবাৰ প্ৰমাণ কৰিলে যে কিবা এটা কৰাৰ ইচ্ছাশক্তি থাকিলে কোনো শক্তিয়েই আপোনাক বাধা দিব নোৱাৰে। দেউতাকৰ চাহ ষ্টলত চাহ খাবলৈ ডাক্তৰ অহা দেখি ল'ৰাজনে আজি নিজেই ডাক্তৰ হ'বলৈ কঠিন নীট পৰীক্ষাত ক্লিয়াৰ কৰিলে। তেওঁ দেউতাকক এই কঠিন যাত্ৰাৰ বিষয়েও কেতিয়াও গম দিয়া নাছিল।

যুৱকগৰাকীৰ পিতৃয়ে চিকিৎসালয়ৰ বাহিৰত চাহ বিক্ৰী কৰে। পুত্ৰক ডাক্তৰ কৰাৰ সপোন এটা আছিল তেওঁৰ। কিন্তু সমস্যাটো হৈছে টকা। গতিকে পুত্ৰক পৰীক্ষাৰ বাবে কোচিং চেণ্টাৰত ভৰ্তি কৰাটো সম্ভৱ নহ’ল। কিন্তু পুত্ৰই দেউতাকৰ সপোনটোৰ কথা জানি ঘৰৰ পৰাই নিজাববীয়াকৈ কষ্ট কৰিবলৈ ধৰিলে, তাক পূৰণ কৰিবলৈ কোনো কোচিং বা গাইডেন্স নোহোৱাকৈ। ঘৰতে পঢ়া-শুনা কৰি আৰু ইউটিউবৰ সহায়ত নীট ক্লিয়াৰ কৰে। 

এই বিশেষ যুৱকজন ওড়িশাৰ ফুলবানীৰ মাষ্টাৰপাৰাৰ বাসিন্দা সুৰজ কুমাৰ বেহেৰা । পিতৃৰ সপোন পূৰণ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে। চিবা শংকৰ বেহেৰাৰ জ্যেষ্ঠ পুত্ৰ সূৰজ কুমাৰ বেহেৰাই মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৬৩৫ নম্বৰ লাভ কৰে। সাধাৰণ শাখাত তেওঁৰ স্থান ৮০৫৬।

শিৱশংকৰে উল্লেখ কৰে যে আৰ্থিক সংকটৰ মাজতো তেওঁ নিজৰ সন্তানক উত্তম শিক্ষা দিবলৈ চেষ্টা কৰিছিল। তেওঁ কয় যে তেওঁৰ সৰু পুত্ৰই বুৰ্লাৰ ভি এছ এছ ইউ টিত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছে। তেওঁ কেতিয়াও সুৰজক নিৰুৎসাহিত কৰা নাছিল। তদুপৰি সূৰজে পঢ়া-শুনা কৰিও চাহ দোকানতো সহায় কৰিছিল বুলি উল্লেখ কৰে।

সুৰজ আৰু দেউতাক এই সফলতাত সুখী হোৱাৰ বিপৰীতে  ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে। পুত্ৰৰ এই সফলতাত তেওঁ অতি সুখী যদিও উচ্চ শিক্ষাৰ পাঁচ বছৰৰ খৰচৰ বাবে চিন্তিত বুলিও তেওঁ কয়।  দুখৰ বিষয় যে সুৰাজৰ উন্নত শিক্ষাৰ বাবে তেওঁলোকৰ নিজা ঘৰ বা মাটিও নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু