--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান পৃথিৱীত ৰবটবোৰ হয়তো মানুহতকৈ অধিক দক্ষ হৈ পৰিছে । বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি ৰবটৰ সৈতে বিভিন্ন পৰীক্ষা-সম্পৰীক্ষা চলাই আছে। মহাকাশযান চলোৱাৰ পৰা দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্যকলাপ কৰালৈকে, সকলোতে ৰবটৰ ব্যৱহাৰ সম্ভৱ হৈ উঠিছে।ৰবটৰ এনেবোৰ গুণৰ বাবেই পুঁজিপতি মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে পৃথিৱীৰ আটাইতকৈ মূল্যৱান ৰবট৷  

মুকেশ আম্বানী পৃথিৱীৰ অন্যতম ধনী ব্যক্তি। সেয়েহে পৰিয়ালৰ যিকোনো চখ পূৰণ কৰাটো তেওঁৰ বাওঁহাতৰ খেল। মুকেশ আম্বানীয়ে বহুত টকা খৰচ কৰি তেওঁৰ পত্নীক উপহাৰ দিছিল  পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ৰবটটো । এই খবৰটো সমগ্ৰ দেশতে চৰ্চিত হৈ আছে। ৰবটটোৰ মূল্য আৰু ইয়াৰ কাৰ্যক্ষমতা জানিও আপুনিও হয়তো আচৰিত হ’ব

এই ৰবটটোৰ বিশেষত্ব হ'ল ই গৰাকীৰ ইচ্ছা অনুসৰি  সকলো কাৰ্যকলাপ কৰিব পাৰে। অৰ্থাৎ, নীতা আম্বানীয়ে যেতিয়াই বিচাৰে ৰবটটো ব্যৱহাৰ কৰিব পাৰিব৷ 

এনে এটা ৰবটৰ মূল্য ৩ বিলিয়নতকৈও অধিক। কোটি কোটি টকাৰ গৰাকী হ’লেহে এনে ৰবট ক্ৰয় কৰিব পাৰি। এই বিশেষ ৰবটটোৰ  মূল্য ৩,৬৯৭,৬৬৪,৬০০.০০ টকাৰ পৰা ৯,৪১২,৪৩৬,৬০০.০০ টকা হ'ব পাৰে। এক কথাত  নীতা আম্বানীৰ এই চখৰ মূল্য সাধাৰণ মানুহৰ কল্পনাৰো বাহিৰত। এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে, নীতা আম্বানীয়ে কি উদ্দেশ্যৰ বাবে ইমান ব্যয়বহুল ৰবট ক্ৰয় কৰিলে?

শুনা গৈছে যে নীতা আম্বানীয়ে ঘৰুৱা কামৰ বাবেই ৰবটটো ক্ৰয় কৰিছে। আনহাতে , আম্বানী পৰিয়ালত সেৱকৰ কোনো অভাৱ নাই। শুনা গৈছে যে আম্বানী হাউচ 'এণ্টিলিয়া'ত সেৱকৰ সংখ্যা এক হাজাৰতকৈও অধিক। তথাপিও, নীতা আম্বানীয়ে তেওঁৰ  ঘৰুৱা  কাম সম্পন্ন কৰিবলৈ ইমান ব্যয়বহুল 
ৰবট ক্ৰয় কৰাটো আশ্চৰ্যকৰ৷ 

মুকেশ আম্বানীয়ে প্ৰতি ছেকেণ্ডত কোটি টকা উপাৰ্জন কৰে। তেন্তে তেওঁৰ পত্নী আৰু পৰিয়ালে এটা ৰাজকীয় জীৱন যাপন কৰাটো এক স্বাভাৱিক কথা৷ নীতা আম্বানীয়ে ৰাতিপুৱাৰ চাহ খোৱা কাপটোৰেই  মূল্য ৩ লাখ টকা! তেওঁ প্ৰতিদিনে খোৱা পানী এটা বিদেশী পানীৰ ব্ৰেণ্ডৰ পৰাও আহে, যি টো পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পানীৰ ব্ৰেণ্ড বুলি জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু