--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ সফল অভিনেতাসমূহৰ ভিতৰত অন্যতম অনু কাপুৰ। তেওঁ বলীউডৰ বহুতো সফল চিনেমাত অভিনয় কৰিছে। শেহতীয়াকৈ অনু কাপুৰৰ নামটো চৰ্চাত আহিছে এটা বিশেষ কাৰণত। অনুৱে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ সন্দৰ্ভত এক মন্তব্য কৰে, সেই মন্তব্যক লৈ আৰম্ভ হৈছে চৰ্চা। অনু কাপুৰ আৰু প্ৰিয়ংকা চোপ্ৰাই একেলগে 'এইটৰাজ' আৰু 'সাত খুন মাফ'ত অভিনয় কৰিছে। 'সাত খুন মাফ'ত প্ৰিয়ংকা চোপ্ৰাৰ ৭ জন স্বামী আছিল। সেই ৭জন স্বামীৰ ভিতৰত এজন স্বামী আছিল অনু কাপুৰ। বাকী ৬ জন স্বামীৰ চৰিত্ৰত অভিনয় কৰিছিল ইৰফান খান, নাছিৰুদ্দিন শ্বাহ, নীল নীতিন মুকেশ, জন আব্ৰাহাম, ভিভান শ্বাহ আৰু আলেকজেণ্ডাৰ ডায়াছেনকোৱে। অনু কাপুৰে এক সাক্ষাৎকাৰত কৈছিল যে ''প্ৰিয়ংকা চোপ্ৰাই মোৰ সৈতে অন্তৰংগ দৃশ্যত অভিনয় কৰিবলৈ সন্মত হোৱা নাছিল কিয়নো মই দেখিবলৈ বেয়া। মই যদি দেখাত সুন্দৰ নায়ক হ'লোহেঁতেন প্ৰিয়ংকা চোপ্ৰাই মোৰ সৈতেও অন্তৰংগ দৃশ্য কৰিলেহেঁতেন।প্ৰিয়ংকাৰ নায়কসকলৰ সৈতে অন্তৰংগ দৃশ্য কৰাত কোনো সমস্যা নাই।'' এই মন্তব্য চৰ্চালৈ অহাৰ পাছত প্ৰিয়ংকা চোপ্ৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। প্ৰিয়ংকাই কৈছিল "যদি কোনোবাই অন্তৰংগ দৃশ্যত অভিনয় কৰিব বিচাৰে আৰু এনে নীচ মন্তব্য কৰিব বিচাৰে তেন্তে তেওঁ তেনে ধৰণৰ চিনেমাত কাম কৰা উচিত। মই কৰা চিনেমাখনৰ চিত্ৰনাট্যত তেনে কোনো দৃশ্য নাছিল।’’ প্ৰিয়ংকাৰ এই প্ৰতিক্ৰিয়াৰ পাছত যেতিয়া অনু কাপুৰৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰা হৈছিল তেতিয়া অনু কাপুৰে কৈছিল, ''মই প্ৰিয়ংকাৰ বিৰুদ্ধে কোনো কথা কোৱা নাই। প্ৰিয়ংকাৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰো বা মেৰিল ষ্ট্ৰীপছৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰো মানুহে মোক প্ৰতিভাৰ কাৰণেহে চিনি পাব। প্ৰিয়ংকাই এই কথাটোক ইমান ছিৰিয়াচলি ল'ব নালাগে।'' আৰু পঢ়কঃ আদৰ্শ! পুত্ৰৰ মৃত্যুৰ পাছত বোৱাৰীক প্ৰৱক্তা ৰূপে গঢ়ি অন্য যুৱকলৈ বিয়া দিলে শাহুৱেকে

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু