--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ সফল অভিনেতাসমূহৰ ভিতৰত অন্যতম অনু কাপুৰ। তেওঁ বলীউডৰ বহুতো সফল চিনেমাত অভিনয় কৰিছে। শেহতীয়াকৈ অনু কাপুৰৰ নামটো চৰ্চাত আহিছে এটা বিশেষ কাৰণত। অনুৱে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ সন্দৰ্ভত এক মন্তব্য কৰে, সেই মন্তব্যক লৈ আৰম্ভ হৈছে চৰ্চা। অনু কাপুৰ আৰু প্ৰিয়ংকা চোপ্ৰাই একেলগে 'এইটৰাজ' আৰু 'সাত খুন মাফ'ত অভিনয় কৰিছে। 'সাত খুন মাফ'ত প্ৰিয়ংকা চোপ্ৰাৰ ৭ জন স্বামী আছিল। সেই ৭জন স্বামীৰ ভিতৰত এজন স্বামী আছিল অনু কাপুৰ। বাকী ৬ জন স্বামীৰ চৰিত্ৰত অভিনয় কৰিছিল ইৰফান খান, নাছিৰুদ্দিন শ্বাহ, নীল নীতিন মুকেশ, জন আব্ৰাহাম, ভিভান শ্বাহ আৰু আলেকজেণ্ডাৰ ডায়াছেনকোৱে। অনু কাপুৰে এক সাক্ষাৎকাৰত কৈছিল যে ''প্ৰিয়ংকা চোপ্ৰাই মোৰ সৈতে অন্তৰংগ দৃশ্যত অভিনয় কৰিবলৈ সন্মত হোৱা নাছিল কিয়নো মই দেখিবলৈ বেয়া। মই যদি দেখাত সুন্দৰ নায়ক হ'লোহেঁতেন প্ৰিয়ংকা চোপ্ৰাই মোৰ সৈতেও অন্তৰংগ দৃশ্য কৰিলেহেঁতেন।প্ৰিয়ংকাৰ নায়কসকলৰ সৈতে অন্তৰংগ দৃশ্য কৰাত কোনো সমস্যা নাই।'' এই মন্তব্য চৰ্চালৈ অহাৰ পাছত প্ৰিয়ংকা চোপ্ৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। প্ৰিয়ংকাই কৈছিল "যদি কোনোবাই অন্তৰংগ দৃশ্যত অভিনয় কৰিব বিচাৰে আৰু এনে নীচ মন্তব্য কৰিব বিচাৰে তেন্তে তেওঁ তেনে ধৰণৰ চিনেমাত কাম কৰা উচিত। মই কৰা চিনেমাখনৰ চিত্ৰনাট্যত তেনে কোনো দৃশ্য নাছিল।’’ প্ৰিয়ংকাৰ এই প্ৰতিক্ৰিয়াৰ পাছত যেতিয়া অনু কাপুৰৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰা হৈছিল তেতিয়া অনু কাপুৰে কৈছিল, ''মই প্ৰিয়ংকাৰ বিৰুদ্ধে কোনো কথা কোৱা নাই। প্ৰিয়ংকাৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰো বা মেৰিল ষ্ট্ৰীপছৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰো মানুহে মোক প্ৰতিভাৰ কাৰণেহে চিনি পাব। প্ৰিয়ংকাই এই কথাটোক ইমান ছিৰিয়াচলি ল'ব নালাগে।'' আৰু পঢ়কঃ আদৰ্শ! পুত্ৰৰ মৃত্যুৰ পাছত বোৱাৰীক প্ৰৱক্তা ৰূপে গঢ়ি অন্য যুৱকলৈ বিয়া দিলে শাহুৱেকে

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু