--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোটেই দেশখন বৰফেৰে আৱৰি ধৰিছে। ডিচেম্বৰৰ শেষৰ ফালে চীনত শীতল ঢৌৱে আঘাত হানিছে। প্ৰায় চাৰি দশকৰ পাছত চীনে উষ্ণতাৰ অভিলেখ ভংগ কৰিলে। স্থানীয় বতৰ বিজ্ঞান বিভাগৰ মতে, ১৯৮০ চনৰ পৰা চীনত ইমান ঠাণ্ডা হোৱা নাই।

চীনত চলিত বৰ্ষৰ সৰ্বনিম্ন উষ্ণতাই পূৰ্বৰ চাৰি দশকৰ অভিলেখ ভংগ কৰিছে। ১৯৮০ চনৰ জানুৱাৰী মাহত চীনৰ হেইলংজিয়াঙৰ য়িচুন প্ৰদেশত সৰ্বনিম্ন উষ্ণতা -৪৭.৯ ডিগ্ৰী চেলছিয়াছ।

চীনৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এই সপ্তাহত চীনৰ তাপমাত্ৰা -৪৭.৯ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামিছে। কেইবাটাও স্থানত শীতল সোঁতৰ প্ৰভাৱত চীনৰ অৱস্থা দুখজনক হৈ পৰিছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা জাৰি কৰিছে। চীনৰ শ্বাংচি, হেবেই আৰু লিয়াওনিং প্ৰদেশ আটাইতকৈ বেয়া। এই সকলোবোৰ অঞ্চলতে উষ্ণতা যথেষ্ট হ্ৰাস পাইছে।

যান-জঁটৰ কথা বাদেই, ৰাস্তাটো এনেদৰে বৰফেৰে আবৃত হৈ আছে যে বাসিন্দাসকলৰ বাবে খোজকাঢ়ি যোৱাটোও কঠিন হৈ পৰিছে। বৰফ গলিবলৈ অহৰহ ফুটপাথত নিমখ চটিওৱা হৈছে। প্ৰয়োজন নহ’লে আৱাসীসকল ঘৰতে আৱদ্ধ হৈ থাকে।

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা সপ্তাহৰ পৰা বেইজিঙৰ বিদ্যালয়সমূহ শীতল বৃদ্ধিৰ বাবে বন্ধ হৈ আছে। শীতল বতৰ শেষ হ’লেই বিদ্যালয়খন খোলাৰ সিদ্ধান্ত লোৱা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

স্থানীয় সংবাদ সংস্থাটোৰ মতে, শীতল বতৰৰ বাবে বিদ্যুতৰ খুঁটা মেৰামতিৰ বাবে ৮০০খন ড্ৰ’ন উৰুৱাই দিয়া হৈছে। স্থানীয় বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি অহা কেইদিনমানৰ ভিতৰত জিনজিয়াং, ছিচুয়ান, চংকিং, গুইজৌ, গুৱাংচি, গুৱাংডং প্ৰদেশৰ তাপমাত্ৰা ৫ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ