--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখ্যাত গজল গায়ক ভূপিন্দৰ সিং আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট গজল কণ্ঠশিল্পী ভূপিন্দৰ সিঙে সোমবাৰে ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ‘নাম গুম জায়েগা’ আৰু ‘দিল ধুন্দতা হে’ৰ বাবে ভাৰতীয় সংগীত প্ৰেমীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল ভূপিন্দৰ সিং। তেওঁৰ পত্নী তথা কণ্ঠশিল্পী মিতালী সিঙে মহান কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ বিষয়ে অৱগত কৰে। গভীৰ কণ্ঠৰ বাবে জনাজাত আছিল ভূপিন্দৰ সিং। বলীউডৰ বহু গীতত তেওঁ নিজৰ কণ্ঠ নিগৰাইছিল। সোমবাৰে সন্ধিয়া গায়কজনৰ মৃত্যুৰ বিষয়ে তথ্য দি তেওঁৰ পত্নী মিথালীয়ে কয় যে তেওঁ কিছুদিনৰ পৰা কেইবাটাও স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। মলাশয়ৰ কৰ্কট ৰোগ , কোভিড-১৯ আৰু হৃদৰোগ সম্পৰ্কীয় জটিলতাৰ বাবেই মৃত্যু হোৱা বুলি সদৰী কৰে চিকিৎসকে।

সোমবাৰে নিশা ঘনিষ্ঠ লোকৰ উপস্থিতিত কণ্ঠশিল্পীগৰাকীৰ শেষ ৰীতি-নীতি সম্পন্ন কৰা হৈছে। তথ্য অনুসৰি, কৰ’নাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। আজি ​​পুৱা ১১.৩০ বজাত ওশিৱাৰা শ্মশানত ভূপিন্দৰ সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব। বলীউডৰ বহু বিখ্যাত গীতৰ বাবেই ভূপিন্দৰ সিং জনাজাত। ‘মৌচম’, ‘সত্তে পে সত্তা", ‘আহিস্তা আহিস্তা’, ‘দুৰিয়া’, ‘হাকীকত’ আদি বহুতো চিনেমাৰ গীতত তেওঁ কণ্ঠদান কৰিছিল। ভূপিন্দৰ সিঙক ‘দো দিৱানে শ্বেহাৰ মে’, ‘এক আকেলা ইজ শ্বেহাৰ মে’, ‘থোৰি চি জমিন থোৰা আছমান’, ‘দুনিয়া চুটে য়াৰ না চুটে’ আৰু ‘কৰোগে য়াদ তো’ ‘হোকে মজবুৰ মুঝে’, ‘উচকে বুলা হোগা’, ‘দিল ধূুন্দতা হায়’, ‘দুকি পে দুকি হো’, ‘সত্তে পে সত্তা’ আদি গীতৰ বাবে জনা যায়। ভূপিন্দৰ সিং এজন প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞ আৰু প্ৰধানকৈ এজন গজল গায়ক আছিল। সৰুতে দেউতাকৰ পৰা গীটাৰ বজাবলৈ শিকিছিল। দিল্লীলৈ অহাৰ পিছত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ত গায়ক আৰু গীটাৰবাদক হিচাপে কাম কৰিছিল। 

সংগীত সুৰকাৰ মদন মোহনে ১৯৬৪ চনত তেওঁক প্ৰথমটো ডাঙৰ সুবিধা দিছিল। ১৯৪০ চনৰ ৬ ফেব্ৰুৱাৰীত পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰিছিল ভূপিন্দৰ সিঙে। তেওঁৰ পিতৃ অধ্যাপক নাথা সিঙে আছিল এজন মহান সংগীতজ্ঞ। ১৯৭৮ চনত মুক্তি পোৱা এখন চিনেমাত গুলজাৰে ৰচনা কৰা ‘ৱহ জো চহৰ থা’ গীতটোৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে। ১৯৮০ চনত বাংলা গায়িকা মিতালী মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ভূপিন্দৰ সিং। অৱশ্যে দুয়োৰে কোনো সন্তান নাই। মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে ভূপিন্দৰ সিঙে অসমীয়া গীতো গাই থৈ গৈছে। অকণ ছবিত ৰং ৰং নানা ৰং, আমি ভাইটি, ভণ্টি, নয়নমণি ছবিত নয়নমণি,নয়নমণি, মা তুমি খেলিবানে, ঘিট মিট এন্ধাৰ আদি গানত কণ্ঠ দিছিল। প্ৰাগ নিউজৰ ফালৰ পৰা ভূপিন্দৰ সিঙৰ মৃত্যুত জনালো গভীৰ শ্ৰদ্ধাঞ্জলি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ