--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখ্যাত গজল গায়ক ভূপিন্দৰ সিং আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট গজল কণ্ঠশিল্পী ভূপিন্দৰ সিঙে সোমবাৰে ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ‘নাম গুম জায়েগা’ আৰু ‘দিল ধুন্দতা হে’ৰ বাবে ভাৰতীয় সংগীত প্ৰেমীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল ভূপিন্দৰ সিং। তেওঁৰ পত্নী তথা কণ্ঠশিল্পী মিতালী সিঙে মহান কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ বিষয়ে অৱগত কৰে। গভীৰ কণ্ঠৰ বাবে জনাজাত আছিল ভূপিন্দৰ সিং। বলীউডৰ বহু গীতত তেওঁ নিজৰ কণ্ঠ নিগৰাইছিল। সোমবাৰে সন্ধিয়া গায়কজনৰ মৃত্যুৰ বিষয়ে তথ্য দি তেওঁৰ পত্নী মিথালীয়ে কয় যে তেওঁ কিছুদিনৰ পৰা কেইবাটাও স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। মলাশয়ৰ কৰ্কট ৰোগ , কোভিড-১৯ আৰু হৃদৰোগ সম্পৰ্কীয় জটিলতাৰ বাবেই মৃত্যু হোৱা বুলি সদৰী কৰে চিকিৎসকে।

সোমবাৰে নিশা ঘনিষ্ঠ লোকৰ উপস্থিতিত কণ্ঠশিল্পীগৰাকীৰ শেষ ৰীতি-নীতি সম্পন্ন কৰা হৈছে। তথ্য অনুসৰি, কৰ’নাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। আজি ​​পুৱা ১১.৩০ বজাত ওশিৱাৰা শ্মশানত ভূপিন্দৰ সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব। বলীউডৰ বহু বিখ্যাত গীতৰ বাবেই ভূপিন্দৰ সিং জনাজাত। ‘মৌচম’, ‘সত্তে পে সত্তা", ‘আহিস্তা আহিস্তা’, ‘দুৰিয়া’, ‘হাকীকত’ আদি বহুতো চিনেমাৰ গীতত তেওঁ কণ্ঠদান কৰিছিল। ভূপিন্দৰ সিঙক ‘দো দিৱানে শ্বেহাৰ মে’, ‘এক আকেলা ইজ শ্বেহাৰ মে’, ‘থোৰি চি জমিন থোৰা আছমান’, ‘দুনিয়া চুটে য়াৰ না চুটে’ আৰু ‘কৰোগে য়াদ তো’ ‘হোকে মজবুৰ মুঝে’, ‘উচকে বুলা হোগা’, ‘দিল ধূুন্দতা হায়’, ‘দুকি পে দুকি হো’, ‘সত্তে পে সত্তা’ আদি গীতৰ বাবে জনা যায়। ভূপিন্দৰ সিং এজন প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞ আৰু প্ৰধানকৈ এজন গজল গায়ক আছিল। সৰুতে দেউতাকৰ পৰা গীটাৰ বজাবলৈ শিকিছিল। দিল্লীলৈ অহাৰ পিছত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ত গায়ক আৰু গীটাৰবাদক হিচাপে কাম কৰিছিল। 

সংগীত সুৰকাৰ মদন মোহনে ১৯৬৪ চনত তেওঁক প্ৰথমটো ডাঙৰ সুবিধা দিছিল। ১৯৪০ চনৰ ৬ ফেব্ৰুৱাৰীত পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰিছিল ভূপিন্দৰ সিঙে। তেওঁৰ পিতৃ অধ্যাপক নাথা সিঙে আছিল এজন মহান সংগীতজ্ঞ। ১৯৭৮ চনত মুক্তি পোৱা এখন চিনেমাত গুলজাৰে ৰচনা কৰা ‘ৱহ জো চহৰ থা’ গীতটোৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে। ১৯৮০ চনত বাংলা গায়িকা মিতালী মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ভূপিন্দৰ সিং। অৱশ্যে দুয়োৰে কোনো সন্তান নাই। মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে ভূপিন্দৰ সিঙে অসমীয়া গীতো গাই থৈ গৈছে। অকণ ছবিত ৰং ৰং নানা ৰং, আমি ভাইটি, ভণ্টি, নয়নমণি ছবিত নয়নমণি,নয়নমণি, মা তুমি খেলিবানে, ঘিট মিট এন্ধাৰ আদি গানত কণ্ঠ দিছিল। প্ৰাগ নিউজৰ ফালৰ পৰা ভূপিন্দৰ সিঙৰ মৃত্যুত জনালো গভীৰ শ্ৰদ্ধাঞ্জলি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক