--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানিমুনি (Centella Asiatica) আমাৰ সকলোৰে পৰিচিত এবিধ শাক। ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। মানিমুনি দুবিধ পোৱা যায়। এবিধ সৰু মানিমুনি আৰু এবিধ ডাঙৰ মানিমুনি। মানিমুনি কেঁচা চাটনি, ভাজি, আঞ্জা বনাইও খাব পাৰি। মাছৰ লগতো মানিমুনি শাকৰ জোল খাবলৈ বৰ ভাল। বাৰীত সহজতে পোৱা মানিমুনিৰ উপকাৰিতাৰ বিষয়ে জানো আহক-


১)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে।

২) গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত, উচ্চ ৰক্তচাপ,স্নায়বিক দুৰ্বলতা, অনিদ্ৰা ৰোগত মনিমুনিৰ ৰস উপকাৰী ।

৩)গোধ (Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।

৪)মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ আতৰ হয় ৷

৫)মানিমুনি খালে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।

৬)পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত মানিমুনি অতি উপযোগী ঔষধি৷

৭)মানিমুনি মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ হয়৷

৮)মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।


৯)মানিমুনি হেপাটাইটিচ-বি ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয় ৷

১০)মানিমুনি কাঁহ,জ্বৰ,টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ৷

১১)মানিমুনিয়ে স্নায়ুতন্ত্ৰৰ উপকাৰিতা- মগজুৰ সতেজতা,সক্ৰিয়তা,স্মৃতিশক্তি বঢ়ায় ৷

১২)ই লিভাৰৰ বাবে অতিকৈ উপযোগী।

১৩)মানিমুনিয়ে চৰ্মৰোগ- চ’ৰিয়’চিচ, খৰ, খহু,খজুৱতি,এলাৰ্জি, লুপাচ আদি নিৰাময় কৰে।

১৪)মানিমুনি মহিলাৰ জৰায়ুত ঘাঁ, বগাস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ্য ৷

১৫)মানিমুনিয়ে চুলি গজাত সহায় কৰে আৰু চুলি সৰা ৰোধ কৰে।

১৬)মানিমুনি খালে হজম শক্তি বৃদ্ধি হয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement