--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যস্ত জীৱনত টোপনিৰ মূল্য প্ৰায়ে কম কৰা হয়। যদিও টোপনিক সুস্বাস্থ্যৰ মূল স্তম্ভ হিচাপে জনা যায়,তথাপিও বেছিভাগ মানুহেই টোপনিক অগ্ৰাধিকাৰ নিদিয়ে৷যাৰ ফলত টোপনিৰ প্ৰকৃত লাভপ্ৰাপ্তিৰ পৰা বহু লোক বঞ্চিত হয়৷

এটা কথা প্ৰামাণিত যে সম্পূৰ্ণ ৭-৮ ঘণ্টা টোপনি নিশ্চিত  কৰাটো অতিশয় জৰুৰী।শেহতীয়াকৈ কৰা গৱেষণাৰ পৰা ধাৰাবাহিকভাৱে দেখা গৈছে যে যিসকলে মাজনিশাৰ আগতে শুই যায় তেওঁলোকে স্বাস্থ্যৰ বাবে অসংখ্য উপকাৰ লাভ কৰে। নিয়মীয়াকৈ আগতীয়াকৈ শুই থকাৰ সময় আমাৰ প্ৰাকৃতিক চাৰ্কেডিয়ান ছন্দৰ সৈতে মিল খায়, যাৰ ফলত শক্তিৰ মাত্ৰা বৃদ্ধি পায় আৰু মানসিক স্বাস্থ্য উন্নত হয়।

অধ্যয়নত দেখা গৈছে যে পূৰ্বৰ সময়ৰ লগত টোপনিৰ সময়সীমা সালসলনি কৰা আৰু দেৰিলৈকে জাগি থকাসল হতাশা আৰু মানসিক চাপ অনুভৱ কৰে।

গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ সৌৰভ ছেঠীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মাজনিশাৰ পাছত শোৱাৰ ক্ষতিকাৰক প্ৰভাৱ আৰু গভীৰ নিশা শুবলৈ গ’লে শৰীৰৰ কি হয় সেই কথা প্ৰকাশ কৰিছে।তেখেতৰ মতে দেৰিকৈ শোৱা অভ্যাসে মেদবহুলতা, ডায়েবেটিছ, হৃদযন্ত্ৰৰ ৰোগ, আনকি কিছুমান বিশেষ কেন্সাৰকে ধৰি অসংখ্য ৰোগৰ সৃষ্টি কৰিব।টোপনিৰ অভাৱৰ পৰিণতি ব্যক্তিগত স্বাস্থ্যৰ বাহিৰলৈও বিস্তৃত। টোপনিৰ অভাৱে বিচাৰ আৰু প্ৰতিক্ৰিয়াৰ সময় ক্ষতিগ্ৰস্ত কৰিব পাৰে, যাৰ ফলত দুৰ্ঘটনা আৰু আঘাতৰ সম্ভাৱনা বৃদ্ধি পায়। কৰ্মক্ষেত্ৰ বা বিদ্যালয়ত কৰ্মক্ষমতাতো প্ৰভাৱ পেলাব পাৰে৷

উন্নত টোপনিৰ অভ্যাস গঢ়ি তুলিবলৈ বিশেষজ্ঞসকলে এটা সামঞ্জস্যপূৰ্ণ টোপনিৰ সময়সূচী স্থাপন কৰা, অনুকূল টোপনিৰ পৰিৱেশ সৃষ্টি কৰা আৰু শুই উঠাৰ পাছত কেফেইনৰ দৰে উদ্দীপক পদাৰ্থ এৰাই চলাৰ পৰামৰ্শ দিয়ে।

ইয়াৰ উপৰিও ৰাতিপুৱাৰ ব্যায়াম আৰু স্বাস্থ্যসন্মত ব্ৰেকফাষ্টে টোপনিৰ মানদণ্ড আৰু সামগ্ৰিকভাৱে দৈনন্দিন কাৰ্যকলাপত সক্ৰিয়তা অধিক বৃদ্ধি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু