--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ ভূমিকম্পই মৃত্যুলীলা চলোৱাত ছিৰিয়াত ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ নৃশংস হৈ পৰিছে ইছলামিক সন্ত্ৰাসবাদী গোট আইছিছ। মধ্য ছিৰিয়াত আইছিছে চলোৱা নিৰ্বিচাৰ আক্ৰমণত ১১ জন লোকৰ মৃত্যু হৈছে।

ব্ৰিটেইনস্থিত ছিৰিয়ান মানৱ অধিকাৰ নিৰীক্ষণ কেন্দ্ৰৰ মতে, শনিবাৰে হোমছৰ পূব গ্ৰাম্য অঞ্চলৰ পালমাইৰা অঞ্চলত ট্ৰাফেল সংগ্ৰহ কৰি থকাৰ সময়তে প্ৰায় ৭৫ গৰাকী লোকক আক্ৰমণ কৰে আইছিছে।

এই আক্ৰমণত এগৰাকী মহিলাকে ধৰি ১০ গৰাকী সাধাৰণ নাগৰিক আৰু সামৰিক বাহিনীৰ এগৰাকী সদস্য নিহত হয়। আক্ৰমণত লগতে একাংশ লোক নিৰুদ্দেশ হোৱা বুলিও মানৱ অধিকাৰ গোটটোৱে সদৰী কৰিছে।

ছিৰিয়াৰ চৰকাৰী সংবাদ সংস্থা SANA-এ এই আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে যদিও আক্ৰমণত নিহত লোকৰ সংখ্যা কম বুলি উল্লেখ কৰিছে। সংবাদ সংস্থাটোৰ মতে আইছিছৰ গুলীচালনাত এগৰাকী মহিলাকে ধৰি চাৰিগৰাকী সাধাৰণ নাগৰিক নিহত হয়।

সংবাদ সংস্থাটোৱে লগতে এই আক্ৰমণত আন দহগৰাকী লোক সাধাৰণভাৱে আহত হোৱাৰ বিপৰীতে কেইগৰাকীমান ব্যক্তি গুৰুতৰভাৱে আহত হৈছে বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, ১৯ চনৰ মাৰ্চ মাহত আমেৰিকাৰ নেতৃত্বত মিত্ৰশক্তিৰ সমৰ্থিত সামৰিক আক্ৰমণৰ পিছত আইছিছৰ শক্তি ক্ষয় পায় আৰু মূল ভূখণ্ড পৰা দেশখনৰ পূব দিশৰ মৰুভূমিৰ ফালে পিছুৱাই যায়।

ইয়াৰ পিছতে সন্ত্ৰাসবাদী সংগঠনটোৱে আত্মগোপন স্থান ব্যৱহাৰ কৰি কুৰ্দি নেতৃত্বাধীন বাহিনী আৰু ছিৰিয়া চৰকাৰী সৈন্যৰ ওপৰত আক্ৰমণ কৰাৰ লগতে ইৰাকতো আক্ৰমণ অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন