ডিজিটেল ডেস্ক: ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে ফ্লাইডুবাইৰ ভাৰতীয় বৈমানিক স্মিত মচ্চাৰৰ সৈতে শনিবাৰে নিশা প্রায় ৬ মিনিট ধৰি টেলিফোনিক বার্তা লাভ কৰে। প্ৰধানমন্ত্ৰী নেটান্যাহুৱে মচ্চাৰক ইজৰাইল আৰু ভাৰতৰ জনসাধাৰণৰ বাবে এজন সাহসী আৰু প্ৰকৃত নায়ক ৰূপে আখ্যা দিয়ে।
নেটান্যাহুৱে মচ্চাৰক ইজৰাইলৰ সমাগত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানলৈ আমন্ত্রণ জনায় কয়, 'আপুনি আৰু মোৰ বন্ধু প্রধানমন্ত্রী মোদীয়ে এই গৌৰৱময় অনুষ্ঠানৰ আনুষ্ঠানিক শিখা প্রজ্জ্বলন কৰিব লাগিব।
নেটান্যাহুৱে ফ্লাইডুবাই বিমানখনত প্রকৃততে কি হৈছিল বুলি প্রশ্ন কৰাত মচ্চাৰে কয় যে তেওঁক আক্ৰমণৰ পূৰ্বে আৰু বিমানখন অপহৰণ কৰাৰ প্ৰচেষ্টা চলোৱাৰ আগতে ওমানৰ বৈমানিকজনে বিমানখনত নামাজ পঢ়াৰ ইচ্ছা ব্যক্ত কৰিছিল আৰু ইয়াৰ পাছতে তেওঁক প্রচণ্ড আক্রমণ কৰে।
উৎস: দৈনিক জনমভূমি