ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্রেইনৰ দীর্ঘদিনীয়া যুদ্ধখন অন্ত পেলোৱাৰ প্ৰচেষ্টাবোৰৰ ভিতৰত ভাৰতৰ ভূমিকাই বিশেষ প্রাধান্য লাভ কৰিছে। দুয়োখন দেশৰ যুদ্ধ অন্ত পেলাবলৈ ভাৰতে চলোৱা কূটনৈতিক প্রচেষ্টাক ইউক্রেইনে আদৰণি জনাইছে। ইউক্রেইনৰ বিদেশ মন্ত্রী আন্দ্ৰী চিবিহাই প্ৰকাশ কৰা মতে, কৃষ্ণ সাগৰত শক্তি আৰু কৃষি সম্পর্কীয় যুদ্ধ বিৰতিৰ বাবে বৰ্তমান আলোচনা চলি থকা চাৰিটা প্ৰস্তাৱৰ ভিতৰত ভাৰতৰ প্রস্তাৱটোৱেই আটাইতকৈ ব্যাপক আৰু সর্বগ্রহণযোগ্য বুলি দেশখনে নিশ্চিত কৰিছে।
ৰাছিয়াৰ সৈতে যুদ্ধ বিৰতিৰ বাবে ইউক্রেইনে বর্তমান ভাৰত, আমেৰিকা, তুৰস্ক আৰু ইজিপ্টৰ পৰা চাৰিটা প্রস্তাৱ লাভ কৰিছে। ইউক্রেইনৰ বিদেশ মন্ত্ৰীৰ মতে, ভাৰতে প্ৰথমবাৰৰ বাবে এই যুদ্ধত মধ্যস্থতাকাৰী হিচাপে সক্রিয় ভূমিকা ল'বলৈ ইচ্ছা প্রকাশ কৰিছে। মধ্যস্থতাকাৰী দেশ হিচাপে ভাৰতৰ প্ৰস্তৱটোত শক্তি আন্তঃগাঁথনিৰ সুৰক্ষা কৰাৰ লগতে কৃষ্ণ সাগৰত সুৰক্ষিত বাণিজ্যিক পথৰ বিষয়টোকো সামৰি লোৱা হৈছে।
ইউইক্রেইনী বিদেশ মন্ত্রীজনে শেহতীয়াকৈ কৈছিল যে কৃষ্ণ সাগৰত শক্তি আৰু কৃষিভিত্তিক যুদ্ধ বিৰতিৰ বাবে ইউক্রেইন সাজু আছে। তদুপৰি, সীমান্তৰ সমীপৰ ৰাছিয়াৰে চৰ্তবিহীন যুদ্ধ বিৰতি কৰিবলৈও পথ মুকলি কৰিছে ইউক্রেইনে।
ইউক্রেইনৰ বিদেশ মন্ত্ৰীজনে কয় যে তুৰস্ক আৰু ইজিপ্টে কৃষ্ণ সাগৰত খাদ্যশস্য আৰু কৃষিৰ ক্ষেত্ৰত যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিছে। আনহাতে, আমেৰিকাই কেৱল শক্তি আন্ত:গাঁথনিৰ ওপৰত হোৱা আক্রমণ বন্ধ কৰাৰ বাবে এটা সুকীয়া প্ৰস্তাৱ আগবঢ়াইছে। আন্দ্রী চিবিহাই কয় যে এই চাৰিখন দেশৰ প্ৰস্তাৱৰ ভিতৰত ভাৰতে আগবঢ়োৱা যুদ্ধ বিৰতি প্রস্তাৱটো অতি গ্রহণযোগ্য।
উল্লেখযোগ্য যে যুদ্ধ বিৰতিৰ এই কূটনৈতিক প্ৰস্তাৱৰ অগ্ৰগতিৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেও মন্তব্য কৰিছিল যে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হাতত এই দীর্ঘদিনীয়া সংঘাতৰ সমাধানৰ বাবে অতি ভাল চিন্তাধাৰা আৰু পৰিকল্পনা আছে।
উৎস: দৈনিক জনমভূমি