--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধনৰ লালসাত পৰ্ণ ছবিৰ শ্বুটিং কৰি আৰক্ষীৰ জালত পৰা অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী  ৰাজ কুন্দ্ৰা সন্দৰ্ভত আজি মুম্বাই আৰক্ষীয়ে কেতবোৰ বিশেষ তথ্য প্ৰকাশ কৰিছে।অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী, উদ্যোগপতি ৰাজ কুন্দ্ৰাৰ নাম যোৱা বছৰ পৰ্ণগ্ৰাফী ছবিৰ  গোচৰত সাঙোৰ খাই পৰিছিল। ফলস্বৰূপে অভিনেত্ৰীগৰাকীৰ স্বামীয়ে দীঘলীয়া সময় কাৰাগাৰত কটাব লগা হৈছিল। কেৱল ৰাজ কুন্দ্ৰাই নহয়, মডেল-অভিনেত্ৰী পুনম পাণ্ডে আৰু শ্বেৰলিন চোপ্ৰাৰ নামো এই গোচৰটোত উল্লেখ কৰা হৈছে।

অৱশ্যে, তেওঁলোকে সেই সময়ত জামিন লাভ কৰিছিল। কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে ৰাজ কুন্দ্ৰাক বেছিভাগ সময় তেওঁৰ পৰিয়ালৰ সৈতে দেখা গৈছে। অৱশ্যে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছৰে পৰা অভিনেত্ৰীগৰাকীৰ স্বামীয়ে সংবাদ মাধ্যমৰ আগত মুখ দেখুওৱা নাই। শেহতীয়াকৈ  আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত কেতবোৰ নতুন তথ্য প্ৰকাশ কৰিছে। মুম্বাই আৰক্ষীৰ চাইবাৰ শাখাই কৈছে যে কেইখনমান হোটেলত এই পৰ্ণ ছবিসমূহৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। 

আৰক্ষীৰ তথ্য অনুসৰি  মুম্বাই নগৰঅঞ্চলত থকা  কেইবাখনো ডিলাক্স হোটেল আৰু পাঁচখন পাঁচতাৰকাযুক্ত  হোটেল সেইবোৰ শ্বুটিং চলিছিল। কেৱল সেয়াই নহয় আৰক্ষীয়ে দাবী কৰিছে যে কিছুমান বিখ্যাত অ'টিটি প্লেটফৰ্মে এই হোটেলবিলাকৰ  সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। আৰক্ষীয়ে ৰাজ আৰু তেওঁৰ সহকাৰী ৰিয়ান থৰ্পৰ চেটৰ পৰা 'হটশ্বট' এপটোৰ বিত্তীয় লেনদেনৰ বিষয়ে তথ্য লাভ কৰিছে। ২০২০ চনৰ আগষ্ট আৰু ডিচেম্বৰ মাহৰ  ভিতৰত  কুন্দ্ৰাই ব্যৱসায়ৰ পৰা কমেও ১.১৭ কোটি টকা উপাৰ্জন কৰিছিল। 

ৰাজৰ কোম্পানীয়ে ২০২১-২২ বৰ্ষত ৩৬ কোটি টকা আৰু ২০২২-২৩ বৰ্ষত ৭৩ কোটি টকাৰো অধিক ধন উপাৰ্জন কৰিব বুলি আশা কৰিছিল। কিন্তু তাৰ আগতে শিল্পাৰ স্বামী আৰক্ষীৰ জালত পৰে।
জানিব পৰা মতে  চাইবাৰ চেলে ৰাজ কুন্দ্ৰা, মডেল শ্বেৰলিন চোপ্ৰা, পুনম পাণ্ডে, চলচ্চিত্ৰ নিৰ্মাতা মিতা ঝুনঝুনৱালা আৰু কেমেৰামেন ৰাজু দুবেৰ বিৰুদ্ধে ৪৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাখনত কোৱা হৈছে যে বানানা প্ৰাইম অ'টিটিৰ সুৱজিত চৌধুৰী আৰু ৰাজ কুন্দ্ৰাৰ এজন কৰ্মচাৰী উমেশ কামাথকো লণ্ডনস্থিত কোম্পানী 'হটশ্বট'ৰ জড়িয়তে এনে কামত লিপ্ত হৈছিল।

সুৱজিত চৌধুৰী আৰু উমেশ কামাথৰ বিৰুদ্ধে ওৱেব চিৰিজ 'প্ৰেম পাগলানি' নিৰ্মাণ কৰি অশ্লীল সমল থকা আৰু ইয়াক অ'টিটিত আপলোড কৰাৰ অভিযোগ অনা হৈছে। আনহাতে, পুনম পাণ্ডেৰ বিৰুদ্ধে ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ সহায়ত নিজৰ মোবাইল এপ 'দ্য পুনম পাণ্ডে' প্ৰস্তুত কৰা, শ্বুটিঙত সহায় কৰা,ভিডিঅ’  আপলোড কৰা আৰু ভিডিঅ' সম্প্ৰচাৰ কৰাৰ অভিযোগ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement