--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধনৰ লালসাত পৰ্ণ ছবিৰ শ্বুটিং কৰি আৰক্ষীৰ জালত পৰা অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী  ৰাজ কুন্দ্ৰা সন্দৰ্ভত আজি মুম্বাই আৰক্ষীয়ে কেতবোৰ বিশেষ তথ্য প্ৰকাশ কৰিছে।অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী, উদ্যোগপতি ৰাজ কুন্দ্ৰাৰ নাম যোৱা বছৰ পৰ্ণগ্ৰাফী ছবিৰ  গোচৰত সাঙোৰ খাই পৰিছিল। ফলস্বৰূপে অভিনেত্ৰীগৰাকীৰ স্বামীয়ে দীঘলীয়া সময় কাৰাগাৰত কটাব লগা হৈছিল। কেৱল ৰাজ কুন্দ্ৰাই নহয়, মডেল-অভিনেত্ৰী পুনম পাণ্ডে আৰু শ্বেৰলিন চোপ্ৰাৰ নামো এই গোচৰটোত উল্লেখ কৰা হৈছে।

অৱশ্যে, তেওঁলোকে সেই সময়ত জামিন লাভ কৰিছিল। কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে ৰাজ কুন্দ্ৰাক বেছিভাগ সময় তেওঁৰ পৰিয়ালৰ সৈতে দেখা গৈছে। অৱশ্যে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছৰে পৰা অভিনেত্ৰীগৰাকীৰ স্বামীয়ে সংবাদ মাধ্যমৰ আগত মুখ দেখুওৱা নাই। শেহতীয়াকৈ  আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত কেতবোৰ নতুন তথ্য প্ৰকাশ কৰিছে। মুম্বাই আৰক্ষীৰ চাইবাৰ শাখাই কৈছে যে কেইখনমান হোটেলত এই পৰ্ণ ছবিসমূহৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। 

আৰক্ষীৰ তথ্য অনুসৰি  মুম্বাই নগৰঅঞ্চলত থকা  কেইবাখনো ডিলাক্স হোটেল আৰু পাঁচখন পাঁচতাৰকাযুক্ত  হোটেল সেইবোৰ শ্বুটিং চলিছিল। কেৱল সেয়াই নহয় আৰক্ষীয়ে দাবী কৰিছে যে কিছুমান বিখ্যাত অ'টিটি প্লেটফৰ্মে এই হোটেলবিলাকৰ  সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। আৰক্ষীয়ে ৰাজ আৰু তেওঁৰ সহকাৰী ৰিয়ান থৰ্পৰ চেটৰ পৰা 'হটশ্বট' এপটোৰ বিত্তীয় লেনদেনৰ বিষয়ে তথ্য লাভ কৰিছে। ২০২০ চনৰ আগষ্ট আৰু ডিচেম্বৰ মাহৰ  ভিতৰত  কুন্দ্ৰাই ব্যৱসায়ৰ পৰা কমেও ১.১৭ কোটি টকা উপাৰ্জন কৰিছিল। 

ৰাজৰ কোম্পানীয়ে ২০২১-২২ বৰ্ষত ৩৬ কোটি টকা আৰু ২০২২-২৩ বৰ্ষত ৭৩ কোটি টকাৰো অধিক ধন উপাৰ্জন কৰিব বুলি আশা কৰিছিল। কিন্তু তাৰ আগতে শিল্পাৰ স্বামী আৰক্ষীৰ জালত পৰে।
জানিব পৰা মতে  চাইবাৰ চেলে ৰাজ কুন্দ্ৰা, মডেল শ্বেৰলিন চোপ্ৰা, পুনম পাণ্ডে, চলচ্চিত্ৰ নিৰ্মাতা মিতা ঝুনঝুনৱালা আৰু কেমেৰামেন ৰাজু দুবেৰ বিৰুদ্ধে ৪৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাখনত কোৱা হৈছে যে বানানা প্ৰাইম অ'টিটিৰ সুৱজিত চৌধুৰী আৰু ৰাজ কুন্দ্ৰাৰ এজন কৰ্মচাৰী উমেশ কামাথকো লণ্ডনস্থিত কোম্পানী 'হটশ্বট'ৰ জড়িয়তে এনে কামত লিপ্ত হৈছিল।

সুৱজিত চৌধুৰী আৰু উমেশ কামাথৰ বিৰুদ্ধে ওৱেব চিৰিজ 'প্ৰেম পাগলানি' নিৰ্মাণ কৰি অশ্লীল সমল থকা আৰু ইয়াক অ'টিটিত আপলোড কৰাৰ অভিযোগ অনা হৈছে। আনহাতে, পুনম পাণ্ডেৰ বিৰুদ্ধে ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ সহায়ত নিজৰ মোবাইল এপ 'দ্য পুনম পাণ্ডে' প্ৰস্তুত কৰা, শ্বুটিঙত সহায় কৰা,ভিডিঅ’  আপলোড কৰা আৰু ভিডিঅ' সম্প্ৰচাৰ কৰাৰ অভিযোগ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই