ডিজিটেল ডেস্কঃমেঘালয় আৰু উত্তৰ-পূবৰ আন কেইখনমান ৰাজ্যত লোকসভাৰ মাত্ৰ দুজন সদস্য আছে। লোকসভাৰ সাংসদৰ সেই সংখ্যা এতিয়া এজনলৈ হ্ৰাস পাব পাৰে। জনগাঁথনিৰ লগতে ২০২৬ চনত হ'বলগীয়া পৰৱৰ্তী সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবেই তেনে ৰাজ্যসমূহত সাংসদৰ সংখ্যা মাত্ৰ এজনলৈ হ্ৰাস হ'ব পাৰে।
এইক্ষেত্ৰত মিজোৰাম আৰু ছিকিমৰ দৰে উত্তৰ-পূবৰ ৰাজ্যসমূহ অৱশ্যে প্ৰভাৱান্বিত নহ'ব । কিয়নো লোকসভাত সেই ৰাজ্যসমূহৰ সাংসদৰ সংখ্যা এতিয়াও মাত্ৰ এজনেই। অসমক বাদ দি বাকী ৰাজ্যসমূহৰ ৰাজ্যসভাতো সাংসদৰ সংখ্যা তেনেই কম। সীমানিৰ্ধাৰণৰ মূল নীতি হৈছে এটা সমষ্টিৰ সংখ্যা আৰু প্ৰকৃতি পুনৰ নিৰ্ধাৰণ কৰা সংশ্লিষ্ট অঞ্চলত জনসংখ্যাৰ সংখ্যা আৰু আৰ্হি অনুসৰি সংসদ আৰু বিধানসভাৰ সদস্যৰ সংখ্যা নিৰ্ধাৰণ কৰা। মেঘালয়ৰ দৰে কিছুমান ৰাজ্যত জনসংখ্যা সামান্যহে বৃদ্ধি পাইছে ।আনহাতে উত্তৰ প্ৰদেশৰ দৰে আন কিছুমান ৰাজ্যত জনসংখ্যাৰ ব্যাপক বৃদ্ধি দেখা গৈছে, যাৰ ফলত সেই ৰাজ্য সমূহে লোকসভাত অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে।
জনসংখ্যা বৃদ্ধিৰ এই হ্ৰাস বিভিন্ন পৰিয়াল কল্যাণ আৰু জন্ম নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে হৈ আহিছে।১৯৮১ চনৰ পৰা ২০১১ চনৰ ভিতৰত মেঘালয়ত জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰকৃততে হ্ৰাস পাইছে। ১৯৮১ আৰু ১৯৯১ চনৰ ভিতৰত মেঘালয়ত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩২.৮৬ শতাংশ। আনহাতে ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত ই ৩০.৬৫ শতাংশ হৈছে।
ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-৫ অনুসৰি জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত মেঘালয়, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু মণিপুৰ অৱনমনৰ স্তৰত আছে।
জনসংখ্যাৰ পৰিসংখ্যা অনুসৰণ কৰিয়েই লোকসভাৰ সদস্য নিৰ্বাচন কৰিব লগা সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ সংবিধান অনুসৰি ২০২৬ চনত অনুষ্ঠিত হ'ব।
সংবিধানে উল্লেখ কৰিছে যে অধিক লোকৰ অৰ্থ হ'ব লাগিব অধিক সাংসদ । মানুহ কম থাকিলে সাংসদৰ সংখ্যাও কম হ’ব।কিন্তু এনে জনসংখ্যা-আধাৰিত সমষ্টিৰ চিহ্নিতকৰণ বা পুনৰ-ব্যৱস্থাই ৰাজ্যসমূহৰ ওপৰত প্ৰভাৱ পেলাব। উন্নয়নৰ ক্ষেত্ৰতো বাধা আহি পৰাৰ আশংকাই দেখা দিব বুলি বহুতে মন্তব্য কৰিছে।
লোকপিয়লৰ তথ্যৰ ওপৰত আধাৰিত সীমা নিৰ্ধাৰণে এক ৰাজনৈতিক বিসংগতিৰ সৃষ্টি কৰিব বুলি ভৱিষ্যতবাণী কৰি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৬ চনত সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে প্ৰক্ৰিয়াটো স্থবিৰ কৰিছিল। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৮৪ সংখ্যক সংশোধনীৰ জৰিয়তে ইয়াক পুনৰ ত্বৰান্বিত কৰে।
বহলভাৱে ক'বলৈ গ'লে, ২০২৬ চনৰ সীমা নিৰ্ধাৰণৰ ফলস্বৰূপে লোকসভাত দক্ষিণ, পূব আৰু উত্তৰ-পূব ভাৰতৰ পৰা কম সাংসদ থাকিব। তেনেদৰে মহাৰাষ্ট্ৰ, পঞ্জাৱ , দিল্লীৰ পৰা সাংসদৰ সংখ্যা বেছি হ’ব।। ইয়াৰ ফলত উত্তৰ-পূবৰ বহু ৰাজ্যত উন্নয়ন স্থবিৰ হ’ব বুলি বহু বিশ্লেষকে মন্তব্য কৰিছে।