--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি  ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছতে  সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। তাৰ পিছত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন পঢ়ি শুনাব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিব।  অৰ্থনৈতিক সমীক্ষা মঙলবাৰে সংসদত দাখিল কৰা হ'ব। অনুমান কৰা মতে ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি (মুঠ ঘৰুৱা উৎপাদন) বৃদ্ধিৰ হাৰ ৬ শতাংশৰ পৰা ৬.৮ শতাংশ হ'ব বুলি আশা কৰা হৈছে।

কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন দিয়াৰ সম্ভাৱনা আছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে সেই হাৰ  ৬.৫ শতাংশ হ'ব পাৰে৷  নাম উল্লেখ কৰিব নিবিচৰা এগৰাকী  বিষয়াই সংবাদমাধ্যমৰ আগত এনেদৰে কয়৷  তেওঁৰ মতে জিডিপিৰ হাৰ এইবাৰ যিটো যোৱা তিনি বছৰত সৰ্বনিম্ন বুলি পৰিগণিত হ’ব৷ 

ধাৰণা কৰা মতে  ২০২৩-২৪  বিত্তীয় বৰ্ষৰ বাবে নামমাত্ৰ জিডিপি  বৃদ্ধিৰ পূৰ্বানুমান হৈছে ১১ শতাংশ। বিত্তীয় জৰীপৰ প্ৰতিবেদনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে যোৱা এবছৰত অৰ্থনীতিয়ে কেনে দৰে কাম কৰি আছে তাৰ এক গাণিতিক পৰিসাংখ্যিক ছবি উপস্থাপন কৰিছে। কোভিড মহামাৰীৰ পিছত ভাৰতৰ অৰ্থনীতি অলপ ঠন ধৰি উঠিছে। কিন্তু ৰাছিয়া-ইউক্ৰেইন যুদ্ধই মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত প্ৰচুৰ চাপ বৃদ্ধি কৰিছে। জৰীপ প্ৰতিবেদনত লেহেম বিকাশৰ কথা কোৱা হ'লেও ৬.৫  শতাংশ বৃদ্ধিয়ে ভাৰতক বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিৰ দৌৰত ৰাখিব পাৰে। অৱশ্যে, ই পূৰ্বে ঘোষিচ  ৭ শতাংশতকৈ কম। যোৱা বছৰ, বিকাশৰ হাৰ আছিল ৮.৭ শতাংশ।

বিত্তীয় জৰীপে ভাৰতত নিযুক্তিৰ ছবি খন  সামান্য উন্নত কৰিবলৈ  পৰামৰ্শ দিব পাৰে। অৱশ্যে, প্ৰতিবেদনত সামগ্ৰিক নিযুক্তিৰ বাবে ব্যক্তিগত বিনিয়োগৰ প্ৰয়োজনীয়তাৰ কথাও  উল্লেখ থাকিব পাৰে।

আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) কৈছে যে  পৰৱৰ্তী বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি মন্থৰ হ'ব। আইএমএফৰ মতে, ভাৰতৰ অৰ্থনীতি ৬.১ শতাংশ বৃদ্ধি হ'ব পাৰে। যিটো ৩১ মাৰ্চত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষৰত ৬.৮ শতাংশ আছিল।

জানিব পৰা মতে সংসদত অৰ্থনৈতিক সমীক্ষা উত্থাপন কৰাৰ পিছতে সীতাৰমণে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন সংবাদমেল অনুষ্ঠিত কৰিব ।
উল্লেখ্য অৰ্থনৈতিক সমীক্ষাই যোৱা বছৰটোত দেশৰ অৰ্থনৈতিক আৰু বিত্তীয় প্ৰৱণতাৰ পৰ্যালোচনা কৰে। নথিখনে সকলো খণ্ডৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে। কৃষি আৰু ঔদ্যোগিক উৎপাদন, আন্তঃগাঁথনি, নিযুক্তি, মুদ্ৰাস্ফীতিৰ হাৰ, বাণিজ্য, বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ  আৰু অন্যান্য অৰ্থনৈতিক ক্ষেত্ৰৰ বিষয়ে অৰ্থনৈতিক সমীক্ষাত উল্লেখ থাকে। ।

যোৱা কেইবছৰমানত, অৰ্থনৈতিক সমীক্ষা  দুটা অংশত, 'অংশ ক ' আৰু 'অংশ খ 'ত উপস্থাপন কৰা হৈছে। এই সমীক্ষাত দেশৰ জিডিপি বৃদ্ধিৰ দৃষ্টিভংগী, মুদ্ৰাস্ফীতিৰ হাৰ আৰু অনুমান, ফৰেক্স সঞ্চয়, আৰু বাণিজ্য ঘাটিৰ তথ্য আদি কথাবোৰ উল্লেখ  থাকে । 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু