--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি  ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছতে  সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। তাৰ পিছত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন পঢ়ি শুনাব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিব।  অৰ্থনৈতিক সমীক্ষা মঙলবাৰে সংসদত দাখিল কৰা হ'ব। অনুমান কৰা মতে ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি (মুঠ ঘৰুৱা উৎপাদন) বৃদ্ধিৰ হাৰ ৬ শতাংশৰ পৰা ৬.৮ শতাংশ হ'ব বুলি আশা কৰা হৈছে।

কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন দিয়াৰ সম্ভাৱনা আছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে সেই হাৰ  ৬.৫ শতাংশ হ'ব পাৰে৷  নাম উল্লেখ কৰিব নিবিচৰা এগৰাকী  বিষয়াই সংবাদমাধ্যমৰ আগত এনেদৰে কয়৷  তেওঁৰ মতে জিডিপিৰ হাৰ এইবাৰ যিটো যোৱা তিনি বছৰত সৰ্বনিম্ন বুলি পৰিগণিত হ’ব৷ 

ধাৰণা কৰা মতে  ২০২৩-২৪  বিত্তীয় বৰ্ষৰ বাবে নামমাত্ৰ জিডিপি  বৃদ্ধিৰ পূৰ্বানুমান হৈছে ১১ শতাংশ। বিত্তীয় জৰীপৰ প্ৰতিবেদনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে যোৱা এবছৰত অৰ্থনীতিয়ে কেনে দৰে কাম কৰি আছে তাৰ এক গাণিতিক পৰিসাংখ্যিক ছবি উপস্থাপন কৰিছে। কোভিড মহামাৰীৰ পিছত ভাৰতৰ অৰ্থনীতি অলপ ঠন ধৰি উঠিছে। কিন্তু ৰাছিয়া-ইউক্ৰেইন যুদ্ধই মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত প্ৰচুৰ চাপ বৃদ্ধি কৰিছে। জৰীপ প্ৰতিবেদনত লেহেম বিকাশৰ কথা কোৱা হ'লেও ৬.৫  শতাংশ বৃদ্ধিয়ে ভাৰতক বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিৰ দৌৰত ৰাখিব পাৰে। অৱশ্যে, ই পূৰ্বে ঘোষিচ  ৭ শতাংশতকৈ কম। যোৱা বছৰ, বিকাশৰ হাৰ আছিল ৮.৭ শতাংশ।

বিত্তীয় জৰীপে ভাৰতত নিযুক্তিৰ ছবি খন  সামান্য উন্নত কৰিবলৈ  পৰামৰ্শ দিব পাৰে। অৱশ্যে, প্ৰতিবেদনত সামগ্ৰিক নিযুক্তিৰ বাবে ব্যক্তিগত বিনিয়োগৰ প্ৰয়োজনীয়তাৰ কথাও  উল্লেখ থাকিব পাৰে।

আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) কৈছে যে  পৰৱৰ্তী বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি মন্থৰ হ'ব। আইএমএফৰ মতে, ভাৰতৰ অৰ্থনীতি ৬.১ শতাংশ বৃদ্ধি হ'ব পাৰে। যিটো ৩১ মাৰ্চত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষৰত ৬.৮ শতাংশ আছিল।

জানিব পৰা মতে সংসদত অৰ্থনৈতিক সমীক্ষা উত্থাপন কৰাৰ পিছতে সীতাৰমণে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন সংবাদমেল অনুষ্ঠিত কৰিব ।
উল্লেখ্য অৰ্থনৈতিক সমীক্ষাই যোৱা বছৰটোত দেশৰ অৰ্থনৈতিক আৰু বিত্তীয় প্ৰৱণতাৰ পৰ্যালোচনা কৰে। নথিখনে সকলো খণ্ডৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে। কৃষি আৰু ঔদ্যোগিক উৎপাদন, আন্তঃগাঁথনি, নিযুক্তি, মুদ্ৰাস্ফীতিৰ হাৰ, বাণিজ্য, বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ  আৰু অন্যান্য অৰ্থনৈতিক ক্ষেত্ৰৰ বিষয়ে অৰ্থনৈতিক সমীক্ষাত উল্লেখ থাকে। ।

যোৱা কেইবছৰমানত, অৰ্থনৈতিক সমীক্ষা  দুটা অংশত, 'অংশ ক ' আৰু 'অংশ খ 'ত উপস্থাপন কৰা হৈছে। এই সমীক্ষাত দেশৰ জিডিপি বৃদ্ধিৰ দৃষ্টিভংগী, মুদ্ৰাস্ফীতিৰ হাৰ আৰু অনুমান, ফৰেক্স সঞ্চয়, আৰু বাণিজ্য ঘাটিৰ তথ্য আদি কথাবোৰ উল্লেখ  থাকে । 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক