--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হেলিকপ্টাৰ বনোৱাৰ কোনো প্ৰশিক্ষণ নাছিল তেওঁৰ । নিয়মীয়াকৈ অধ্যয়নৰ মাজেৰেই তেওঁৰ এই সফলতা। দেউতাকে তেওঁক সপোনটো দেখিবলৈ শিকাইছিল। যাতে তেওঁৰ কৰ্মৰাজি দেশবাসীৰ মনত থাকে।

সেই অনুসৰি পঞ্চম শ্ৰেণীৰ ল’ৰাজনে বনাইছিল এখন হেলিকপ্টাৰ ।ৰেজাউল শ্বেখে নিজৰ গেৰেজত বহি এই কাম কৰিছে। তেওঁ পশ্চিম বংগৰ পূব বৰ্দ্ধমানৰ নাদনঘাট আৰক্ষী থানাৰ ঘোলা অঞ্চলৰ বাসিন্দা। ৰেজাউলে নিজ এলেকাৰ মন্ত্ৰীগৰাকীকো আহ্বান জনাইছে যাতে সাধাৰণ লোকে হেলিকপ্টাৰত উঠিব পাৰে।

সকলো ঠিকে থাকিলে ৰেজাউলৰ পাঁচজনীয়া হেলিকপ্টাৰ কেইদিনমানৰ পাছত আকাশত উৰিব পাৰিব।  কেৱল এটা দুটা দিনৰ কষ্টৰ ফলত ৰেজাউলে এই সফলতা লাভ কৰা নাছিল। পাঁচ বছৰ ধৰি এই বিষয়ে গৱেষণা কৰি আহিছে। ছমাহ পূৰ্বে তেওঁ লাখ লাখ টকাৰে বিভিন্ন সঁজুলি কিনিছিল। এতিয়া সেই সঁজুলিৰে তেওঁ দিনে-ৰাতিয়ে হেলিকপ্টাৰ বনাইছে। যাক চাবলৈ স্থানীয় লোক সমবেত হয়।

তেওঁৰ এটা জেচিবি মেচিনো আছে। সেইবাবেই তেওঁৰ গাড়ীৰ ইঞ্জিনৰ বিষয়ে যথেষ্ট জ্ঞান আছে। যদিও তেওঁৰ কপটাৰ বনোৱাৰ কোনো প্ৰশিক্ষণ নাছিল। তথাপিও তেওঁৰ চেষ্টা বন্ধ নহ’ল।তেওঁ নিয়মীয়াকৈ অধ্যয়ন কৰিছে। ৰেজাউলে দাবী কৰে যে তেওঁৰ পিতৃয়ে তেওঁক সপোন দেখিবলৈ শিকাইছিল। সেয়ে তেওঁ দেউতাকৰ পৰামৰ্শ মানি ঘৰৰ সন্মুখৰ মুকলি ঠাইত কপটাৰ বনাবলৈ ধৰিলে। তেওঁ কয় যে কাম সম্পূৰ্ণ কৰিবলৈ আৰু কেইমাহমান সময় লাগিব। এই কপটাৰৰ দৈৰ্ঘ্য ৪০ ফুট। ইয়াত চালকসহ পাঁচজন লোক বহিব পাৰিব।

ৰেজাউলে কয় যে তেওঁ হেলিকপ্টাৰৰ গঠনটো লোহাৰেৰে গঠনটোৰ মূৰৰ অংশত এখন ডাঙৰ ফেনো সংলগ্ন কৰা হয়। তেওঁৰ ভাষাত, "হেলিকপ্টাৰ নিৰ্মাণৰ বাবে এতিয়ালৈকে ৪৫ লাখ টকা ব্যয় কৰা হৈছে।" কাম সম্পূৰ্ণ হোৱালৈ মুঠ ৬৫ লাখ টকা ব্যয় কৰা হ’ব। কিন্তু মই আশাবাদী যে মোৰ হাতেৰে বনোৱা হেলিকপ্টাৰখনে আকাশত সফলতাৰে উৰি যাব।”

হেলিকপ্টাৰ নিৰ্মাণৰ কাম দেখি অঞ্চলটোৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী স্বপন দেৱনাথে ৰেজাউলক প্ৰশংসা কৰে। ৰেজাউলে ইতিমধ্যে মন্ত্ৰীগৰাকীৰ ওচৰত আবেদন জনাইছে যাতে সাধাৰণ লোকে হেলিকপ্টাৰ সাজু হোৱাৰ পাছত উঠিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী