--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিহাৰৰ দৰভাঙ্গাৰ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ত বাৰ্ষিক পৰীক্ষাৰ এডমিট কাৰ্ডত প্ৰকৃত ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে আহিল  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিহাৰৰ ৰাজ্যপাল ফাগু চৌহান, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিং ধোনীৰ ফটো। ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত এই কথা প্ৰকাশ পাইছে৷ জানিব পৰা মতে , শিক্ষানুষ্ঠানটোৱে জনপ্ৰিয় ব্যক্তিসকলৰ ফটোৰ সৈতে এডমিট কাৰ্ড প্ৰকাশ কৰিছে৷

বৰ্তমান এই বিষয়টোয়ে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে আৰু প্ৰশাসনেও গুৰুত্ব সহকাৰে লৈছে৷ ইতিমধ্যে বিভিন্ন অভিযোগৰ ভিত্তিত আৰক্ষীৰ অনুসন্ধানো আৰম্ভ হৈছে ৷  

 বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক মুস্তাক আহমেদে কয়  যে  , এই এডমিট কাৰ্ডসমূহ  অনলাইনত জাৰী কৰা হৈছিল আৰু  সংশ্লিষ্ট শিক্ষাৰ্থীসকলে ডাউনলোড কৰি লৈছিল৷
 
আনহাতে , এডমিট কাৰ্ডৰ বাবে নিজৰ ফটোৰ বিপৰীতে জনপ্ৰিয় ব্যক্তিসকলৰ ফটোহে কিছু শিক্ষাৰ্থীয়ে আপলোড কৰিছে বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে৷ সমগ্ৰ ঘটনাটোত এক দুষ্ট চক্ৰও জড়িত হৈ আছে বুলি তেওঁ মন্তব্য কৰে৷ 

আনকি বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানৰ ফটোও  এডমিট কাৰ্ডত চপা  হৈছিল। উপযুক্ত তদন্তৰ পিছত দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে জানিবলৈ দিছে৷  এনে কাৰ্যই এফালে  বিশ্ববিদ্যালয়খনৰ দুৰ্নাম কৰিছে ৷ আনফালে  প্ৰধানমন্ত্ৰী আৰু ৰাজ্যপালৰ আলোকচিত্ৰৰ অপব্যৱহাৰো এক গুৰুতৰ বিষয়৷

দেখা যায়, ভাৰতত এনে ঘটনা এইয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও ২০১৮  চনত, উত্তৰ প্ৰদেশৰ  মহাবিদ্যালয়ৰ এজন ছাত্ৰই অমিতাভ বচ্চনৰ  ফটো সংলগ্ন এডমিট কাৰ্ড লাভ কৰিছিল।
একেধৰণে, মুজাফৰপুৰত এজন শিক্ষাৰ্থীৰ এডমিট কাৰ্ডত  প্ৰকৃত  পিতৃ-মাতৃৰ বিপৰীতে বলীউডৰ তাৰকা ইমৰান হাছমী আৰু ছানী লিয়নীৰ নাম চপা হৈছিল ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement