ডিজিটেল ডেস্ক
বিহাৰৰ দৰভাঙ্গাৰ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ত বাৰ্ষিক পৰীক্ষাৰ এডমিট কাৰ্ডত প্ৰকৃত ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিহাৰৰ ৰাজ্যপাল ফাগু চৌহান, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিং ধোনীৰ ফটো। ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত এই কথা প্ৰকাশ পাইছে৷ জানিব পৰা মতে , শিক্ষানুষ্ঠানটোৱে জনপ্ৰিয় ব্যক্তিসকলৰ ফটোৰ সৈতে এডমিট কাৰ্ড প্ৰকাশ কৰিছে৷
বৰ্তমান এই বিষয়টোয়ে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে আৰু প্ৰশাসনেও গুৰুত্ব সহকাৰে লৈছে৷ ইতিমধ্যে বিভিন্ন অভিযোগৰ ভিত্তিত আৰক্ষীৰ অনুসন্ধানো আৰম্ভ হৈছে ৷
বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক মুস্তাক আহমেদে কয় যে , এই এডমিট কাৰ্ডসমূহ অনলাইনত জাৰী কৰা হৈছিল আৰু সংশ্লিষ্ট শিক্ষাৰ্থীসকলে ডাউনলোড কৰি লৈছিল৷
আনহাতে , এডমিট কাৰ্ডৰ বাবে নিজৰ ফটোৰ বিপৰীতে জনপ্ৰিয় ব্যক্তিসকলৰ ফটোহে কিছু শিক্ষাৰ্থীয়ে আপলোড কৰিছে বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে৷ সমগ্ৰ ঘটনাটোত এক দুষ্ট চক্ৰও জড়িত হৈ আছে বুলি তেওঁ মন্তব্য কৰে৷
আনকি বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানৰ ফটোও এডমিট কাৰ্ডত চপা হৈছিল। উপযুক্ত তদন্তৰ পিছত দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে জানিবলৈ দিছে৷ এনে কাৰ্যই এফালে বিশ্ববিদ্যালয়খনৰ দুৰ্নাম কৰিছে ৷ আনফালে প্ৰধানমন্ত্ৰী আৰু ৰাজ্যপালৰ আলোকচিত্ৰৰ অপব্যৱহাৰো এক গুৰুতৰ বিষয়৷
দেখা যায়, ভাৰতত এনে ঘটনা এইয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও ২০১৮ চনত, উত্তৰ প্ৰদেশৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰই অমিতাভ বচ্চনৰ ফটো সংলগ্ন এডমিট কাৰ্ড লাভ কৰিছিল।
একেধৰণে, মুজাফৰপুৰত এজন শিক্ষাৰ্থীৰ এডমিট কাৰ্ডত প্ৰকৃত পিতৃ-মাতৃৰ বিপৰীতে বলীউডৰ তাৰকা ইমৰান হাছমী আৰু ছানী লিয়নীৰ নাম চপা হৈছিল ।