--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনতুন জীৱন সংগী বিচাৰি পালে ব্ৰাজিলৰ ফুটবল তাৰকা ৰোনাল্ডোৱে। এয়া তেওঁৰ পাঁচ নম্বৰৰ জীৱন সংগী। ব্ৰাজিলিয়ান তাৰকা ৰোনাল্ডোৱে প্ৰেমিকা চেলিনা লকছক আঙুঠি পিন্ধাই পুনৰ নতুনকৈ সংসাৰ গঞাৰ দিশে ধাবমান হ’ল। 

ইয়াৰ পূৰ্বে ৰোনাল্ডোৱে চাৰিখন বিবাহৰ সমাপ্তি বিচ্ছেদৰ মাজেৰে হৈছে। অৱশ্য, ৰোনাল্ডোৱে  ভাবে যে তেওঁ পঞ্চমবাৰৰ বাবে তেওঁৰ মনে বিচৰা  এগৰাকী  সঙ্গী বিচাৰি পাইছে।ব্ৰাজিলৰ তাৰকাগৰাকীয়ে   চেলিনৰ সৈতে হাঁহি-ধেমালিৰে  জীৱনটো অতিবাহিত কৰিব বিচাৰে। চেলিনাই ছচিয়েল মিডিয়াত আঙুঠি পিন্ধোৱাৰ এখন ৰোমান্টিক ছবি পোষ্ট কৰি   সমগ্ৰ বিশ্বক ভাল খবৰটো জনাইছে।  তেওঁ লিখিছে, "মই  মই সন্মত হ’লো"। পোষ্টটোৰ উত্তৰত ৪৬ বছৰীয়া ৰোনাণ্ডোৱে লিখিছে, "তোমাক ভালপাওঁ। "



চেলিনাই এগৰাকী মডেল হিচাপে তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ভোগে ডায়েৰৰ দৰে বিশ্ববিখ্যাত ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছে। মডেলিঙৰ পৃথিৱীত চূড়ান্ত সফলতাৰ পিছত, তেওঁ  নিজৰ এটা হেয়াৰ প্ৰডাক্টৰ কোম্পানীটোও খুলিছে। চেলেনা লকছৰ সৌন্দৰ্য সামগ্ৰী সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়। ২০১৫  চনত ৰোনাল্ডোৱে চেলিব্ৰিটি চেলিনাৰ সৈতে প্ৰেমত পৰিছিল। নিজতকৈ ১৩ বছৰে সৰু এগৰাকী প্ৰেমিকাৰ সৈতে ফুটবল তাৰকাগৰাকীৰ প্ৰেম গাঢ় হৈ পৰিছিল। অৱশেষত তেওঁলোকে বিয়াত বহাৰ   সিদ্ধান্ত লয়। 



মিলিনৰ সৈতে ৰোনাল্ডোৱে প্ৰথমবাৰৰ বাবে সংসাৰ আৰম্ভ কৰিছিল। অৱশ্যে ২০০৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ এটা ২২ বছৰীয়া পুত্ৰও আছে। তাৰ পিছত ২০০৫ চনত ব্ৰাজিলৰ  ষ্ট্ৰাইকাৰজনে ফ্ৰান্সত মডেল ডেনিয়েলাৰ সৈতে এক নতুন জীৱন আৰম্ভ কৰে। কিন্তু সেই সম্পৰ্কটোও স্থায়ী নহ'ল। ৰোনাল্ডোৱে মাৰিয়া এণ্টোইন নামৰ যুৱতীক তেওঁৰ জীৱন সংগী হিচাপে বাছনি কৰিছিল। তেওঁলোকৰ  দুগৰাকী কন্যা আছে।  এইবাৰ তাৰকাগৰাকীয়ে ৩৩ বছৰীয়া চেলিনাৰ সৈতে নতুন ইনিংছ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।  অৱশ্যে  তেওঁলোকে এতিয়ালৈকে বিয়াৰ তাৰিখ ঘোষণা কৰা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে