--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনতুন জীৱন সংগী বিচাৰি পালে ব্ৰাজিলৰ ফুটবল তাৰকা ৰোনাল্ডোৱে। এয়া তেওঁৰ পাঁচ নম্বৰৰ জীৱন সংগী। ব্ৰাজিলিয়ান তাৰকা ৰোনাল্ডোৱে প্ৰেমিকা চেলিনা লকছক আঙুঠি পিন্ধাই পুনৰ নতুনকৈ সংসাৰ গঞাৰ দিশে ধাবমান হ’ল। 

ইয়াৰ পূৰ্বে ৰোনাল্ডোৱে চাৰিখন বিবাহৰ সমাপ্তি বিচ্ছেদৰ মাজেৰে হৈছে। অৱশ্য, ৰোনাল্ডোৱে  ভাবে যে তেওঁ পঞ্চমবাৰৰ বাবে তেওঁৰ মনে বিচৰা  এগৰাকী  সঙ্গী বিচাৰি পাইছে।ব্ৰাজিলৰ তাৰকাগৰাকীয়ে   চেলিনৰ সৈতে হাঁহি-ধেমালিৰে  জীৱনটো অতিবাহিত কৰিব বিচাৰে। চেলিনাই ছচিয়েল মিডিয়াত আঙুঠি পিন্ধোৱাৰ এখন ৰোমান্টিক ছবি পোষ্ট কৰি   সমগ্ৰ বিশ্বক ভাল খবৰটো জনাইছে।  তেওঁ লিখিছে, "মই  মই সন্মত হ’লো"। পোষ্টটোৰ উত্তৰত ৪৬ বছৰীয়া ৰোনাণ্ডোৱে লিখিছে, "তোমাক ভালপাওঁ। "



চেলিনাই এগৰাকী মডেল হিচাপে তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ভোগে ডায়েৰৰ দৰে বিশ্ববিখ্যাত ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছে। মডেলিঙৰ পৃথিৱীত চূড়ান্ত সফলতাৰ পিছত, তেওঁ  নিজৰ এটা হেয়াৰ প্ৰডাক্টৰ কোম্পানীটোও খুলিছে। চেলেনা লকছৰ সৌন্দৰ্য সামগ্ৰী সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়। ২০১৫  চনত ৰোনাল্ডোৱে চেলিব্ৰিটি চেলিনাৰ সৈতে প্ৰেমত পৰিছিল। নিজতকৈ ১৩ বছৰে সৰু এগৰাকী প্ৰেমিকাৰ সৈতে ফুটবল তাৰকাগৰাকীৰ প্ৰেম গাঢ় হৈ পৰিছিল। অৱশেষত তেওঁলোকে বিয়াত বহাৰ   সিদ্ধান্ত লয়। 



মিলিনৰ সৈতে ৰোনাল্ডোৱে প্ৰথমবাৰৰ বাবে সংসাৰ আৰম্ভ কৰিছিল। অৱশ্যে ২০০৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ এটা ২২ বছৰীয়া পুত্ৰও আছে। তাৰ পিছত ২০০৫ চনত ব্ৰাজিলৰ  ষ্ট্ৰাইকাৰজনে ফ্ৰান্সত মডেল ডেনিয়েলাৰ সৈতে এক নতুন জীৱন আৰম্ভ কৰে। কিন্তু সেই সম্পৰ্কটোও স্থায়ী নহ'ল। ৰোনাল্ডোৱে মাৰিয়া এণ্টোইন নামৰ যুৱতীক তেওঁৰ জীৱন সংগী হিচাপে বাছনি কৰিছিল। তেওঁলোকৰ  দুগৰাকী কন্যা আছে।  এইবাৰ তাৰকাগৰাকীয়ে ৩৩ বছৰীয়া চেলিনাৰ সৈতে নতুন ইনিংছ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।  অৱশ্যে  তেওঁলোকে এতিয়ালৈকে বিয়াৰ তাৰিখ ঘোষণা কৰা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ