--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবয়স বঢ়াৰ লগে লগে বয়সৰ চাপ মানুহৰ দেহৰ ওপৰতো পৰে। কিন্তু সকলোৰে দেহত সমানে বয়সৰ চাপ নপৰে। তেনে এগৰাকী দেহত বয়সৰ চাপ নপৰা মডেল হৈছে আমেৰিকাৰ বেভাৰ্লি জনছনে। বেভাৰলি তেওঁৰ   ফিটনেছৰ বাবেই বহুতৰে মাজত  আলোচনাৰ কেন্দ্ৰ বিন্দু হৈ আহিছে।বেভাৰ্লি জনছনৰ বৰ্তমান বয়স  ৭০  বছৰ । কিন্তু তেওঁ এতিয়াও দেখিবলৈ ২২-২৩ বছৰীয়া যেনেই হৈ আছে। বেভাৰলিৰ  চাৰিটি টা নাতি-নাতিনীও আছে।


আমেৰিকান চুপাৰমডেল বেভাৰ্লি জনছনে ৭০ বছৰ বয়সতো যৌৱনক ধৰি ৰাখিব পাৰিছে।   ২২ বছৰ বয়সত তেওঁ আমেৰিকান ভগ আৰু এলি ফ্ৰান্সৰ বেটুপাতত স্থান পোৱা প্ৰথম কৃষ্ণাঙ্গ মহিলা হিচাপে পৰিগণিত হৈছিল।


হলিউডৰ চুপাৰমডেল বেভাৰ্লি জনছন ৭০ বছৰ বয়সতো অতি সক্ৰিয় হৈয়েই আছে। আফ্ৰিকান-আমেৰিকান মহিলা বেভাৰ্লি জনছন এগৰাকী আমেৰিকান চুপাৰমডেল। তেওঁ এগৰাকী অভিনেত্ৰী আৰু  নিউয়ৰ্ক টাইমছৰ সৰ্বাধিক জনপ্ৰিয়  লেখিকাও । তেওঁ  ফেশ্বন জগতৰ এটা বিশ্ব পৰিচিত  নাম। বেভাৰ্লি হৈছে আমেৰিকাৰ ৫০ গৰাকী  আটাইতকৈ প্ৰভাৱশালী আফ্ৰিকান-আমেৰিকান মহিলাৰ ভিতৰৰে এগৰাকী।   বেভাৰ্লিৰ মডেলিঙৰ ফটোবোৰ ৱাশ্বিংটন ডিচিৰ নেচনেল পোট্ৰেইট গেলেৰীতো প্ৰদৰ্শিত হৈ আছে।


বেভাৰ্লি জনছনে মাইকেল জেকচনৰ "লাইবেৰিয়ান গাৰ্ল" মিউজিক  ভিডিঅ'তো অভিনয় কৰিছিল।  

বেভাৰ্লিয়ে বিগত শতিকাৰ ৭০ ৰ দশকত মডেলিং জগতত প্ৰৱেশ কৰিছিল। ১৯৯০ ৰ দশকত তেওঁ ৫০০ তকৈও অধিক আলোচনীৰ বেটুপাতত  স্থান লাভ কৰিছিল।। বেভাৰ্লীয়ে ফিচাৰ ফিল্ম আৰু টেলিভিছন অনুষ্ঠানতো অভিনয় কৰিছে। বেভাৰ্লি জনছনে  দুবাৰ বিবাহপাশত আবদ্ধ হৈছে।  মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ  বিলি পটাৰ নামৰ এজন ৰিয়েল ইষ্টেট এজেণ্টৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ মাত্ৰ চাৰি বছৰ স্থায়ী হৈ আছিল। ইয়াৰ পিছত ২৫  বছৰ বয়সত তেওঁ পুনৰ বিবাহ পাশত আৱদ্ধ হয় আৰু দুবছৰ পিছত বিবাহ বিচ্ছেদো হয়। তেওঁ অভিনেতা ক্ৰিছ নথৰ সৈতে  পাঁচ বছৰ ধৰি একেলগে আছিল। 


বেভাৰ্লি জনছন এগৰাকী দায়িত্বশীল  আইতাকো। তেওঁৰ ৪ টা নাতি-নাতিনী আছে। অৱশ্যে তেওঁৰ ফিটনেছ দেখি কোনেও  সেই কথা  বিশ্বাস কৰিব নোখোজে।  অভিনেত্ৰীগৰাকীৰ  জীৱনশৈলীয়ে সকলোকে অনুপ্ৰাণিত কৰি আহিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
যিমানে বিলাই দিবা সিমানে মহান হ'বা! ভিক্ষাৰী মহিলাই মন্দিৰলৈ দান কৰিলে ১.৮৩ লাখ টকা
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে মৃত্যু দম্পতী গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু অৰ্চনা শৰ্মাৰ
কেইদিনমানৰ পাছতে গেছ আৰু বদহজমৰ অন্ত পৰিব! প্ৰতিদিনে পুৱা খালী পেটত খাওক এইবিধ পানীয়
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে
জাঁজী নদীৰ দলঙৰ পৰা জাঁপ দিলে ছাত্ৰই! কোনোমতে প্ৰাণ ৰক্ষা
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা
চুপাৰিৰ পৰিৱৰ্তে এইবাৰ নৈশ বাছেৰে সৰবৰাহ বস্তাই বস্তাই বার্মিজ কেঁচা তামোল