--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবয়স বঢ়াৰ লগে লগে বয়সৰ চাপ মানুহৰ দেহৰ ওপৰতো পৰে। কিন্তু সকলোৰে দেহত সমানে বয়সৰ চাপ নপৰে। তেনে এগৰাকী দেহত বয়সৰ চাপ নপৰা মডেল হৈছে আমেৰিকাৰ বেভাৰ্লি জনছনে। বেভাৰলি তেওঁৰ   ফিটনেছৰ বাবেই বহুতৰে মাজত  আলোচনাৰ কেন্দ্ৰ বিন্দু হৈ আহিছে।বেভাৰ্লি জনছনৰ বৰ্তমান বয়স  ৭০  বছৰ । কিন্তু তেওঁ এতিয়াও দেখিবলৈ ২২-২৩ বছৰীয়া যেনেই হৈ আছে। বেভাৰলিৰ  চাৰিটি টা নাতি-নাতিনীও আছে।


আমেৰিকান চুপাৰমডেল বেভাৰ্লি জনছনে ৭০ বছৰ বয়সতো যৌৱনক ধৰি ৰাখিব পাৰিছে।   ২২ বছৰ বয়সত তেওঁ আমেৰিকান ভগ আৰু এলি ফ্ৰান্সৰ বেটুপাতত স্থান পোৱা প্ৰথম কৃষ্ণাঙ্গ মহিলা হিচাপে পৰিগণিত হৈছিল।


হলিউডৰ চুপাৰমডেল বেভাৰ্লি জনছন ৭০ বছৰ বয়সতো অতি সক্ৰিয় হৈয়েই আছে। আফ্ৰিকান-আমেৰিকান মহিলা বেভাৰ্লি জনছন এগৰাকী আমেৰিকান চুপাৰমডেল। তেওঁ এগৰাকী অভিনেত্ৰী আৰু  নিউয়ৰ্ক টাইমছৰ সৰ্বাধিক জনপ্ৰিয়  লেখিকাও । তেওঁ  ফেশ্বন জগতৰ এটা বিশ্ব পৰিচিত  নাম। বেভাৰ্লি হৈছে আমেৰিকাৰ ৫০ গৰাকী  আটাইতকৈ প্ৰভাৱশালী আফ্ৰিকান-আমেৰিকান মহিলাৰ ভিতৰৰে এগৰাকী।   বেভাৰ্লিৰ মডেলিঙৰ ফটোবোৰ ৱাশ্বিংটন ডিচিৰ নেচনেল পোট্ৰেইট গেলেৰীতো প্ৰদৰ্শিত হৈ আছে।


বেভাৰ্লি জনছনে মাইকেল জেকচনৰ "লাইবেৰিয়ান গাৰ্ল" মিউজিক  ভিডিঅ'তো অভিনয় কৰিছিল।  

বেভাৰ্লিয়ে বিগত শতিকাৰ ৭০ ৰ দশকত মডেলিং জগতত প্ৰৱেশ কৰিছিল। ১৯৯০ ৰ দশকত তেওঁ ৫০০ তকৈও অধিক আলোচনীৰ বেটুপাতত  স্থান লাভ কৰিছিল।। বেভাৰ্লীয়ে ফিচাৰ ফিল্ম আৰু টেলিভিছন অনুষ্ঠানতো অভিনয় কৰিছে। বেভাৰ্লি জনছনে  দুবাৰ বিবাহপাশত আবদ্ধ হৈছে।  মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ  বিলি পটাৰ নামৰ এজন ৰিয়েল ইষ্টেট এজেণ্টৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ মাত্ৰ চাৰি বছৰ স্থায়ী হৈ আছিল। ইয়াৰ পিছত ২৫  বছৰ বয়সত তেওঁ পুনৰ বিবাহ পাশত আৱদ্ধ হয় আৰু দুবছৰ পিছত বিবাহ বিচ্ছেদো হয়। তেওঁ অভিনেতা ক্ৰিছ নথৰ সৈতে  পাঁচ বছৰ ধৰি একেলগে আছিল। 


বেভাৰ্লি জনছন এগৰাকী দায়িত্বশীল  আইতাকো। তেওঁৰ ৪ টা নাতি-নাতিনী আছে। অৱশ্যে তেওঁৰ ফিটনেছ দেখি কোনেও  সেই কথা  বিশ্বাস কৰিব নোখোজে।  অভিনেত্ৰীগৰাকীৰ  জীৱনশৈলীয়ে সকলোকে অনুপ্ৰাণিত কৰি আহিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ