--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ৰাজ্যসমূহত বিজেপি প্ৰত্যাহ্বানৰ ,সন্মুখীন হোৱাৰ সময়তে এইবাৰ পঞ্জাৱতো বিজেপিত ভাঙোনে দেখা দিছে।   লোকসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱ বিজেপিত হোৱা  বৃহৎ  বিভাজনে দলটোক সংকটতত পেলাইছে।পঞ্জাৱ বিজেপিৰ  উপ-সভাপতিকে ধৰি কেইবাজনো প্ৰাক্তন মন্ত্ৰীয়ে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে। বিজেপি নেতাসকলৰ লগতে শিৰোমণি  আকালি দলৰ কেইবাজনো নেতাই কংগ্ৰেছত যোগদান কৰিছে।


বিজেপিৰ উপ-সভাপতি ৰাজকুমাৰ ভেৰ্কাই শনিবাৰে কংগ্ৰেছত যোগদান কৰে। দুজন প্ৰাক্তন মন্ত্ৰী বলবীৰ সিং সিদ্ধু আৰু গুৰপ্ৰীত কাংগাৰ। বিজেপিৰ উপৰি শিৰোমণি আকালি দলৰ (এছএডি) পৰাও কেইবাজনো গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছত যোগদান কৰিছে। এই তালিকাখনত প্ৰাক্তন মন্ত্ৰী হংসৰাজ যোশী, প্ৰাক্তন বিধায়ক জিত মহিন্দৰ সিং আৰু মহিন্দৰ সিং ৰিনৱাও  আছে। মোহালিৰ প্ৰাক্তন মেয়ৰ অমৰজিৎ সিঙেও কংগ্ৰেছত যোগদান কৰিছে। 

কংগ্ৰেছত যোগদান কৰাসকলৰ  ভিতৰত ৰাজকুমাৰ ভেৰ্কা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি আছিল। ৰাজকুমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ এজন ঘনিষ্ঠ ব্যক্তি বুলি পৰিচিত। তেওঁ বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি সুনীল জাখৰৰো অনুগামী। তেওঁ পূৰ্বে  কংগ্ৰেছ ত্যাগ কৰি  সুনীল জাখৰৰ সৈতে বিজেপিত যোগদান কৰিছিল। পিছলৈ সুনীল বিজেপিৰ সভাপতি হৈছিল আৰু ৰাজকুমাৰ বৰ্কা উপ-সভাপতি হৈছিল। অৱশ্যে, গেৰুৱা দলৰ প্ৰতি মোহভঙ্গ হোৱাৰ বাবে ৰাজকুমাৰ ভেৰ্কাই শুক্ৰবাৰে বিজেপি ত্যাগ কৰে আৰু শনিবাৰে কংগ্ৰেছত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু