--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ৰাজ্যসমূহত বিজেপি প্ৰত্যাহ্বানৰ ,সন্মুখীন হোৱাৰ সময়তে এইবাৰ পঞ্জাৱতো বিজেপিত ভাঙোনে দেখা দিছে।   লোকসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱ বিজেপিত হোৱা  বৃহৎ  বিভাজনে দলটোক সংকটতত পেলাইছে।পঞ্জাৱ বিজেপিৰ  উপ-সভাপতিকে ধৰি কেইবাজনো প্ৰাক্তন মন্ত্ৰীয়ে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে। বিজেপি নেতাসকলৰ লগতে শিৰোমণি  আকালি দলৰ কেইবাজনো নেতাই কংগ্ৰেছত যোগদান কৰিছে।


বিজেপিৰ উপ-সভাপতি ৰাজকুমাৰ ভেৰ্কাই শনিবাৰে কংগ্ৰেছত যোগদান কৰে। দুজন প্ৰাক্তন মন্ত্ৰী বলবীৰ সিং সিদ্ধু আৰু গুৰপ্ৰীত কাংগাৰ। বিজেপিৰ উপৰি শিৰোমণি আকালি দলৰ (এছএডি) পৰাও কেইবাজনো গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছত যোগদান কৰিছে। এই তালিকাখনত প্ৰাক্তন মন্ত্ৰী হংসৰাজ যোশী, প্ৰাক্তন বিধায়ক জিত মহিন্দৰ সিং আৰু মহিন্দৰ সিং ৰিনৱাও  আছে। মোহালিৰ প্ৰাক্তন মেয়ৰ অমৰজিৎ সিঙেও কংগ্ৰেছত যোগদান কৰিছে। 

কংগ্ৰেছত যোগদান কৰাসকলৰ  ভিতৰত ৰাজকুমাৰ ভেৰ্কা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি আছিল। ৰাজকুমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ এজন ঘনিষ্ঠ ব্যক্তি বুলি পৰিচিত। তেওঁ বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি সুনীল জাখৰৰো অনুগামী। তেওঁ পূৰ্বে  কংগ্ৰেছ ত্যাগ কৰি  সুনীল জাখৰৰ সৈতে বিজেপিত যোগদান কৰিছিল। পিছলৈ সুনীল বিজেপিৰ সভাপতি হৈছিল আৰু ৰাজকুমাৰ বৰ্কা উপ-সভাপতি হৈছিল। অৱশ্যে, গেৰুৱা দলৰ প্ৰতি মোহভঙ্গ হোৱাৰ বাবে ৰাজকুমাৰ ভেৰ্কাই শুক্ৰবাৰে বিজেপি ত্যাগ কৰে আৰু শনিবাৰে কংগ্ৰেছত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ