--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত ৫ জানুৱাৰীত পঞ্জাবত প্ৰতিবাদী কৃষকে প্ৰধানমন্ত্ৰী মোদীৰ কনভয় অৱৰোধ কৰা বিতর্কৰ এতিয়াও যেন অন্ত পৰা নাই সমগ্র দেশতে। ঠায়ে ঠায়ে কংগ্রেছ-বিজেপিৰ সমুখ-সমৰত সাব্যস্ত হৈছে নানা প্ৰতিবাদ। বিষয়টিয়ে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰস্থ হোৱাৰ পাছতো সন্তুষ্ট হোৱা নাই বিজেপি। অবিৰত আছে নানা বাক-যুদ্ধ, ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত উগ্ৰতাৰা মন্দিৰত প্ৰধানমন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনা কৰি পূজা-অৰ্চনাও কৰে। লগতে মুখ্যমন্ত্রী শৰ্মাই কয় যে কংগ্রেছে কেৱল ৰাজনীতিহে কৰে কিন্তু উন্নয়ন নিবিচাৰে। অসমত ৰাহুল গান্ধী, ছোনীয়া গান্ধী বা কংগ্রেছ হাইকমাণ্ডৰ আন কোনোবাই আহিলে তেওঁলোকৰ নিৰাপত্তাৰ নামত মই টিট ফৰ টেট আচৰণ নকৰো। বিজেপিৰ নীতি-আদৰ্শই কংগ্রেছৰ নিচিনাকৈ আচৰণ কৰা নিশিকায়।

কংগ্রেছে বিজেপিৰ বিৰুদ্ধে যিমানেই নিকৃষ্ট ৰাজনীতি নকৰক কিয় আমি দেশবাসীৰ উন্নয়নৰ হকে কাম কৰি যাম বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্জাব চৰকাৰক কটাক্ষ কৰি মুখ্যমন্ত্রী শৰ্মাই সমালোচনা কৰে যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্রত ত্ৰুটী থকা বিষয়টো গুৰুতৰ আৰু কংগ্রেছ হাইকমাণ্ডে পঞ্জাবৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাকৈ প্ৰচাৰ চলাই থকা বিষয়টো নিন্দনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু