--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত ৫ জানুৱাৰীত পঞ্জাবত প্ৰতিবাদী কৃষকে প্ৰধানমন্ত্ৰী মোদীৰ কনভয় অৱৰোধ কৰা বিতর্কৰ এতিয়াও যেন অন্ত পৰা নাই সমগ্র দেশতে। ঠায়ে ঠায়ে কংগ্রেছ-বিজেপিৰ সমুখ-সমৰত সাব্যস্ত হৈছে নানা প্ৰতিবাদ। বিষয়টিয়ে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰস্থ হোৱাৰ পাছতো সন্তুষ্ট হোৱা নাই বিজেপি। অবিৰত আছে নানা বাক-যুদ্ধ, ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত উগ্ৰতাৰা মন্দিৰত প্ৰধানমন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনা কৰি পূজা-অৰ্চনাও কৰে। লগতে মুখ্যমন্ত্রী শৰ্মাই কয় যে কংগ্রেছে কেৱল ৰাজনীতিহে কৰে কিন্তু উন্নয়ন নিবিচাৰে। অসমত ৰাহুল গান্ধী, ছোনীয়া গান্ধী বা কংগ্রেছ হাইকমাণ্ডৰ আন কোনোবাই আহিলে তেওঁলোকৰ নিৰাপত্তাৰ নামত মই টিট ফৰ টেট আচৰণ নকৰো। বিজেপিৰ নীতি-আদৰ্শই কংগ্রেছৰ নিচিনাকৈ আচৰণ কৰা নিশিকায়।

কংগ্রেছে বিজেপিৰ বিৰুদ্ধে যিমানেই নিকৃষ্ট ৰাজনীতি নকৰক কিয় আমি দেশবাসীৰ উন্নয়নৰ হকে কাম কৰি যাম বুলি মন্তব্য কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্জাব চৰকাৰক কটাক্ষ কৰি মুখ্যমন্ত্রী শৰ্মাই সমালোচনা কৰে যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্রত ত্ৰুটী থকা বিষয়টো গুৰুতৰ আৰু কংগ্রেছ হাইকমাণ্ডে পঞ্জাবৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাকৈ প্ৰচাৰ চলাই থকা বিষয়টো নিন্দনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ