--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বহু চৰ্চিত বিধানসভা নিৰ্বাচন সন্দৰ্ভত আজি আনুষ্ঠানিক ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। দেশত ক’ভিড পৰিস্থিতিৰ অৱনতি তথা তৃতীয় ঢৌৰ আশংকাৰ মাজতেই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাই আজি সংবাদ মেলযোগে এই পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন তথা নীতি-নিৰ্দেশনা জাৰি কৰে। কঠোৰ ক’ভিড প্ৰতিৰোধী নীতি-নিৰ্দেশনাৰ মাজেৰে এই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি প্ৰকাশ আয়োগে। চন্দ্ৰাই দেশৰ ক’ভিড পৰিস্থিতি তথা অ’মিক্ৰনৰ সংক্ৰমণ সম্পৰ্কীয় সকলো দিশ পৰ্যালোচনা কৰি নিৰ্বাচন সম্পৰ্কীয় নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, মণিপুৰ, উত্তৰাখণ্ডত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন অহা ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

আয়োগে কৰা ঘোষণা অনুসৰি ১০ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, ১৪ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ, ২০ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ, ২৩ ফেব্ৰুৱাৰীত চতুৰ্থ পৰ্যায়ৰ. ২৭ ফেব্ৰুৱাৰীত পঞ্চম পৰ্যায়ৰ, ৩ মাৰ্চত ৬ষ্ঠ পৰ্যায়ৰ আৰু ৭ মাৰ্চত সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। মণিপুৰত ২৭ ফেব্ৰুৱাৰী, ৩ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন। আনহাতে ভোটগণনা কৰা হ’ব ১০ মাৰ্চত। দেশৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ জানুৱাৰীলৈ সকলো ধৰণৰ ৰাজনৈতিক সভা, পদযাত্ৰা, ৰেলী আদি অনুষ্ঠিত কৰাটো নিষিদ্ধ কৰা হৈছে। চন্দ্ৰাই ঘোষণা কৰে যে, কোনো ধৰণৰ নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰাৰ অনুমতি দিলেও সেয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনা মানি অনুষ্ঠিত কৰিব লাগিব। আনহাতে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে সৰ্বাধিক ছজন লোককহে অনুমতি দিয়া হৈছে। আজিৰ পৰাই এই ৰাজ্যসমূহত আদৰ্শ নিৰ্বচনী বিধি বলৱৎ হোৱাৰ কথাও ঘোষণা কৰে।

ভোট কেন্দ্ৰ সমূহত ভোটাৰৰ ভিৰ কমাবৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয় মাত্ৰ ১২৫০জন ভোটাৰকহে এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰাৰ অনুমতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। আনহাতে ক’ভিড পজিটিভ আৰু বয়োজ্যেষ্ঠ ভোটাৰৰ ক্ষেত্ৰত পোষ্টেল বেলটৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন আয়োগে আৰু প্ৰকাশ কৰা অনুসৰি এই ৰাজ্যসমূহক প্ৰথমবাৰৰ বাবে ভোটদান কৰিব ২৪.৯ লাখ ভোটাৰে। পাঁচ ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮.৩৪ কোটি। ‘ক’ভিড সুৰক্ষিত’ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগে চলোৱা প্ৰস্তুতি সন্দৰ্ভতো বিতং ব্যাখ্য কৰে মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাই। ইফালে নিৰ্বাচনত অংশ লোৱা অপৰাধী প্ৰাৰ্থীৰ ক্ষেত্ৰতো কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছে নিৰ্বাচন আয়োগে।

আয়োগে প্ৰকাশ কৰা মতে বিভিন্ন ৰাজনৈতিক দলে কিহৰ বাবে অপৰাধী প্ৰাৰ্থীক নিৰ্বাচনৰ টিকট দিয়া হৈছে সেয়া স্পষ্ট কৰিব লাগিব। তদুপৰি অপৰাধী প্ৰাৰ্থীৰ সবিশেষ যাতে ভোটাৰে গম পায় তাৰ বাবে আয়োগে এটা এপ মুকলি কৰা বুলিও প্ৰকাশ কৰিছে। পঞ্জাব, উত্তৰ প্ৰদেশৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যৰ নিৰ্বাচনকৰ দিন ঘোষণাই এতিয়া দেশত ৰাজনৈতিক আৱহাৱা উত্তাল কৰি তুলিছে। মন কৰিবলগীয়া যে, নিৰ্বাচন আয়োগে ৰাজহুৱা সভা তথা বৃহৎ ৰাজনৈতিক সমাৱেশ বন্ধ কৰাৰ জৰিয়তে এক নতুন বাৰ্তা লৈ আহিছে। দেশৰ নিৰ্বাচনী ইতিহাসত ই ডিজিটেল যুগৰ আৰম্ভণি ঘটোৱা বুলিও চৰ্চা চলিছে। বৃহৎ সমাৱেশ নোহোৱাকৈ, ৰেলী বা পদযাত্ৰা অনুষ্ঠিত নকৰাকৈ যদিহে এই নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে ই দেশৰ ৰাজনৈতিক ইতিহাসৰ এক উল্লেখনীয় ঘটনা বিবেচিত হ’ব। ৰাজনৈতিক দলসমূহে কি কৌশলেৰে এতিয়া ভোটাৰৰ কাষ চপাৰ ব্যৱস্থা কৰে সেয়াও লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement