--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বহু চৰ্চিত বিধানসভা নিৰ্বাচন সন্দৰ্ভত আজি আনুষ্ঠানিক ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। দেশত ক’ভিড পৰিস্থিতিৰ অৱনতি তথা তৃতীয় ঢৌৰ আশংকাৰ মাজতেই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাই আজি সংবাদ মেলযোগে এই পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন তথা নীতি-নিৰ্দেশনা জাৰি কৰে। কঠোৰ ক’ভিড প্ৰতিৰোধী নীতি-নিৰ্দেশনাৰ মাজেৰে এই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি প্ৰকাশ আয়োগে। চন্দ্ৰাই দেশৰ ক’ভিড পৰিস্থিতি তথা অ’মিক্ৰনৰ সংক্ৰমণ সম্পৰ্কীয় সকলো দিশ পৰ্যালোচনা কৰি নিৰ্বাচন সম্পৰ্কীয় নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, মণিপুৰ, উত্তৰাখণ্ডত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন অহা ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

আয়োগে কৰা ঘোষণা অনুসৰি ১০ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, ১৪ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ, ২০ ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ৰ, ২৩ ফেব্ৰুৱাৰীত চতুৰ্থ পৰ্যায়ৰ. ২৭ ফেব্ৰুৱাৰীত পঞ্চম পৰ্যায়ৰ, ৩ মাৰ্চত ৬ষ্ঠ পৰ্যায়ৰ আৰু ৭ মাৰ্চত সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। মণিপুৰত ২৭ ফেব্ৰুৱাৰী, ৩ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন। আনহাতে ভোটগণনা কৰা হ’ব ১০ মাৰ্চত। দেশৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ জানুৱাৰীলৈ সকলো ধৰণৰ ৰাজনৈতিক সভা, পদযাত্ৰা, ৰেলী আদি অনুষ্ঠিত কৰাটো নিষিদ্ধ কৰা হৈছে। চন্দ্ৰাই ঘোষণা কৰে যে, কোনো ধৰণৰ নিৰ্বাচনী ৰেলী অনুষ্ঠিত কৰাৰ অনুমতি দিলেও সেয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনা মানি অনুষ্ঠিত কৰিব লাগিব। আনহাতে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে সৰ্বাধিক ছজন লোককহে অনুমতি দিয়া হৈছে। আজিৰ পৰাই এই ৰাজ্যসমূহত আদৰ্শ নিৰ্বচনী বিধি বলৱৎ হোৱাৰ কথাও ঘোষণা কৰে।

ভোট কেন্দ্ৰ সমূহত ভোটাৰৰ ভিৰ কমাবৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয় মাত্ৰ ১২৫০জন ভোটাৰকহে এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰাৰ অনুমতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে। আনহাতে ক’ভিড পজিটিভ আৰু বয়োজ্যেষ্ঠ ভোটাৰৰ ক্ষেত্ৰত পোষ্টেল বেলটৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন আয়োগে আৰু প্ৰকাশ কৰা অনুসৰি এই ৰাজ্যসমূহক প্ৰথমবাৰৰ বাবে ভোটদান কৰিব ২৪.৯ লাখ ভোটাৰে। পাঁচ ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৮.৩৪ কোটি। ‘ক’ভিড সুৰক্ষিত’ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগে চলোৱা প্ৰস্তুতি সন্দৰ্ভতো বিতং ব্যাখ্য কৰে মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাই। ইফালে নিৰ্বাচনত অংশ লোৱা অপৰাধী প্ৰাৰ্থীৰ ক্ষেত্ৰতো কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছে নিৰ্বাচন আয়োগে।

আয়োগে প্ৰকাশ কৰা মতে বিভিন্ন ৰাজনৈতিক দলে কিহৰ বাবে অপৰাধী প্ৰাৰ্থীক নিৰ্বাচনৰ টিকট দিয়া হৈছে সেয়া স্পষ্ট কৰিব লাগিব। তদুপৰি অপৰাধী প্ৰাৰ্থীৰ সবিশেষ যাতে ভোটাৰে গম পায় তাৰ বাবে আয়োগে এটা এপ মুকলি কৰা বুলিও প্ৰকাশ কৰিছে। পঞ্জাব, উত্তৰ প্ৰদেশৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যৰ নিৰ্বাচনকৰ দিন ঘোষণাই এতিয়া দেশত ৰাজনৈতিক আৱহাৱা উত্তাল কৰি তুলিছে। মন কৰিবলগীয়া যে, নিৰ্বাচন আয়োগে ৰাজহুৱা সভা তথা বৃহৎ ৰাজনৈতিক সমাৱেশ বন্ধ কৰাৰ জৰিয়তে এক নতুন বাৰ্তা লৈ আহিছে। দেশৰ নিৰ্বাচনী ইতিহাসত ই ডিজিটেল যুগৰ আৰম্ভণি ঘটোৱা বুলিও চৰ্চা চলিছে। বৃহৎ সমাৱেশ নোহোৱাকৈ, ৰেলী বা পদযাত্ৰা অনুষ্ঠিত নকৰাকৈ যদিহে এই নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে ই দেশৰ ৰাজনৈতিক ইতিহাসৰ এক উল্লেখনীয় ঘটনা বিবেচিত হ’ব। ৰাজনৈতিক দলসমূহে কি কৌশলেৰে এতিয়া ভোটাৰৰ কাষ চপাৰ ব্যৱস্থা কৰে সেয়াও লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু