--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবত বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ দাম৷ পঞ্জাব চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ভেট বৃদ্ধি কৰিছে৷
 
পঞ্জাব চৰকাৰে দেওবাৰে ইন্ধনৰ ওপৰত মূল্য-সংযোজন কৰ (ভেট) ১০% বৃদ্ধি কৰে, যাৰ ফলত ৰাজ্যখনত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ক্ৰমে ৯২ পইচা আৰু প্ৰতি লিটাৰত ৮৮ পইচা বৃদ্ধি হয়।
ৰাজ্য চৰকাৰে জাৰি কৰা এক জাননী অনুসৰি, ভেট বৃদ্ধিৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত এক টকাকৈ বৃদ্ধি হ’ব। মোহালিত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ৯৮.৯৫ টকা, আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮৯.২৫ টকা হ’ব। চণ্ডীগড়ত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯৬.২০ টকা হ’ব, আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত হ’ব ৮৪.২৬ টকা৷

এইবছৰ দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনত ইন্ধনৰ মূল্য বৃদ্ধি কৰা হৈছে।

পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি কৈছিল যে যদি আন্তৰ্জাতিক খাৰুৱা তেলৰ মূল্য স্থিৰ হৈ থাকে আৰু কোম্পানীবোৰৰ পৰৱৰ্তী তিনিমাহ লাভজনক হয় তেন্তে তেল কোম্পানীবোৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰিব পাৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা তেলৰ মূল্য বৃদ্ধি প্ৰতিহত কৰিছে৷ চৰকাৰে নিশ্চিত কৰিব যাতে গ্ৰাহকসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস