--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পঁচিশটা বসন্ত পাৰ কৰিলে ‘দিল তো পাগল হ্যেঁ’য়ে। কিন্তু এতিয়াও দৰ্শকৰ মনত সজীৱ হৈ আছে চিনেমাখনৰ চৰিত্ৰসমূহ আৰু এটা ত্ৰিকোণীয়া প্ৰেমৰ আখ্যান। যশ চোপ্ৰা পৰিচালিত বলিউডৰ চুপাৰহিট চিনেমাখনে দেওবাৰে চিত্ৰগৃহত মুক্তিৰ পঁচিশটা বছৰ পাৰ কৰিলে।

নবৈ দশকৰ শেষৰফালে মুক্তি লাভ কৰা চিনেমাখনত অভিনয় কৰিছিল শ্বাহৰুখ খান, মাধুৰী দীক্ষিত আৰু কৰিশ্মা কাপুৰৰ দৰে জনপ্ৰিয় তাৰকাসকলে। চিনেমাখনৰ গানসমূহো শ্ৰোতাৰ মুখে মুখে বাগৰিছিল। চিত্ৰগৃহত ছুপাৰহিট হোৱাৰ উপৰিও আঁজুৰি তিনিটাকৈ নেচনেল এৱাৰ্ড।

পঁচিশটা বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে চিনেমাখনৰ প্ৰযোজনা সংস্থাটোটোৱে সামাজিক মাধমত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত চিনেমাখনৰ জনপ্ৰিয় গানসমূহৰ স’তে কিছু বিশেষ দৃশ্য সংযুক্ত কৰা হৈছে। ভিডিঅ’টোত কেপচন হিচাপে লিখা হৈছে যে পঁচিশ বছৰ পূৰ্বে ‘দিল তো পাগল হ্যেঁ’ই প্ৰেম আৰু বন্ধুত্ব সম্পৰ্কে আমাৰ প্ৰত্যেকৰে ধাৰণা সলনি কৰি দিছিল।

সামাজিক মাধ্যমত চিনেমাখনক লৈ এইদৰে চৰ্চা হোৱাৰ পাছতে অনুৰাগীসকলে নষ্টালজিয়াত ডুবিছে। চিনেমাখনৰ গুণমুগ্ধসকলে লিখিছে যে চিনেমাখন তেওঁলোকৰ কৈশোৰকালৰ স’তে জড়িত আৰু সেয়ে আজিও পাহৰিব পৰা নাই।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু