--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পঁচিশটা বসন্ত পাৰ কৰিলে ‘দিল তো পাগল হ্যেঁ’য়ে। কিন্তু এতিয়াও দৰ্শকৰ মনত সজীৱ হৈ আছে চিনেমাখনৰ চৰিত্ৰসমূহ আৰু এটা ত্ৰিকোণীয়া প্ৰেমৰ আখ্যান। যশ চোপ্ৰা পৰিচালিত বলিউডৰ চুপাৰহিট চিনেমাখনে দেওবাৰে চিত্ৰগৃহত মুক্তিৰ পঁচিশটা বছৰ পাৰ কৰিলে।

নবৈ দশকৰ শেষৰফালে মুক্তি লাভ কৰা চিনেমাখনত অভিনয় কৰিছিল শ্বাহৰুখ খান, মাধুৰী দীক্ষিত আৰু কৰিশ্মা কাপুৰৰ দৰে জনপ্ৰিয় তাৰকাসকলে। চিনেমাখনৰ গানসমূহো শ্ৰোতাৰ মুখে মুখে বাগৰিছিল। চিত্ৰগৃহত ছুপাৰহিট হোৱাৰ উপৰিও আঁজুৰি তিনিটাকৈ নেচনেল এৱাৰ্ড।

পঁচিশটা বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে চিনেমাখনৰ প্ৰযোজনা সংস্থাটোটোৱে সামাজিক মাধমত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত চিনেমাখনৰ জনপ্ৰিয় গানসমূহৰ স’তে কিছু বিশেষ দৃশ্য সংযুক্ত কৰা হৈছে। ভিডিঅ’টোত কেপচন হিচাপে লিখা হৈছে যে পঁচিশ বছৰ পূৰ্বে ‘দিল তো পাগল হ্যেঁ’ই প্ৰেম আৰু বন্ধুত্ব সম্পৰ্কে আমাৰ প্ৰত্যেকৰে ধাৰণা সলনি কৰি দিছিল।

সামাজিক মাধ্যমত চিনেমাখনক লৈ এইদৰে চৰ্চা হোৱাৰ পাছতে অনুৰাগীসকলে নষ্টালজিয়াত ডুবিছে। চিনেমাখনৰ গুণমুগ্ধসকলে লিখিছে যে চিনেমাখন তেওঁলোকৰ কৈশোৰকালৰ স’তে জড়িত আৰু সেয়ে আজিও পাহৰিব পৰা নাই।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক