--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ ঘৰৰ বা পাকঘৰৰ চাৰিওফালে পঁইতাচোৰা অবাধে বিচৰণ কৰি ফুৰা পৰিলক্ষিত হয়, যিয়ে একপ্ৰকাৰৰ আতংকৰ সৃষ্টি কৰি তোলে। কাৰণ ই মানুহক বিভিন্ন ধৰণেৰে অসুস্থতা কাৰণ হৈ পৰিব পাৰে। সেয়েহে পঁইতাচোৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান ঘৰুৱা উপায় বিষয়ে জানো আহক।

 ১. কেৰাচিন-

যদি আপুনি আপোনাৰ পাকঘৰখন পঁইতাচোৰা পৰা মুক্তি বিচাৰে, তেন্তে আপুনি কেৰাচিন তেলৰ সহায় ল’ব পাৰে। প্ৰথমে পঁইতাচোৰ বেছিকৈ দেখা পোৱা ঠাইবোৰ চিহ্নিত কৰি তাত কেৰাচিন স্প্ৰে’ কৰক। কেৰাচিনৰ গোন্ধৰ বাবে ঘৰৰ পৰা পঁইতাচোৰ আঁতৰি যাব।

২. নিমপাত-

পঁইতাচোৰাৰ পৰা মুক্তি পাবলৈ আন এক সুন্দৰ উপায় হৈছে নিমগছৰ পাত। যদি আপুনি ঘৰৰ পৰাই পঁইতাচোৰা পৰা মুক্তি পাব বিচাৰে তেন্তে নিমপাত পানীত উতলাই পঁইতাচোৰা ওলোৱা ঠাইসমূহ চিনাক্ত কৰি তাত নিমৰ পানী ছটিয়াই দিব লাগে। এই কৌশলেৰে তৎক্ষণাতে ঘৰৰ পৰা পঁইতাচোৰা নোহোৱা কৰিব পাৰি।

 ৩. বেকিং ছ’ডা অতি ফলপ্ৰসূ-

বেকিং ছ’ডাইও আপোনাক যথেষ্ট সহায় কৰিব পাৰে। বেকিং ছ’ডাত চেনি মিহলাই মিশ্ৰণ বনাই এই মিশ্ৰণটো পঁইতাচোৰা ওলোৱা স্থানসমূহত ৰাখিব লাগে। চেনিয়ে পঁইতাচোৰাক আকৰ্ষণ কৰিব কিন্তু বেকিং ছ’ডাৰ লগত মিহলাই দিলে ইহঁতৰ বাবে বিহৰ দৰে কাম কৰে ফলত আতংকমুক্ত হ’ব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান