--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ কবলত পৰিছে দেশৰ বহুকেইখন ৰাজ্য। ৪৩ ডিগ্ৰীপৰ্যন্ত হৈছেগৈ সৰ্বোচ্চ তাপমাত্ৰা। সম্প্ৰতি দেশৰ ১২খন ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহ অৰ্থাৎ ‘লু’ৰ সন্ত্ৰাস চলিছে। উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, বিহাৰ, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্র, তেলেংগানা, ওড়িশা আৰু পশ্চিমবংগত এতিয়া প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত ত্ৰাহি মধূসুদন জনতাৰ৷ 

বতৰ বিজ্ঞান বিভাগৰ মতে অনাগত দিনত তাপমাত্ৰা আৰু অধিক বৃদ্ধি পাব এইসমূহ ৰাজ্যত। উত্তৰ ভাৰতত পাৰাস্তম্ভ অতিক্ৰম কৰিছে ৩৫ ডিগ্ৰীৰ সীমা। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালত পাৰাস্তম্ভই অতিক্ৰমণ কৰিছে ৪৩.৭ ডিগ্ৰী চেলছিয়াছৰ সীমা। একেদৰে কৰ্ণাটক, ওড়িশা, মহাৰাষ্ট্র আৰু অন্ধ্ৰপ্ৰদেশৰ বহুকেইখন চহৰৰ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ৪৩ ডিগ্ৰী চেলছিয়াছৰ ওপৰত। অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে এইসমূহ ৰাজ্যত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন। ওড়িশা, বিহাৰৰ দৰে ৰাজ্যত প্ৰচণ্ড গৰমৰ বাবেই সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। 

অৱশ্যে বিশেষজ্ঞৰ মতে অহা ১৭ অথবা ১৮ এপ্ৰিলৰ ভিতৰত গ্ৰীষ্ম প্ৰৱাহৰ পৰা কিছু পৰিমাণে সকাহ পাব এই ১২খন ৰাজ্যৰ জনতাই। 

ইপিনে, দেশৰ ১২খন ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থকাৰ মাজতে ৰাজস্থান, মধ্যপ্ৰদেশ, কেৰালা, ছিকিম, মেঘালয়, অৰুণাচল আৰু অসমত বৃষ্টিপাতৰ সম্ভাৱনাৰ তথ্য সদৰী কৰিছে বতৰ বিজ্ঞান বিভাগে। তাৰ বিপৰীতে জম্মু–কাশ্মীৰ আৰু হিমাচলৰ বিভিন্ন স্থানত তুষাৰপাতৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু