--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ কবলত পৰিছে দেশৰ বহুকেইখন ৰাজ্য। ৪৩ ডিগ্ৰীপৰ্যন্ত হৈছেগৈ সৰ্বোচ্চ তাপমাত্ৰা। সম্প্ৰতি দেশৰ ১২খন ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহ অৰ্থাৎ ‘লু’ৰ সন্ত্ৰাস চলিছে। উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, বিহাৰ, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্র, তেলেংগানা, ওড়িশা আৰু পশ্চিমবংগত এতিয়া প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত ত্ৰাহি মধূসুদন জনতাৰ৷ 

বতৰ বিজ্ঞান বিভাগৰ মতে অনাগত দিনত তাপমাত্ৰা আৰু অধিক বৃদ্ধি পাব এইসমূহ ৰাজ্যত। উত্তৰ ভাৰতত পাৰাস্তম্ভ অতিক্ৰম কৰিছে ৩৫ ডিগ্ৰীৰ সীমা। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালত পাৰাস্তম্ভই অতিক্ৰমণ কৰিছে ৪৩.৭ ডিগ্ৰী চেলছিয়াছৰ সীমা। একেদৰে কৰ্ণাটক, ওড়িশা, মহাৰাষ্ট্র আৰু অন্ধ্ৰপ্ৰদেশৰ বহুকেইখন চহৰৰ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ৪৩ ডিগ্ৰী চেলছিয়াছৰ ওপৰত। অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে এইসমূহ ৰাজ্যত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন। ওড়িশা, বিহাৰৰ দৰে ৰাজ্যত প্ৰচণ্ড গৰমৰ বাবেই সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। 

অৱশ্যে বিশেষজ্ঞৰ মতে অহা ১৭ অথবা ১৮ এপ্ৰিলৰ ভিতৰত গ্ৰীষ্ম প্ৰৱাহৰ পৰা কিছু পৰিমাণে সকাহ পাব এই ১২খন ৰাজ্যৰ জনতাই। 

ইপিনে, দেশৰ ১২খন ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থকাৰ মাজতে ৰাজস্থান, মধ্যপ্ৰদেশ, কেৰালা, ছিকিম, মেঘালয়, অৰুণাচল আৰু অসমত বৃষ্টিপাতৰ সম্ভাৱনাৰ তথ্য সদৰী কৰিছে বতৰ বিজ্ঞান বিভাগে। তাৰ বিপৰীতে জম্মু–কাশ্মীৰ আৰু হিমাচলৰ বিভিন্ন স্থানত তুষাৰপাতৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ