--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘বিজেপিয়ে অসমৰ পৌৰ নিৰ্বাচনত যি বিশাল জয় সাব্যস্ত কৰিলে সি প্ৰমাণ কৰিছে যে, সমাজৰ সকলো স্তৰৰ লোকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা ছাথ সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰ প্ৰতি আস্থা আছে। এই বিজয় উপহাৰ দিয়া বাবে ৰাজ্যবাসীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।‘ এই টুইট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৌৰ নিৰ্বাচনত বিশাল জয়ৰ পৰিসংখ্যা প্ৰকাশ কৰি তেওঁ ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। bfc2 আজি ঘোষণা হোৱা পৌৰ নিৰ্বাচনত বিজেপিয়ে বিশাল জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। আজি ফলাফল ঘোষণা হোৱাৰ পাছতে ৰাজ্যৰ বিজেপি শিবিৰত তীব্ৰ উল্লাস দেখিবলৈ পোৱা গৈছে। ৮০খন ব’ৰ্ডৰ ভিতৰত বিজেপিয়ে ৭৫খনত বিজয় সাব্যস্ত কৰিছে। দুখনত তেওঁলোকৰ সহযোগী দল অগপ বিজয়ী হৈছে। এই নিৰ্বাচনত দল দুটা পৃথক পৃথকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলেও ৰাজ্যিক পৰ্যায়ত যিহেতু তেওঁলোকৰ মিত্ৰতা অক্ষুণ্ণ আছে, গতিকে এই ব’ৰ্ডৰ দুখনো পৰোক্ষভাৱে তেওঁলোকৰ অধীনলৈ আহিছে। আনহাতে, অতি শোচনীয় পৰাজয়ৰ গ্ৰাসত পৰিবলগীয়া হৈছে কংগ্ৰেছ দল। তেওঁলোকে এখন মাত্ৰ ব’ৰ্ডত বিজয়ী হৈছে। নিৰ্দলীয়ই জিকিছে দুখনত। ৰাজ্যখনৰ মুঠ ৯৭৭টা ৱাৰ্ডৰ ভিতৰত বিজেপি-এজিপিয়ে লগ লাগি ৮০৭টাত বিজয়ী হৈছে। বিজেপিয়ে অকলে লাভ কৰিছে ৭৪২খন আৰু এজিপিয়ে ৬৫খন। কংগ্ৰেছে ৭১টা ৱাৰ্ডত বিজয়ী হৈছে। অন্যান্যৰ হাতলৈ গৈছে ৯৯টা ৱাৰ্ড। এই ফলাফলৰ পাছতে এতিয়া ৰাজ্যৰ বিজেপি শিবিৰ উল্লসিত হৈ উঠিছে। তাৰ বিপৰীতে কংগ্ৰেছ শিবিৰত কাঁহ পৰি জীন যোৱা অৱস্থাৰ সৃষ্টি হৈছে। ৰাজ্যত পোন্ধৰ বছৰকৈ শাসন কৰা দলটোৰ এই বিপৰ্যয় তথা একপ্ৰকাৰ মূলোচ্ছেদ হোৱাৰ আশংকাই এতিয়া গা কৰি উঠিছে। কংগ্ৰেছৰ নেতৃত্বৰ দুৰ্বলতা আৰু ক্ৰমাৎ দলটো গণবিচ্ছিন্ন হৈ পৰাৰ বাবেই এনে হোৱা বুলি মত ব্যক্ত কৰিছে বিভিন্নজন বিশেষজ্ঞই। অগপৰো বঙাইগাঁৱৰ দৰে দুৰ্গত ভেটি খহাটো লক্ষ্যণীয় দিশ। বিজেপিৰ ছত্ৰছায়াত অৱস্থান কৰি দলটোৱে লাহে লাহে নিজৰ ভিত্তি হেৰুৱাবলৈ আৰম্ভ কৰিছে নেকি সেয়া ভাবিবলগীয়া। আনহাতে, এআইডিইউএফৰ বিপৰ্যয়েও বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে লুৰীণজ্যোতি গগৈৰ নেতৃত্বৰ অজাপ-ই এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে জয়ৰ মুখ দেখিছে। আঞ্চলিকতাবাদৰ বিকল্প ধ্বজাবাহক হিচাপে এই দলটোৰ কথা এতিয়াই ভাবিবপৰা হোৱা নাই যদিও ক্ষুদ্ৰ আশাৰ সঞ্চাৰ বহন কৰিছে দলটোৱে৷ দলটোৱে সাতটা ৱাৰ্ডত বিজয়ী হৈছে। একেদৰে, শিৱসাগৰৰ বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল-এ ছটাকৈ ৱাৰ্ডত বিজয় সাব্যস্ত কৰিছে৷ লক্ষ্যণীয়ভাৱে, এইবেলিৰ পৌৰ নিৰ্বাচনত ৰাজ্যৰ ৰাজনীতিত উপস্থিতি ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে৷ আম আদমী পাৰ্টীয়ে আজি ঘোষিত পৌৰ নিৰ্বাচনৰ ফলাফলত দুটাকৈ ৱাৰ্ডত জয়লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক