--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘বিজেপিয়ে অসমৰ পৌৰ নিৰ্বাচনত যি বিশাল জয় সাব্যস্ত কৰিলে সি প্ৰমাণ কৰিছে যে, সমাজৰ সকলো স্তৰৰ লোকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা ছাথ সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰ প্ৰতি আস্থা আছে। এই বিজয় উপহাৰ দিয়া বাবে ৰাজ্যবাসীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।‘ এই টুইট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৌৰ নিৰ্বাচনত বিশাল জয়ৰ পৰিসংখ্যা প্ৰকাশ কৰি তেওঁ ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। bfc2 আজি ঘোষণা হোৱা পৌৰ নিৰ্বাচনত বিজেপিয়ে বিশাল জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। আজি ফলাফল ঘোষণা হোৱাৰ পাছতে ৰাজ্যৰ বিজেপি শিবিৰত তীব্ৰ উল্লাস দেখিবলৈ পোৱা গৈছে। ৮০খন ব’ৰ্ডৰ ভিতৰত বিজেপিয়ে ৭৫খনত বিজয় সাব্যস্ত কৰিছে। দুখনত তেওঁলোকৰ সহযোগী দল অগপ বিজয়ী হৈছে। এই নিৰ্বাচনত দল দুটা পৃথক পৃথকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলেও ৰাজ্যিক পৰ্যায়ত যিহেতু তেওঁলোকৰ মিত্ৰতা অক্ষুণ্ণ আছে, গতিকে এই ব’ৰ্ডৰ দুখনো পৰোক্ষভাৱে তেওঁলোকৰ অধীনলৈ আহিছে। আনহাতে, অতি শোচনীয় পৰাজয়ৰ গ্ৰাসত পৰিবলগীয়া হৈছে কংগ্ৰেছ দল। তেওঁলোকে এখন মাত্ৰ ব’ৰ্ডত বিজয়ী হৈছে। নিৰ্দলীয়ই জিকিছে দুখনত। ৰাজ্যখনৰ মুঠ ৯৭৭টা ৱাৰ্ডৰ ভিতৰত বিজেপি-এজিপিয়ে লগ লাগি ৮০৭টাত বিজয়ী হৈছে। বিজেপিয়ে অকলে লাভ কৰিছে ৭৪২খন আৰু এজিপিয়ে ৬৫খন। কংগ্ৰেছে ৭১টা ৱাৰ্ডত বিজয়ী হৈছে। অন্যান্যৰ হাতলৈ গৈছে ৯৯টা ৱাৰ্ড। এই ফলাফলৰ পাছতে এতিয়া ৰাজ্যৰ বিজেপি শিবিৰ উল্লসিত হৈ উঠিছে। তাৰ বিপৰীতে কংগ্ৰেছ শিবিৰত কাঁহ পৰি জীন যোৱা অৱস্থাৰ সৃষ্টি হৈছে। ৰাজ্যত পোন্ধৰ বছৰকৈ শাসন কৰা দলটোৰ এই বিপৰ্যয় তথা একপ্ৰকাৰ মূলোচ্ছেদ হোৱাৰ আশংকাই এতিয়া গা কৰি উঠিছে। কংগ্ৰেছৰ নেতৃত্বৰ দুৰ্বলতা আৰু ক্ৰমাৎ দলটো গণবিচ্ছিন্ন হৈ পৰাৰ বাবেই এনে হোৱা বুলি মত ব্যক্ত কৰিছে বিভিন্নজন বিশেষজ্ঞই। অগপৰো বঙাইগাঁৱৰ দৰে দুৰ্গত ভেটি খহাটো লক্ষ্যণীয় দিশ। বিজেপিৰ ছত্ৰছায়াত অৱস্থান কৰি দলটোৱে লাহে লাহে নিজৰ ভিত্তি হেৰুৱাবলৈ আৰম্ভ কৰিছে নেকি সেয়া ভাবিবলগীয়া। আনহাতে, এআইডিইউএফৰ বিপৰ্যয়েও বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে লুৰীণজ্যোতি গগৈৰ নেতৃত্বৰ অজাপ-ই এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে জয়ৰ মুখ দেখিছে। আঞ্চলিকতাবাদৰ বিকল্প ধ্বজাবাহক হিচাপে এই দলটোৰ কথা এতিয়াই ভাবিবপৰা হোৱা নাই যদিও ক্ষুদ্ৰ আশাৰ সঞ্চাৰ বহন কৰিছে দলটোৱে৷ দলটোৱে সাতটা ৱাৰ্ডত বিজয়ী হৈছে। একেদৰে, শিৱসাগৰৰ বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল-এ ছটাকৈ ৱাৰ্ডত বিজয় সাব্যস্ত কৰিছে৷ লক্ষ্যণীয়ভাৱে, এইবেলিৰ পৌৰ নিৰ্বাচনত ৰাজ্যৰ ৰাজনীতিত উপস্থিতি ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে৷ আম আদমী পাৰ্টীয়ে আজি ঘোষিত পৌৰ নিৰ্বাচনৰ ফলাফলত দুটাকৈ ৱাৰ্ডত জয়লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান