--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম এথলেটিকছ এছোচিয়েচনৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰৱাৰ অনুমোদন সাপেক্ষে আজি এছোচিয়েচনৰ পূৰ্ণাংগ কাৰ্য্যকৰী সমিতি ঘোষণা কৰা হয়। এই সমিতিসমূহৰ ভিতৰত আছে— কাৰিকৰী সমিতি, পৰিকল্পনা আৰু প্রশিক্ষণ সমিতি, বাছনি সমিতি, মিডিয়া সমিতি, অনুশাসন সমিতি, চিকিৎসা আৰু বয়স নিৰূপণ সমিতি, অভিযোগ আৰু নিবাৰণ সমিতি, মহিলা সমিতি, বিত্ত সমিতি, পৰীক্ষা সমিতি : ক্রীড়াঙ্গন পৰিচালনা সমিতি, যোগাযোগ আৰু প্ৰবন্ধন সমিতি, যৌন উৎপীড়নৰ বিৰুদ্ধে ব্যৱস্থা লোৱা সমিতি, সামাজিক মাধ্যম সমিতিকে আদি কৰি ১৪ খন সমিতি ঘোষণা কৰা হয়। 

ইয়াৰে কাৰিকৰী সমিতিৰ অধ্যক্ষ হিচাবে চৰিফ উল্লাহ, যুটীয়া আহ্বায়ক ডঃ দিগন্ত শ‍ইকীয়া আৰু কল্যাণ বৰ্মণ; পৰিকল্পনা আৰু প্ৰশিক্ষণ সমিতিৰ অধ্যক্ষ গোবিন্দ মালাকাৰ আৰু আহ্বায়ক উত্তম সন্দিকৈ ; বাছনি সমিতিৰ অধ্যক্ষ ৰঞ্জন কাকতি আৰু আহ্বায়ক নিচাৰ আলম, মিডিয়া সমিতিৰ অধ্যক্ষ সঞ্জীৱ ফুকন আৰু আহ্বায়ক গৌতম শৰ্মা : অনুশাসন সমিতিৰ অধ্যক্ষ প্ৰদীপ দাস আৰু আহ্বায়ক ডঃ ভবেন মহন চিকিৎসা আৰু বয়স নিকপণ সমিতিৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু যুটীয়া আহ্বায়ক ডাঃ দীপাঙ্কৰ ভট্টাচাৰ্য আৰু ডাঃ কবিতা মজুমদাৰ ; অভিযোগ আৰু নিবাৰণ সমিতিৰ অধ্যক্ষ প্ৰদীপ নুনিচা আৰু যুটীয়া আহ্বায়ক গৌৰীশংকৰ ৰয় আৰু বুদ্ধেশ্বৰ স্বৰ্গীয়াৰী ; মহিলা সমিতিৰ অধ্যক্ষা টেবু নেছা আৰু আহ্বায়ক দীপ্তি নাথ; যৌন উৎপীড়নৰ বিৰুদ্ধে ব্যৱস্থা লোৱা সমিতিৰ অধ্যক্ষা বিজুলী কলিতা মেধি আৰু আহ্বায়ক লাকী গগৈ বিত্ত সমিতিৰ অধ্যক্ষ মনোজ কুমাৰ চৌধুৰী আৰু আহ্বায়ক বাপন কলিতা ; পৰীক্ষা সমিতিৰ অধ্যক্ষ বিতুপন দলে আৰু যুটীয়া আহ্বায়ক ভূপেন চৌধুৰী আৰু গৌৰীশংকৰ ৰায় ; ক্রীড়াঙ্গন পৰিচালনা সমিতিৰ অধ্যক্ষ আব্দুল ওৱালিড আৰু আহ্বায়ক এইছ. বি. সিং; যোগাযোগ আৰু প্ৰবন্ধন সমিতিৰ অধ্যক্ষ কল্যাণ বসুমতাৰী আৰু আহ্বায়ক মণিকাঞ্চন বুঢ়াগোঁহাই; সামাজিক মাধ্যম সমিতিৰ অধ্যক্ষ যুধিষ্ঠিৰ গগৈ আৰু আহ্বায়ক ভাস্কৰ বিক্ৰম চেতিয়াৰ লগতে প্রত্যেক সমিতিৰ সদস্যা/সদস্যাৰে মুঠ ১৫৪ জনীয়া সমিতি ঘোষণা কৰা হয়। সমিতিত প্রায় ৩০ জন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্রাক্তন খেলুৱৈ, ৪৫ জন কাৰিকৰী অভিজ্ঞতাপুষ্ট ব্যক্তি তথা এথলেটিকছ প্রশিক্ষক, শাৰিৰীক প্ৰশিক্ষক, বিশিষ্ট সাংবাদিক, বিশিষ্ট চিকিৎসক, ক্রীড়া বিভাগৰ প্ৰাক্তন বিষয়া আৰু ক্ৰীড়া সংগঠকক লৈ এই সমিতি গঠন কৰা হৈছে। অহা ৬ অক্টোবৰ তাৰিখে প্ৰথমখন পূর্ণাংগ কার্যনিবাহক সভা অনুষ্ঠিত হোৱাৰ কথা।

অহা ১৭ পৰা ১৯ অক্টোবৰ তাৰিখলৈ কলিকতাৰ চেন্ট্ৰেল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৩৪ সংখ্যক পূৱ মণ্ডল এথলেটিকছ প্রতিযোগিতাত অসম এথলেটিকছ এছোচিয়েচনৰ খেলুৱৈ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ৭ আৰু ৮ অক্টোবৰ তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অসম দলৰ বাছনি শিৱিৰ। এই বাছনি শিবিৰত ১৪, ১৫, ১৮, আৰু ২০ বছৰ অনুৰ্দ্ধ ল'ৰা-ছোৱালী অংশ গ্রহণ কৰিব পাৰিব। অসম এথলেটিকছ এছোচিয়েচনৰ অনুমোদনপ্রাপ্ত জিলা ক্রীড়া সন্থাসমূহক খেলুৱৈৰ তালিকা ২৯ চেপ্তেম্বৰ তাৰিখৰ ভিতৰত ই-মেইল যোগে পঠোৱাৰ বাবে অনুৰোধ জনাই কাকতলৈ প্ৰেৰণ কৰা বিবৃতিত এছোচিয়েচনৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে এই কথা উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু