--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম এথলেটিকছ এছোচিয়েচনৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰৱাৰ অনুমোদন সাপেক্ষে আজি এছোচিয়েচনৰ পূৰ্ণাংগ কাৰ্য্যকৰী সমিতি ঘোষণা কৰা হয়। এই সমিতিসমূহৰ ভিতৰত আছে— কাৰিকৰী সমিতি, পৰিকল্পনা আৰু প্রশিক্ষণ সমিতি, বাছনি সমিতি, মিডিয়া সমিতি, অনুশাসন সমিতি, চিকিৎসা আৰু বয়স নিৰূপণ সমিতি, অভিযোগ আৰু নিবাৰণ সমিতি, মহিলা সমিতি, বিত্ত সমিতি, পৰীক্ষা সমিতি : ক্রীড়াঙ্গন পৰিচালনা সমিতি, যোগাযোগ আৰু প্ৰবন্ধন সমিতি, যৌন উৎপীড়নৰ বিৰুদ্ধে ব্যৱস্থা লোৱা সমিতি, সামাজিক মাধ্যম সমিতিকে আদি কৰি ১৪ খন সমিতি ঘোষণা কৰা হয়। 

ইয়াৰে কাৰিকৰী সমিতিৰ অধ্যক্ষ হিচাবে চৰিফ উল্লাহ, যুটীয়া আহ্বায়ক ডঃ দিগন্ত শ‍ইকীয়া আৰু কল্যাণ বৰ্মণ; পৰিকল্পনা আৰু প্ৰশিক্ষণ সমিতিৰ অধ্যক্ষ গোবিন্দ মালাকাৰ আৰু আহ্বায়ক উত্তম সন্দিকৈ ; বাছনি সমিতিৰ অধ্যক্ষ ৰঞ্জন কাকতি আৰু আহ্বায়ক নিচাৰ আলম, মিডিয়া সমিতিৰ অধ্যক্ষ সঞ্জীৱ ফুকন আৰু আহ্বায়ক গৌতম শৰ্মা : অনুশাসন সমিতিৰ অধ্যক্ষ প্ৰদীপ দাস আৰু আহ্বায়ক ডঃ ভবেন মহন চিকিৎসা আৰু বয়স নিকপণ সমিতিৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু যুটীয়া আহ্বায়ক ডাঃ দীপাঙ্কৰ ভট্টাচাৰ্য আৰু ডাঃ কবিতা মজুমদাৰ ; অভিযোগ আৰু নিবাৰণ সমিতিৰ অধ্যক্ষ প্ৰদীপ নুনিচা আৰু যুটীয়া আহ্বায়ক গৌৰীশংকৰ ৰয় আৰু বুদ্ধেশ্বৰ স্বৰ্গীয়াৰী ; মহিলা সমিতিৰ অধ্যক্ষা টেবু নেছা আৰু আহ্বায়ক দীপ্তি নাথ; যৌন উৎপীড়নৰ বিৰুদ্ধে ব্যৱস্থা লোৱা সমিতিৰ অধ্যক্ষা বিজুলী কলিতা মেধি আৰু আহ্বায়ক লাকী গগৈ বিত্ত সমিতিৰ অধ্যক্ষ মনোজ কুমাৰ চৌধুৰী আৰু আহ্বায়ক বাপন কলিতা ; পৰীক্ষা সমিতিৰ অধ্যক্ষ বিতুপন দলে আৰু যুটীয়া আহ্বায়ক ভূপেন চৌধুৰী আৰু গৌৰীশংকৰ ৰায় ; ক্রীড়াঙ্গন পৰিচালনা সমিতিৰ অধ্যক্ষ আব্দুল ওৱালিড আৰু আহ্বায়ক এইছ. বি. সিং; যোগাযোগ আৰু প্ৰবন্ধন সমিতিৰ অধ্যক্ষ কল্যাণ বসুমতাৰী আৰু আহ্বায়ক মণিকাঞ্চন বুঢ়াগোঁহাই; সামাজিক মাধ্যম সমিতিৰ অধ্যক্ষ যুধিষ্ঠিৰ গগৈ আৰু আহ্বায়ক ভাস্কৰ বিক্ৰম চেতিয়াৰ লগতে প্রত্যেক সমিতিৰ সদস্যা/সদস্যাৰে মুঠ ১৫৪ জনীয়া সমিতি ঘোষণা কৰা হয়। সমিতিত প্রায় ৩০ জন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্রাক্তন খেলুৱৈ, ৪৫ জন কাৰিকৰী অভিজ্ঞতাপুষ্ট ব্যক্তি তথা এথলেটিকছ প্রশিক্ষক, শাৰিৰীক প্ৰশিক্ষক, বিশিষ্ট সাংবাদিক, বিশিষ্ট চিকিৎসক, ক্রীড়া বিভাগৰ প্ৰাক্তন বিষয়া আৰু ক্ৰীড়া সংগঠকক লৈ এই সমিতি গঠন কৰা হৈছে। অহা ৬ অক্টোবৰ তাৰিখে প্ৰথমখন পূর্ণাংগ কার্যনিবাহক সভা অনুষ্ঠিত হোৱাৰ কথা।

অহা ১৭ পৰা ১৯ অক্টোবৰ তাৰিখলৈ কলিকতাৰ চেন্ট্ৰেল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ৩৪ সংখ্যক পূৱ মণ্ডল এথলেটিকছ প্রতিযোগিতাত অসম এথলেটিকছ এছোচিয়েচনৰ খেলুৱৈ বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ৭ আৰু ৮ অক্টোবৰ তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অসম দলৰ বাছনি শিৱিৰ। এই বাছনি শিবিৰত ১৪, ১৫, ১৮, আৰু ২০ বছৰ অনুৰ্দ্ধ ল'ৰা-ছোৱালী অংশ গ্রহণ কৰিব পাৰিব। অসম এথলেটিকছ এছোচিয়েচনৰ অনুমোদনপ্রাপ্ত জিলা ক্রীড়া সন্থাসমূহক খেলুৱৈৰ তালিকা ২৯ চেপ্তেম্বৰ তাৰিখৰ ভিতৰত ই-মেইল যোগে পঠোৱাৰ বাবে অনুৰোধ জনাই কাকতলৈ প্ৰেৰণ কৰা বিবৃতিত এছোচিয়েচনৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে এই কথা উল্লেখ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement