--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় নৌ সেনাৰ ৱাৰশ্বিপ ডিজাইন ব্যুৰ'ৱে নক্সা অংকন কৰা আৰু গার্ডেন ৰিচ্ছ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনীয়াছে নিৰ্মাণ কৰা এই নৌ জাহাজকেইখনে ভাৰতৰ যুদ্ধ অভিযানসমূহক অধিক শক্তিশালী কৰিব বুলিও প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে।

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তিনিখনকৈ নৌ জাহাজ মুকলি কৰে। কলকাতাত দেওবাৰে অনুষ্ঠিত ভাৰতীয় নৌ সেনাৰ এটা অনুষ্ঠানত নৌ সেনাৰ বাবে থলুৱাভাৱে নির্মিত তিনিখন জাহাজ ক্রমে আই এন এছ ডুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ আগ্রে প্রধানমন্ত্রী মোদীয়ে মুকলি কৰে। 


অনুষ্ঠানত ভাষণত মোদীয়ে কয় যে জাহাজ নিৰ্মাণৰ দৰে এটা নতুন লক্ষ্যত ভাৰত এখোজ আগুৱালে। ভাৰতীয় নৌ সেনাৰ ৱাৰশ্বিপ ডিজাইন ব্যুৰ'ৱে নক্সা অংকন কৰা আৰু গার্ডেন ৰিচ্ছ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনীয়াছে নিৰ্মাণ কৰা এই নৌ জাহাজকেইখনে ভাৰতৰ যুদ্ধ অভিযানসমূহক অধিক শক্তিশালী কৰিব বুলিও প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে। 


কেন্দ্ৰীয় চৰকাৰে দেশৰ প্রতিৰক্ষা বাহিনীৰ সামগ্রীসমূহ থলুৱাভাৱে নিৰ্মাণত বিশেষ গুৰুত্ব দিয়া বুলিও তেওঁ প্রকাশ কৰে। জাহাজ নির্মাণ, মেৰামতি, জাহাজ ব্যৱস্থাপনা আদি বিষয়বোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অভিযানৰ অংশ বুলিও মোদীয়ে কয়। উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ