--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কেৱল দেশৰ মুৰব্বীয়ে নহয়, দেশৰ প্ৰথম নাগৰিকো। তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষও। ভাৰতত নিৰ্বাচনী সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে। ইয়াত দুয়োটা সংসদ সদন, ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচিত সদস্য থাকে। ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী, ৰাষ্ট্রপতি ভৱনত থাকে, যিটো বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰপতি ভৱন।

ৰাষ্ট্ৰপতিৰ দৰমহাঃ

বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰমহা মাহে ৫ লাখ টকা। লক্ষ্যণীয় কথাটো হৈছে, ইয়াৰ বাবে দেশৰ মুৰব্বীগৰাকীয়ে কোনো ধৰণৰ কৰ পৰিশোধ কৰিব নালাগে। ইয়াৰ বাহিৰেও ৰাষ্ট্ৰপতিগৰাকীয়ে লাভ কৰে আন বহুতো ভাট্টা।

বাসস্থান

নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰপতি ভৱন ভাৰতৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসস্থান। ২,০০,০০০ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা এই প্ৰাসাদত আছে ৩৪০টা কোঠা। প্ৰায় ২০০ জন লোক ৰাষ্ট্ৰপতিভৱনৰ কৰ্মত নিয়োজিত হৈ আছে। মন কৰিবলগীয়া যে, ৰাষ্ট্ৰপতিৰ বাসগৃহ, কৰ্মচাৰী, অতিথি আৰু খাদ্য আদিয়ে বছৰি প্ৰায় ২ কোটি ২৫ লাখ ব্যয় কৰে।

আজীৱন সুবিধা

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিনামূলীয়া চিকিৎসা আৰু থকাৰ ব্যৱস্থা লাভ কৰে

নিৰাপত্তা 

ভাৰতৰ ৰাষ্ট্ৰপতি কাষ্টম-বিল্ট ব্লেক মাৰ্চিডিজ বেঞ্জ S600 (W221) পুলমেন গাৰ্ডৰ সুৰক্ষা দিয়া হয়। চৰকাৰী ভ্ৰমণৰ বাবে অস্ত্ৰৰে সজ্জিত এখন দীঘল লিমুজিন বাহনো ৰাষ্ট্ৰপতিৰ সুৰক্ষাৰ বাবে সদা ততপৰ। লগতে ৰাষ্ট্ৰপতিৰ কাৰাভানত আছে ২৫খন বাহন। ইয়াৰোপৰি ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে থাকে ৮৬ জন দেহৰক্ষী।

অৱসৰৰ পিছৰ সুবিধা

অৱসৰৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে পেঞ্চন হিচাপে প্ৰতিমাহে লাভ কৰে ১.৫ লাখ। লগতে মাহে ৬০ হাজাৰ টকা ষ্টাফৰ বাবে ব্যয় কৰিবলৈ সুকীয়াকৈ প্ৰদান কৰা হয়।

- এটা বিনামূলীয়া বাংলো (টাইপ VIII) আজীৱন উপলব্ধ।

- দুটা বিনামূলীয়া লেণ্ডলাইন আৰু এটা মোবাইল ফোন।

- ৰে’ল বা বিমানেৰে কোনো সতীৰ্থৰ সৈতে বিনামূলীয়া ভ্ৰমণ আৰু আজীৱন বিনামূলীয়া বাহনৰ সুবিধা।

- দিল্লী আৰক্ষীৰ নিৰাপত্তা আৰু  ২ জন সচিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ