--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহোৎসৱৰ অন্যতম মূল প্রতিযোগিতামূলক সন্মান নিউ কাৰেণ্টছ বঁটাৰ জৰিয়তে এছিয়াৰ উদীয়মান চলচ্চিত্র নির্মাতাসকলক স্বীকৃতি দিয়া হয়। ইয়াৰ সৈতে ২০ মিলিয়ন নগদ ধনৰ পুৰস্কাৰো জড়িত হৈ আছে।

ডিজিটেল ডেস্ক: ৩১ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে তিনিগৰাকী বিচাৰকৰ ভিতৰত অন্যতম এগৰাকী হিচাপে নির্বাচিত হৈছে চলচ্চিত্র নির্মাতা ৰীমা দাস। দাসৰ বাহিৰে নিৰ্বাচিত আন দুগৰাকী বিচাৰক হৈছে কোৰিয়ান অভিনেতা শ্বিম ইউন-কিউং আৰু চীনৰ প্ৰযোজক শ্বান জুওলং। 


মহোৎসৱৰ অন্যতম মূল প্রতিযোগিতামূলক সন্মান নিউ কাৰেণ্টছ বঁটাৰ জৰিয়তে এছিয়াৰ উদীয়মান চলচ্চিত্র নির্মাতাসকলক স্বীকৃতি দিয়া হয়। ইয়াৰ সৈতে ২০ মিলিয়ন নগদ ধনৰ পুৰস্কাৰো জড়িত হৈ আছে। দাসে এটা বিবৃতিত কয়, 'ছবি নির্মাতা হিচাপে বুছান মোৰ যাত্ৰাৰ এক অতি বিশেষ অংশ হৈ পৰিছে। মই মোৰ ছবি লৈ ইয়ালৈ আহিছোঁ, দর্শক আৰু বহু চলচ্চিত্র নির্মাতাক লগ পোৱাৰ লগতে বিভিন্ন দৃষ্টিকোণৰ পৰা উৎসৱৰ অভিজ্ঞতা লাভ কৰিছোঁ । এতিয়া বিচাৰক হ'বলৈ পোৱাটো মোৰ বাবে আন এক অভিজ্ঞতা। 


উল্লেখযোগ্য যে আন দুগৰাকী বিচাৰক ক্ৰমান্বয়ে শ্বিম ইউন-কিউং 'ছানি', 'মিছ গ্রেনী' আৰু 'দ্য জার্নেলিষ্ট' আদি ছবিৰ বাবে পৰিচিত। আনহাতে শ্বান জুওলঙে কানে, ভেনিছ আৰু বার্লিনকে ধৰি ডাঙৰ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত উপস্থাপন কৰা ছবি প্রযোজনা কৰিছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক