--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বেঁকী নদীত অবৈধ বালি খননৰ বিৰুদ্ধে ওলাই আহি উত্তেজিত জনতাই ভাঙি চুৰমাৰ কৰিলে বালি কঢ়িওৱা ডাম্পাৰ।

ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ জনীয়াৰ চৌধুৰী বজাৰত উত্তপ্ত পৰিস্থিতি। অবৈধ বালি খননৰ বিৰুদ্ধে নিশাৰ ভাগত ৰাজপথলৈ শ শ লোক ওলাই আহি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। উত্তপ্ত ৰাইজে হাতে হাতে লাঠি লৈ ডাম্পাৰ ভাঙি কৰিলে চুৰমাৰ। জনতাৰ উগ্ৰমূৰ্তি দেখি ঘটনাস্থলীৰ পৰা ডাম্পাৰ এৰি পলায়ন চালকৰ। অতি শীঘ্ৰেই অবৈধ বালি খনন বন্ধ কৰাৰ দাবী।


বেঁকী নদীত অবৈধ বালি খননৰ বিৰুদ্ধে ওলাই আহি উত্তেজিত জনতাই ভাঙি চুৰমাৰ কৰিলে বালি কঢ়িওৱা ডাম্পাৰ। এই অবৈধ বালি খননৰ বাবে দুই নং বিকল্প ৰাজ্যিক ঘাইপথলৈ খহনীয়াই নমাইছে ভাবুকি। গৰাখহনীয়াৰ কৱলত পৰিছে চৌধুৰী বজাৰৰ বিস্তৃত এলেকা। উল্লেখযোগ্য যে বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰাখহনীয়াৰ কৱলত পৰা জনীয়াৰ চৌধুৰী বজাৰৰ বেঁকী নৈৰ বিস্তৃত এলেকাত নিশাৰ ভাগত চলিছে অবৈধ বালি খনন। 


প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই বেঁকী নৈত অবৈধ বালি খনন চলাই বৃহত্তৰ অঞ্চলটোত এক ত্ৰাসৰ সৃষ্টি কৰিছে বালি মাফিয়াই। দৈনিক নিশাৰ ভাগত বালি ভৰ্তি চালান বিহীন ডাম্পাৰ প্ৰশাসনৰ চকুৰ সন্মুখেদি চলিছে। অবৈধ খননকাৰ্য বন্ধ কৰিবলৈ ৰাইজে বাৰে বাৰে জিলা প্ৰশাসন আৰু বন বিভাগক অৱগত কৰাৰ পিছতো নাকত তেল দি কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে বুলি অভিযোগ উত্থাপন হৈছে। 


যাৰ বাবেই নিশা ধৈৰ্যৰ বান্ধ ছিঙিল জনীয়াৰ চৌধুৰী বজাৰবাসী ৰাইজৰ। উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে এখন ডাম্পাৰ। সেয়ে অতি শীঘ্ৰে অবৈধ বালি খনন বন্ধ কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ