--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বেঁকী নদীত অবৈধ বালি খননৰ বিৰুদ্ধে ওলাই আহি উত্তেজিত জনতাই ভাঙি চুৰমাৰ কৰিলে বালি কঢ়িওৱা ডাম্পাৰ।

ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ জনীয়াৰ চৌধুৰী বজাৰত উত্তপ্ত পৰিস্থিতি। অবৈধ বালি খননৰ বিৰুদ্ধে নিশাৰ ভাগত ৰাজপথলৈ শ শ লোক ওলাই আহি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। উত্তপ্ত ৰাইজে হাতে হাতে লাঠি লৈ ডাম্পাৰ ভাঙি কৰিলে চুৰমাৰ। জনতাৰ উগ্ৰমূৰ্তি দেখি ঘটনাস্থলীৰ পৰা ডাম্পাৰ এৰি পলায়ন চালকৰ। অতি শীঘ্ৰেই অবৈধ বালি খনন বন্ধ কৰাৰ দাবী।


বেঁকী নদীত অবৈধ বালি খননৰ বিৰুদ্ধে ওলাই আহি উত্তেজিত জনতাই ভাঙি চুৰমাৰ কৰিলে বালি কঢ়িওৱা ডাম্পাৰ। এই অবৈধ বালি খননৰ বাবে দুই নং বিকল্প ৰাজ্যিক ঘাইপথলৈ খহনীয়াই নমাইছে ভাবুকি। গৰাখহনীয়াৰ কৱলত পৰিছে চৌধুৰী বজাৰৰ বিস্তৃত এলেকা। উল্লেখযোগ্য যে বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰাখহনীয়াৰ কৱলত পৰা জনীয়াৰ চৌধুৰী বজাৰৰ বেঁকী নৈৰ বিস্তৃত এলেকাত নিশাৰ ভাগত চলিছে অবৈধ বালি খনন। 


প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই বেঁকী নৈত অবৈধ বালি খনন চলাই বৃহত্তৰ অঞ্চলটোত এক ত্ৰাসৰ সৃষ্টি কৰিছে বালি মাফিয়াই। দৈনিক নিশাৰ ভাগত বালি ভৰ্তি চালান বিহীন ডাম্পাৰ প্ৰশাসনৰ চকুৰ সন্মুখেদি চলিছে। অবৈধ খননকাৰ্য বন্ধ কৰিবলৈ ৰাইজে বাৰে বাৰে জিলা প্ৰশাসন আৰু বন বিভাগক অৱগত কৰাৰ পিছতো নাকত তেল দি কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে বুলি অভিযোগ উত্থাপন হৈছে। 


যাৰ বাবেই নিশা ধৈৰ্যৰ বান্ধ ছিঙিল জনীয়াৰ চৌধুৰী বজাৰবাসী ৰাইজৰ। উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে এখন ডাম্পাৰ। সেয়ে অতি শীঘ্ৰে অবৈধ বালি খনন বন্ধ কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু