--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ আকাৰ কেনেকুৱা? সৰু ল’ৰা এজনক সুধিলেও এই প্ৰশ্নৰ উত্তৰটো হয়তো তপকাই দিব পাৰিব। আপুনিও কেতিয়াবা ভাবিছেনে যে পৃথিৱীখন ঘূৰণীয়া নে সমতল? সম্ভৱতঃ বহুতেই  কেতিয়াবা এনে অনুভৱ কৰিছে।  কিন্তু এই ব্যক্তিজনে তেওঁৰ সন্দেহ দূৰ কৰিবলৈ ১৬ লাখ টকাই খৰচ কৰি পেলালে।ব্যক্তিজনৰ এই কামটো তেওঁৰ  সাহসৰ পৰিচয় নে ধনৰ অপচয় তাকেলৈ এতিয়া বিভিন্ন মহলত চৰ্চাও চলিছে।

এই ব্যক্তিজনে বিশ্বাস কৰি আহিছে যে পৃথিৱীখন গোলাকাৰ বা ডিম্বাকৃতিৰ নহয়,  চেপেটাহে।  এই কথা  প্ৰমাণ কৰিবলৈলোক জনে  প্ৰায় 16 লাখ টকা খৰচ কৰিছে। তেওঁ নিজৰ মত সঁচা প্ৰমাণিত কৰিবলৈ চলোৱা  পৰীক্ষাটো শেষত প্ৰায় বিফল হৈছে। ঘূৰিপকি তেওঁ স্বীকাৰ নকৰিলেও এই কথা প্ৰমাণ হৈছে যে পৃথিৱীখন ঘূৰণীয়া। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বব নল নামৰ লোকজনে বহু দিন ধৰি পৃথিৱী খন চেপেটা বুলি দাবী কৰি আহিছে। তেওঁ তেওঁৰ মতক প্ৰতিষ্ঠা কৰিবলৈ  লেজাৰ জাইৰোস্কোপ যন্ত্ৰৰ সহায় লৈছিল।  এনে কৰিবলৈ গৈ তেওঁ প্ৰায় ১৬ লাখ টকা ব্যয় কৰিছে। উল্লেখ্য পৃথিৱীৰ ঘূৰ্ণনৰ গতি জাইৰোস্কোপৰ দ্বাৰা জনা যায়। লোক জনে  আশা কৰিছিল যে যন্ত্ৰটোৱে  দেখুৱাব যে পৃথিৱী ঘূৰি নাথাকে। 

ইউটিউবাৰ ববে ভাবিছিল যে তেওঁৰ ব্যয়বহুল যন্ত্ৰটোৱে  দেখুৱাব যে পৃথিৱী খন একে ঠাইতে থাকে। কিন্তু যেতিয়া তেওঁৰ পৰীক্ষা বিফল হ’ল  তেতিয়া তেওঁ আচৰিত হৈ পৰিছে। তেওঁ নেটফ্লিক্সৰ তথ্যচিত্ৰ 'বিহাইণ্ড দ্য কাৰ্ভ'ৰ বাবে এই  পৰীক্ষাটো  কৰিছিল। দৰাচলতে পৃথিৱীৰ প্ৰকৃত আকৃতি ঘূৰণীয়াও নহয় বা চেপেটাও নহয়। পৃথিৱীৰ আকৃতি  ডিম্বাকৃতিৰ। মহাকাশৰ পৰা দেখাত পৃথিৱীখন ঘূৰণীয়া ,কিন্তু ই সম্পূৰ্ণৰূপে ঘূৰণীয়াও নহয়।  










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ