--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ আকাৰ কেনেকুৱা? সৰু ল’ৰা এজনক সুধিলেও এই প্ৰশ্নৰ উত্তৰটো হয়তো তপকাই দিব পাৰিব। আপুনিও কেতিয়াবা ভাবিছেনে যে পৃথিৱীখন ঘূৰণীয়া নে সমতল? সম্ভৱতঃ বহুতেই  কেতিয়াবা এনে অনুভৱ কৰিছে।  কিন্তু এই ব্যক্তিজনে তেওঁৰ সন্দেহ দূৰ কৰিবলৈ ১৬ লাখ টকাই খৰচ কৰি পেলালে।ব্যক্তিজনৰ এই কামটো তেওঁৰ  সাহসৰ পৰিচয় নে ধনৰ অপচয় তাকেলৈ এতিয়া বিভিন্ন মহলত চৰ্চাও চলিছে।

এই ব্যক্তিজনে বিশ্বাস কৰি আহিছে যে পৃথিৱীখন গোলাকাৰ বা ডিম্বাকৃতিৰ নহয়,  চেপেটাহে।  এই কথা  প্ৰমাণ কৰিবলৈলোক জনে  প্ৰায় 16 লাখ টকা খৰচ কৰিছে। তেওঁ নিজৰ মত সঁচা প্ৰমাণিত কৰিবলৈ চলোৱা  পৰীক্ষাটো শেষত প্ৰায় বিফল হৈছে। ঘূৰিপকি তেওঁ স্বীকাৰ নকৰিলেও এই কথা প্ৰমাণ হৈছে যে পৃথিৱীখন ঘূৰণীয়া। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বব নল নামৰ লোকজনে বহু দিন ধৰি পৃথিৱী খন চেপেটা বুলি দাবী কৰি আহিছে। তেওঁ তেওঁৰ মতক প্ৰতিষ্ঠা কৰিবলৈ  লেজাৰ জাইৰোস্কোপ যন্ত্ৰৰ সহায় লৈছিল।  এনে কৰিবলৈ গৈ তেওঁ প্ৰায় ১৬ লাখ টকা ব্যয় কৰিছে। উল্লেখ্য পৃথিৱীৰ ঘূৰ্ণনৰ গতি জাইৰোস্কোপৰ দ্বাৰা জনা যায়। লোক জনে  আশা কৰিছিল যে যন্ত্ৰটোৱে  দেখুৱাব যে পৃথিৱী ঘূৰি নাথাকে। 

ইউটিউবাৰ ববে ভাবিছিল যে তেওঁৰ ব্যয়বহুল যন্ত্ৰটোৱে  দেখুৱাব যে পৃথিৱী খন একে ঠাইতে থাকে। কিন্তু যেতিয়া তেওঁৰ পৰীক্ষা বিফল হ’ল  তেতিয়া তেওঁ আচৰিত হৈ পৰিছে। তেওঁ নেটফ্লিক্সৰ তথ্যচিত্ৰ 'বিহাইণ্ড দ্য কাৰ্ভ'ৰ বাবে এই  পৰীক্ষাটো  কৰিছিল। দৰাচলতে পৃথিৱীৰ প্ৰকৃত আকৃতি ঘূৰণীয়াও নহয় বা চেপেটাও নহয়। পৃথিৱীৰ আকৃতি  ডিম্বাকৃতিৰ। মহাকাশৰ পৰা দেখাত পৃথিৱীখন ঘূৰণীয়া ,কিন্তু ই সম্পূৰ্ণৰূপে ঘূৰণীয়াও নহয়।  










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন