--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ অঘটনে জোকাৰি গৈছে চীনক। চীনৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এতিয়ালৈকে ২৯ জন ৰোগীৰ মৃত্যু ঘটাৰ বাতৰি আহিছে।অগ্নি নিৰ্বাপক বাহিনীয়ে ৭১ জন ৰোগীক স্থানান্তৰ কৰিছে। 

বেইজিঙৰ  চিকিৎসালয় খনত দিনৰ ভাগলৈকে  উদ্ধাৰ অভিযান অব্যাহত আছে। অগ্নিকাণ্ডৰ  এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত দেখা গৈছে যে বহু  ৰোগীয়ে খিৰিকীৰে  তললৈ জঁপিয়াই দিছে। ।অগ্নিকাণ্ড সংঘটিত হোৱা  চাংফেং চিকিৎসালয়খন পশ্চিম বেইজিঙৰ নগৰ অঞ্চলৰ তিয়েনানমেন স্কোৱেৰত অৱস্থিত। জুই লগাৰ পিছত তৎক্ষণাৎ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয়। । ফলত চিকিৎসালয়খন অন্ধকাৰে আৱৰি ধৰে।

 অৱশ্যে অতি তৎপৰতাৰে  জুই নিয়ন্ত্ৰণলৈ অনা হয়। কি কাৰণত জুই লাগিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যোৱা বছৰৰ নৱেম্বৰ মাহতো চীনৰ এটা বহুমহলীয়া অট্টালিকাত জুই লগাৰ ফলত শ্বাসৰুদ্ধ হৈ ১০ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে দেশ খনত  কোভিড লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল। সেই সময়ত এইবুলি  অভিযোগ উঠিছিল  যে চহৰখন বন্ধ হৈ থকাৰ বাবেই উদ্ধাৰ অভিযান বিলম্বিত হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস