--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ অঘটনে জোকাৰি গৈছে চীনক। চীনৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এতিয়ালৈকে ২৯ জন ৰোগীৰ মৃত্যু ঘটাৰ বাতৰি আহিছে।অগ্নি নিৰ্বাপক বাহিনীয়ে ৭১ জন ৰোগীক স্থানান্তৰ কৰিছে। 

বেইজিঙৰ  চিকিৎসালয় খনত দিনৰ ভাগলৈকে  উদ্ধাৰ অভিযান অব্যাহত আছে। অগ্নিকাণ্ডৰ  এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত দেখা গৈছে যে বহু  ৰোগীয়ে খিৰিকীৰে  তললৈ জঁপিয়াই দিছে। ।অগ্নিকাণ্ড সংঘটিত হোৱা  চাংফেং চিকিৎসালয়খন পশ্চিম বেইজিঙৰ নগৰ অঞ্চলৰ তিয়েনানমেন স্কোৱেৰত অৱস্থিত। জুই লগাৰ পিছত তৎক্ষণাৎ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয়। । ফলত চিকিৎসালয়খন অন্ধকাৰে আৱৰি ধৰে।

 অৱশ্যে অতি তৎপৰতাৰে  জুই নিয়ন্ত্ৰণলৈ অনা হয়। কি কাৰণত জুই লাগিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যোৱা বছৰৰ নৱেম্বৰ মাহতো চীনৰ এটা বহুমহলীয়া অট্টালিকাত জুই লগাৰ ফলত শ্বাসৰুদ্ধ হৈ ১০ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে দেশ খনত  কোভিড লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল। সেই সময়ত এইবুলি  অভিযোগ উঠিছিল  যে চহৰখন বন্ধ হৈ থকাৰ বাবেই উদ্ধাৰ অভিযান বিলম্বিত হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন