--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ আটাইতকৈ ধনী মানুহবোৰে কেনেদৰে জীৱন-নিৰ্বাহ কৰে বা জীৱনৰ সম্পৰ্কে তেওঁলোকৰ ধাৰণা কি? সেই কথা জানিবলৈ কম-বেছি পৰিমাণে সকলোৰে আগ্ৰহী হোৱা দেখা যায়। আচলতে জীৱনৰ প্ৰতি সকলোৰে দৃষ্টিভংগী আৰু মনোভাব বেলেগ বেলেগ হোৱা দেখা পোৱা যায়। বিল গেটছ, মুকেশ আম্বানী, ইলন মাস্কৰ দৰেই বিশ্বৰ শীৰ্ষ ধনী লোকসকলৰো জীৱনত কিছুমান নিজস্ব ৰীতি-নীতি তথা অভ্যাস আছে। বিশেষকৈ বিশ্বৰ ধনী লোকসকলৰ কিছুমান সহজ অথচ সফল অভ্যাসৰ বিষয়ে জানি লওক। যিটো আপুনি হয়তো অনুসৰণ কৰি সফলতা লাভ কৰিব পাৰে।

 ইলন মাস্ক-

ইলন মাস্ক বিশ্বৰ অন্যতম ধনী ব্যক্তিৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ২৬০ বিলিয়ন ডলাৰ। কোনেও নজনাকৈ ইলন মাস্কৰ এটা অভ্যাস আছে যিটো তেওঁ দৈনিক কৰে। অৰ্থাৎ দিনটোৰ কিছু সময় তেওঁ পঢ়া-শুনাত পাৰ কৰে। তেওঁ এজন নিয়মীয়া পাঠক আৰু তেওঁ জ্ঞান আহৰণৰ বাবে অহৰহ সাধনা কৰে।

 জেফ বেজোছ-

আমাজনৰ সফলতাৰ কাহিনীৰে শীৰ্ষ স্থানপ্ৰাপ্ত জেফ বেজোছ। পৃথিৱীৰ অন্যতম ব্যস্ত লোক হোৱাৰ পাছতো জেফে দিনটোত অন্ততঃ এটা কাম কৰিবলৈ কেতিয়াও নাপাহৰে বা সময় উলিয়ায় যিটো কৰি তেওঁ ভাল পায়। তেওঁ নিজকে সুখী কৰি ৰাখিবলৈ আৰু মৰম বিলাবলৈ ভালপায়।

 গৌতম আদানী-

শেহতীয়াকৈ ভাৰতৰ আটাইতকৈ ধনী লোকৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে। বিশ্বৰ শীৰ্ষ ১০গৰাকী ধনী ব্যক্তিৰ ভিতৰতো তেওঁৰ নাম আছে। গৌতম এজন উৎকৃষ্ট যোগাযোগকাৰী আৰু আলোচনাপন্থী। তেওঁ নিয়মিতভাৱে এই দক্ষতাৰ অনুশীলন কৰে।

  বিল গেটছ-

বিল গেটছ তেওঁৰ সফলতাৰ কাহিনীৰে বহুতৰে বাবে প্ৰেৰণা হৈ পৰিছে। বেছিভাগ মানুহেই ভাবে যে বিলিয়নাৰসকলে ইয়াত-তাত টকা খৰচ কৰে, যি বিচাৰে কিনিব পাৰে ইত্যাদি। কিন্তু সেই দিশত বিল গেটছৰ সম্পূৰ্ণ বিপৰীত। তেওঁ ধন খৰচ কৰাৰ পৰিৱৰ্তে ধন সঞ্চয় কৰাত দৃঢ় বিশ্বাস কৰে। নিজে খৰচ কৰাৰ পৰিৱৰ্তে এই ধনী ব্যক্তিজনে কোটি কোটি টকা চেৰিটিলৈ দান কৰে।

 বাৰ্নাৰ্ড আৰ্নল্ট-

বিশ্বৰ সৰ্ববৃহৎ বিলাসী সামগ্ৰী কোম্পানীটোৰ প্ৰতিষ্ঠাপকজনে নিয়মিতভাৱে চৰ্চা কৰে। বাৰ্নাৰ্ডৰ মতে ব্যৱসায় বুজিবলৈ সময়, পৰিশ্ৰম আৰু ধৈৰ্য্যৰ প্ৰয়োজন।

 ৱাৰেন বাফেট-

বিশ্বৰ অন্যতম ধনী বিনিয়োগকাৰী ৱাৰেন বাফেট। তেওঁৰ এটা আচৰিত অভ্যাস হ’ল-তেওঁ দৈনন্দিন খাদ্যৰ বাবে বেছি খৰচ কৰি ভাল নাপায়। বাহিৰৰ খাদ্যতকৈ তেওঁ ঘৰৰ খাদ্য বেছিকৈ খায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক