--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ আটাইতকৈ ধনী মানুহবোৰে কেনেদৰে জীৱন-নিৰ্বাহ কৰে বা জীৱনৰ সম্পৰ্কে তেওঁলোকৰ ধাৰণা কি? সেই কথা জানিবলৈ কম-বেছি পৰিমাণে সকলোৰে আগ্ৰহী হোৱা দেখা যায়। আচলতে জীৱনৰ প্ৰতি সকলোৰে দৃষ্টিভংগী আৰু মনোভাব বেলেগ বেলেগ হোৱা দেখা পোৱা যায়। বিল গেটছ, মুকেশ আম্বানী, ইলন মাস্কৰ দৰেই বিশ্বৰ শীৰ্ষ ধনী লোকসকলৰো জীৱনত কিছুমান নিজস্ব ৰীতি-নীতি তথা অভ্যাস আছে। বিশেষকৈ বিশ্বৰ ধনী লোকসকলৰ কিছুমান সহজ অথচ সফল অভ্যাসৰ বিষয়ে জানি লওক। যিটো আপুনি হয়তো অনুসৰণ কৰি সফলতা লাভ কৰিব পাৰে।

 ইলন মাস্ক-

ইলন মাস্ক বিশ্বৰ অন্যতম ধনী ব্যক্তিৰ আনুমানিক সম্পত্তিৰ পৰিমাণ ২৬০ বিলিয়ন ডলাৰ। কোনেও নজনাকৈ ইলন মাস্কৰ এটা অভ্যাস আছে যিটো তেওঁ দৈনিক কৰে। অৰ্থাৎ দিনটোৰ কিছু সময় তেওঁ পঢ়া-শুনাত পাৰ কৰে। তেওঁ এজন নিয়মীয়া পাঠক আৰু তেওঁ জ্ঞান আহৰণৰ বাবে অহৰহ সাধনা কৰে।

 জেফ বেজোছ-

আমাজনৰ সফলতাৰ কাহিনীৰে শীৰ্ষ স্থানপ্ৰাপ্ত জেফ বেজোছ। পৃথিৱীৰ অন্যতম ব্যস্ত লোক হোৱাৰ পাছতো জেফে দিনটোত অন্ততঃ এটা কাম কৰিবলৈ কেতিয়াও নাপাহৰে বা সময় উলিয়ায় যিটো কৰি তেওঁ ভাল পায়। তেওঁ নিজকে সুখী কৰি ৰাখিবলৈ আৰু মৰম বিলাবলৈ ভালপায়।

 গৌতম আদানী-

শেহতীয়াকৈ ভাৰতৰ আটাইতকৈ ধনী লোকৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে। বিশ্বৰ শীৰ্ষ ১০গৰাকী ধনী ব্যক্তিৰ ভিতৰতো তেওঁৰ নাম আছে। গৌতম এজন উৎকৃষ্ট যোগাযোগকাৰী আৰু আলোচনাপন্থী। তেওঁ নিয়মিতভাৱে এই দক্ষতাৰ অনুশীলন কৰে।

  বিল গেটছ-

বিল গেটছ তেওঁৰ সফলতাৰ কাহিনীৰে বহুতৰে বাবে প্ৰেৰণা হৈ পৰিছে। বেছিভাগ মানুহেই ভাবে যে বিলিয়নাৰসকলে ইয়াত-তাত টকা খৰচ কৰে, যি বিচাৰে কিনিব পাৰে ইত্যাদি। কিন্তু সেই দিশত বিল গেটছৰ সম্পূৰ্ণ বিপৰীত। তেওঁ ধন খৰচ কৰাৰ পৰিৱৰ্তে ধন সঞ্চয় কৰাত দৃঢ় বিশ্বাস কৰে। নিজে খৰচ কৰাৰ পৰিৱৰ্তে এই ধনী ব্যক্তিজনে কোটি কোটি টকা চেৰিটিলৈ দান কৰে।

 বাৰ্নাৰ্ড আৰ্নল্ট-

বিশ্বৰ সৰ্ববৃহৎ বিলাসী সামগ্ৰী কোম্পানীটোৰ প্ৰতিষ্ঠাপকজনে নিয়মিতভাৱে চৰ্চা কৰে। বাৰ্নাৰ্ডৰ মতে ব্যৱসায় বুজিবলৈ সময়, পৰিশ্ৰম আৰু ধৈৰ্য্যৰ প্ৰয়োজন।

 ৱাৰেন বাফেট-

বিশ্বৰ অন্যতম ধনী বিনিয়োগকাৰী ৱাৰেন বাফেট। তেওঁৰ এটা আচৰিত অভ্যাস হ’ল-তেওঁ দৈনন্দিন খাদ্যৰ বাবে বেছি খৰচ কৰি ভাল নাপায়। বাহিৰৰ খাদ্যতকৈ তেওঁ ঘৰৰ খাদ্য বেছিকৈ খায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু