--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু নহয়, নহয় আৰু, সহ্য বহুত কৰা হ’ল এতিয়া চীনক উভতি ধৰাৰ পাল৷ তেনে মনোভাৱেৰেই এতিয়া মাহজোৰা সমৰিক অনুশীলন আৰম্ভ কৰিলে টাইৱানে৷ মাকিন প্ৰতিনিধি নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণকে অচিলা হিচাবেলৈ চীনে টাইৱানৰ সাগৰীয় এলেকালৈ নিক্ষেপ কৰিছিল ইটোৰ পিছত সিটোকৈ মিছাইল৷ টাইৱানক যুদ্ধৰ ভাবুকিৰে আতংকিত কৰি ৰখা চীনৰ অতপালি ৰোধ কৰিবলৈ এইবাৰ সক্ৰিয় হৈ উঠিছে টাইৱানৰ সেনা৷টাইৱানৰ সনেৰ মতে এয়া চীনক  পৰাস্ত কৰাৰ প্ৰস্তুতি। আজিৰে   টাইৱানৰ সামৰিক বাহিনীয়ে আক্ৰমণাত্মক ৰেড আৰ্মীক প্ৰতিহত কৰিবলৈ সামৰিক অনুশীলন আৰম্ভ কৰিছে। 

টাইৱানে মঙলবাৰৰ পৰা সামৰিক অনুশীলন আৰম্ভ কৰিছে। স্ব-শাসিত দ্বীপ ৰাষ্ট্ৰৰ আৰ্টিলাৰী বাহিনীয়ে  'লাইভ ফায়াৰ ড্ৰিল'  কৰি যুঁজৰ পৰিবেশ ৰচনা কৰিছে৷ টাইৱানৰ সেনাৰ অষ্টম আৰ্মি কৰ্পৰ মুখপাত্ৰ লৌ ৱেই জে দেশখনৰ দক্ষিণ প্ৰদেশ পিংটাঙত সামৰিক অনুশীলন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে। টাইৱানৰ সামৰিক বাহিনীয়ে কৈছে যে প্ৰায় ৪০ টা হাউটজাৰ কামান আৰু ১,০০০ তকৈও অধিক সৈন্যই এই অনুশীলনত অংশগ্ৰহণ কৰিছে।

উল্লেখ্য যোৱা সপ্তাহত মাৰ্কিন প্ৰতিনিধি  নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণৰ পিছতে টাইৱানৰ বিৰুদ্ধে  চীন ক্ৰমান্বয়ে আক্ৰমণাত্মক হৈ পৰিছে। যুদ্ধৰ আশংকা বৃদ্ধি কৰি চীনৰ  ৰেড আৰ্মীয়ে  দ্বীপ ৰাষ্ট্ৰখনক 'ঘেৰাও' কৰি সামৰিক অনুশীলন আৰম্ভ কৰিছিল। কমিউনিষ্ট দেশখনে টাইৱান ষ্ট্ৰেইট আৰু সংলগ্ন অঞ্চলত যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে৷ এনে পৰিস্থিতিত টাইৱানৰ সেনাই যুদ্ধ আৰম্ভ হ'লে আক্ৰমণকাৰী  ড্ৰেগন বাহিনীক প্ৰতিহত  কৰাৰ প্ৰস্তুতি চলাবলৈ বাধ্য হৈ পৰিছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি  চীনে টাইৱানৰ মুঠ ছয়টা মুখ্য বন্দৰক লক্ষ্য কৰি লৈছে। ৰাজধানী টাইপেইৰ উপৰিও উত্তৰৰ কিলুং বন্দৰ, পশ্চিমে চুয়াও আৰু হুয়ালিয়েন, দক্ষিণ টাইৱানৰ কাওক্সিউং আৰু পূবৰ টাইকুয়াং বন্দৰ চীনৰ আক্ৰণৰ তালিকাত আছে। চীনৰ জে-২০ ষ্টিল্থ ফাইটাৰ জেট, টাইপ ০৫-২ডি  যুদ্ধজাহাজ আৰু কেইবাখনো সৰু উচ্চ গতিৰ কৰ্ভেট জাহাজে টাইৱানৰ জলসীমাৰ ওচৰৰ এলেকাবোৰ প্ৰায় ঘেৰাও কৰি ৰাখিছে৷

ইফালে, টাইৱানৰ  সামৰিক অনুশীলনৰ সময়তে  চীনৰ  ৰেড আৰ্মীয়ে কোৰিয়া উপদ্বীপ আৰু ইয়াৰ ওচৰৰ বোহাই সাগৰ সংলগ্ন য়েল’ সাগৰত নতুন সামৰিক অনুশীলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। চীনৰ সামুদ্ৰিক সুৰক্ষা সংস্থাই ঘোষণা কৰিছে যে য়েল’ সাগৰত  ১৫ আগষ্টলৈকে চীনৰ সেনাৰ সমৰিক অনুশীলন অব্যাহত থাকিব। আনহাতে ৮ আগষ্ট, সোমবাৰৰ পৰা  চীনৰ পূব উপকূলৰ বোহাই সাগৰত চীনা সেনাই  সামৰিক  অনুশীলন আৰম্ভকৰিছে । চীনৰ সেনাৰ এই অনুশীলন এমাহৰ বাবে চলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক