--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু নহয়, নহয় আৰু, সহ্য বহুত কৰা হ’ল এতিয়া চীনক উভতি ধৰাৰ পাল৷ তেনে মনোভাৱেৰেই এতিয়া মাহজোৰা সমৰিক অনুশীলন আৰম্ভ কৰিলে টাইৱানে৷ মাকিন প্ৰতিনিধি নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণকে অচিলা হিচাবেলৈ চীনে টাইৱানৰ সাগৰীয় এলেকালৈ নিক্ষেপ কৰিছিল ইটোৰ পিছত সিটোকৈ মিছাইল৷ টাইৱানক যুদ্ধৰ ভাবুকিৰে আতংকিত কৰি ৰখা চীনৰ অতপালি ৰোধ কৰিবলৈ এইবাৰ সক্ৰিয় হৈ উঠিছে টাইৱানৰ সেনা৷টাইৱানৰ সনেৰ মতে এয়া চীনক  পৰাস্ত কৰাৰ প্ৰস্তুতি। আজিৰে   টাইৱানৰ সামৰিক বাহিনীয়ে আক্ৰমণাত্মক ৰেড আৰ্মীক প্ৰতিহত কৰিবলৈ সামৰিক অনুশীলন আৰম্ভ কৰিছে। 

টাইৱানে মঙলবাৰৰ পৰা সামৰিক অনুশীলন আৰম্ভ কৰিছে। স্ব-শাসিত দ্বীপ ৰাষ্ট্ৰৰ আৰ্টিলাৰী বাহিনীয়ে  'লাইভ ফায়াৰ ড্ৰিল'  কৰি যুঁজৰ পৰিবেশ ৰচনা কৰিছে৷ টাইৱানৰ সেনাৰ অষ্টম আৰ্মি কৰ্পৰ মুখপাত্ৰ লৌ ৱেই জে দেশখনৰ দক্ষিণ প্ৰদেশ পিংটাঙত সামৰিক অনুশীলন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে। টাইৱানৰ সামৰিক বাহিনীয়ে কৈছে যে প্ৰায় ৪০ টা হাউটজাৰ কামান আৰু ১,০০০ তকৈও অধিক সৈন্যই এই অনুশীলনত অংশগ্ৰহণ কৰিছে।

উল্লেখ্য যোৱা সপ্তাহত মাৰ্কিন প্ৰতিনিধি  নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণৰ পিছতে টাইৱানৰ বিৰুদ্ধে  চীন ক্ৰমান্বয়ে আক্ৰমণাত্মক হৈ পৰিছে। যুদ্ধৰ আশংকা বৃদ্ধি কৰি চীনৰ  ৰেড আৰ্মীয়ে  দ্বীপ ৰাষ্ট্ৰখনক 'ঘেৰাও' কৰি সামৰিক অনুশীলন আৰম্ভ কৰিছিল। কমিউনিষ্ট দেশখনে টাইৱান ষ্ট্ৰেইট আৰু সংলগ্ন অঞ্চলত যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে৷ এনে পৰিস্থিতিত টাইৱানৰ সেনাই যুদ্ধ আৰম্ভ হ'লে আক্ৰমণকাৰী  ড্ৰেগন বাহিনীক প্ৰতিহত  কৰাৰ প্ৰস্তুতি চলাবলৈ বাধ্য হৈ পৰিছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি  চীনে টাইৱানৰ মুঠ ছয়টা মুখ্য বন্দৰক লক্ষ্য কৰি লৈছে। ৰাজধানী টাইপেইৰ উপৰিও উত্তৰৰ কিলুং বন্দৰ, পশ্চিমে চুয়াও আৰু হুয়ালিয়েন, দক্ষিণ টাইৱানৰ কাওক্সিউং আৰু পূবৰ টাইকুয়াং বন্দৰ চীনৰ আক্ৰণৰ তালিকাত আছে। চীনৰ জে-২০ ষ্টিল্থ ফাইটাৰ জেট, টাইপ ০৫-২ডি  যুদ্ধজাহাজ আৰু কেইবাখনো সৰু উচ্চ গতিৰ কৰ্ভেট জাহাজে টাইৱানৰ জলসীমাৰ ওচৰৰ এলেকাবোৰ প্ৰায় ঘেৰাও কৰি ৰাখিছে৷

ইফালে, টাইৱানৰ  সামৰিক অনুশীলনৰ সময়তে  চীনৰ  ৰেড আৰ্মীয়ে কোৰিয়া উপদ্বীপ আৰু ইয়াৰ ওচৰৰ বোহাই সাগৰ সংলগ্ন য়েল’ সাগৰত নতুন সামৰিক অনুশীলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। চীনৰ সামুদ্ৰিক সুৰক্ষা সংস্থাই ঘোষণা কৰিছে যে য়েল’ সাগৰত  ১৫ আগষ্টলৈকে চীনৰ সেনাৰ সমৰিক অনুশীলন অব্যাহত থাকিব। আনহাতে ৮ আগষ্ট, সোমবাৰৰ পৰা  চীনৰ পূব উপকূলৰ বোহাই সাগৰত চীনা সেনাই  সামৰিক  অনুশীলন আৰম্ভকৰিছে । চীনৰ সেনাৰ এই অনুশীলন এমাহৰ বাবে চলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু