--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহজনৰ নাম হেনৰী জিগলেণ্ড। ১০০ বছৰতকৈও অধিক আগতে সংঘটিত হোৱা এই ব্যক্তিজনৰ  মৃত্যুক বহুতে শতিকাৰ আটাইতকৈ দুৰ্ভাগ্যজনক আৰু অবিশ্বাস্য মৃত্যু বুলি গণ্য কৰে।

ঘটনাটো ১৯০৫ চনত আৰম্ভ হৈছিল। টেক্সাছৰ হানি গ্ৰোভৰ এটা ধনী কৃষক পৰিয়ালৰ পুত্ৰ হেনৰী মেছি টিচনৰৰ প্ৰেমত পৰিছিল। কিন্তু হঠাতে এদিন হেনৰী মেছিৰ সম্পৰ্কত ফাট মেলিছিল।হেনৰীয়ে মেছিক স্পষ্টকৈ  কৈছিল যে,  তেওঁ এই সম্পৰ্কৰ পৰা ওলাই আহিব বিচাৰে। অৱশ্যে মেছিয়ে হেনৰীৰ সিদ্ধান্ত গ্ৰহণ সহজে  কৰিব নোৱাৰিলে। প্ৰেমিকক হেৰুওৱাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁ আত্মহত্যা কৰিলে।মেছিৰ ককাদেউতাই তেওঁৰ ভনীয়েকক হেৰুওৱাৰ পিছত হেনৰীৰ ওপৰত প্ৰতিশোধ ল'বলৈ ব্যাকুল হৈ পৰিছিল। আৰু তেওঁ  মেছিৰ আত্মহত্যাৰ প্ৰতিশোধ ল'বলৈ হেনৰীক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল। 

মেছিৰ মৃত্যুৰ কেইদিনমানপিছত হঠাতে মেছিৰ ককাদেউতাক হেনৰীৰ ঘৰৰ সন্মুখত উপস্থিত হয়। সেই সময়ত, হেনৰীয়ে বাগিচাৰ এজোপা  গছৰ কাষত কাম কৰি আছিল। মেছিৰ ককাদেউতাকে  দূৰৰ পৰা হেনৰীৰ ওপৰত দুটা গুলী চালনা কৰিছিল। হেনৰীৰ কি হৈছে দেখাৰ  আগতেই তেওঁ একেটা বন্দুকেৰে আত্মহত্যা কৰিছিল।

মেছিৰ ককাদেউতাকে  নাজানিলে  যে তেওঁৰ গুলীয়ে হেনৰীৰ শৰীৰত বিন্ধিব নোৱাৰিলে। প্ৰথম শ্বটটোৱে হেনৰীৰ শৰীৰ স্পৰ্শ কৰিছিল, কিন্তু দ্বিতীয় শ্বটটো হেনৰীৰ কাষৰ গছত বিন্ধিছিল। 

 পৰৱৰ্তী ২০ বছৰৰ পিছত হেনৰীয়ে সিদ্ধান্ত লৈছিল যে তেওঁ ঘৰৰ সন্মুখৰ মাটিত কেইটামান গছ কাটি পেলাব। তেওঁ প্ৰথমে নিজৰ জীৱন ৰক্ষা কৰা গছজোপা কাটিবলৈ সিদ্ধান্ত লৈছিল। অৱশ্যে কুঠাৰৰে কটাৰ পৰিৱৰ্তে হেনৰীয়ে গছ কাটিবলৈ আন এটা পদ্ধতি গ্ৰহণ কৰিছিল। আৰু সেই নতুন পথটো তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল।

পৰিকল্পনা অনুসৰি, গছ কাটিবলৈ হেনৰীয়ে বিস্ফোৰক পদাৰ্থ ব্যৱহাৰ কৰিলে৷বিস্ফোৰণৰ পিছত গছজোপা টুকুৰা টুকুৰ হৈ যায়। এনে কৰোঁতে  দুটা দশকতকৈও অধিক সময় ধৰি গছজোপাৰ  গুৰিত লাগি থকা গুলীটো ওলাই গৈছিল।আৰু সেই  গুলীটো আহি হেনৰীৰ বুকুত খুন্দা মাৰিলে। ফলত ঘটনাস্থলীতে হেনৰীৰ  মৃত্যু হয়। 

হেনৰীৰ দুৰ্ভাগ্যই  স্থানীয় বাতৰি কাকতত স্থান পাইছিল। ইয়াৰ পিছত হেনৰীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ খবৰ লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰে।
বহুতে ঘটনাটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। কিছুমান স্থানীয় লোকৰ মতে, শিশুসকলক উপহাস কৰিবলৈ সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ কৰা হৈছিল। অৱশ্যে, সংবাদ মাধ্যমসমূহে ঘটনাটো সঁচা বুলি বিবেচনা কৰে। যদিও ঘটনাটোৰ সত্যতা সম্পৰ্কে বহুতো প্ৰশ্ন আছে, কোনেও ঘটনাটো মিছা বুলি প্ৰমাণ কৰিবলৈ সক্ষম হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে