--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভুল খাদ্যাভ্যাস আৰু ভুল জীৱনশৈলীৰ বাবে মানুহৰ জীৱন বিপদাপন্ন হয়। মাত্ৰ ৩২ বছৰ বয়সত এগৰাকী মহিলাৰ ওজন প্ৰায় ৩১৭ কিলোগ্ৰামলৈ বৃদ্ধি পাইছিল। এই সময়ছোৱাত মহিলাগৰাকীৰ শাৰীৰিক ক্ৰিয়া-কলাপো অতি কম আছিল আৰু হৰম’নৰ ভাৰসাম্যহীনতাও ওজন বৃদ্ধিৰ কাৰণ আছিল। আমেৰিকাৰ মিচিচিপিৰ বাসিন্দা ক্ৰীষ্টিনা ফিলিপছৰ ৰূপান্তৰৰ যাত্ৰা শুনি আপুনি স্তম্ভিত হ’ব। এটা সময়ত ক্ৰীষ্টিনাৰ নামটো পৃথিৱীৰ আটাইতকৈ শকত মহিলাৰ ভিতৰত লোৱা হৈছিল। মাত্ৰ ১২ বছৰ বয়সত ক্ৰীষ্টিনাৰ ওজন আছিল প্ৰায় ১৩৬ কিলোগ্ৰাম। প্ৰায় দুবছৰ ধৰি তেওঁ বিচনাত পৰি থাকি জীৱনটো পাৰ কৰিছিল।
After Leaving Her Abusive Ex, This Woman Lost 525 Lbs And Gained Back Her  Life | Goalcast
ক্ৰীষ্টিনাই কয় যে শৈশৱত তেওঁৰ বাৰে বাৰে ভোক লাগিছিল। সেইবাবেই তেওঁ দিনটোত কেইবাবাৰো খাদ্য খাইছিল। ক্ৰীষ্টিনাৰ খাদ্য তালিকাত ফাষ্ট ফুড অধিক আছিল। এই সময়ছোৱাত তেওঁ কোনো শাৰীৰিক ক্ৰিয়া-কলাপো কৰা নাছিল সেয়ে তেওঁৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাইছিল। এই বাঢ়ি অহা ওজনে ক্ৰীষ্টিনাক বহুত অসুবিধা দিছিল। ইয়াৰ পিছত তেওঁ ডাক্তৰক লগ কৰি ওজন কমোৱাৰ পৰামৰ্শ ল’লে। ডাক্তৰে বাইপাছ অস্ত্ৰোপচাৰ আৰু স্বাস্থ্যসন্মত খাদ্যৰ পৰামৰ্শ দিলে।
My 600lb Life: Christina Phillips lost over 37 stone still feels obese |  Metro News
গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে ক্ৰীষ্টিনাই খোজ কাঢ়িবও পৰা নাছিল। পিতৃ-মাতৃ আৰু স্বামী জেকৰ লগত থাকিছিল। কিন্তু গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰ কৰাৰ সময়ত স্বামীয়ে তেওঁক একেবাৰেই সমৰ্থন কৰা নাছিল আৰু বেয়া আচৰণ কৰিছিল। স্বামীয়ে মাজে মাজে ক্ৰীষ্টিনাক ঠাট্টা কৰিছিল। যাৰ ফলত তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছিল। ইয়াৰ পাছত ক্ৰীষ্টিনাই স্বামীৰ পৰা বিবাহ বিচ্ছেদ লৈছিল। 
My 600-lb Life': Christina Phillips shed 525lbs but was left with a divorce  and an eating disorder in the end | MEAWW
পাছত গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰৰ সহায়ত তেওঁৰ ওজন কমি আহিল। এতিয়া তেওঁৰ ওজন মাত্ৰ ৯০ কেজি। এতিয়া ক্ৰীষ্টিনাই স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰে আৰু নিজৰ নিয়মীয়া চাৰ্ট অনুসৰণ কৰে আৰু দৈনিক ব্যায়াম কৰে। 
My 600-Lb. Life': Christina Phillips Shows Off New Baby Photos
ক্ৰীষ্টিনা ফিলিপছে কয় যে মানুহে ওজন হ্ৰাস কৰিবলৈ হ’লে আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলে হ’লে দৈনিক ব্যায়াম কৰিবই লাগিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ