--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভুল খাদ্যাভ্যাস আৰু ভুল জীৱনশৈলীৰ বাবে মানুহৰ জীৱন বিপদাপন্ন হয়। মাত্ৰ ৩২ বছৰ বয়সত এগৰাকী মহিলাৰ ওজন প্ৰায় ৩১৭ কিলোগ্ৰামলৈ বৃদ্ধি পাইছিল। এই সময়ছোৱাত মহিলাগৰাকীৰ শাৰীৰিক ক্ৰিয়া-কলাপো অতি কম আছিল আৰু হৰম’নৰ ভাৰসাম্যহীনতাও ওজন বৃদ্ধিৰ কাৰণ আছিল। আমেৰিকাৰ মিচিচিপিৰ বাসিন্দা ক্ৰীষ্টিনা ফিলিপছৰ ৰূপান্তৰৰ যাত্ৰা শুনি আপুনি স্তম্ভিত হ’ব। এটা সময়ত ক্ৰীষ্টিনাৰ নামটো পৃথিৱীৰ আটাইতকৈ শকত মহিলাৰ ভিতৰত লোৱা হৈছিল। মাত্ৰ ১২ বছৰ বয়সত ক্ৰীষ্টিনাৰ ওজন আছিল প্ৰায় ১৩৬ কিলোগ্ৰাম। প্ৰায় দুবছৰ ধৰি তেওঁ বিচনাত পৰি থাকি জীৱনটো পাৰ কৰিছিল।
After Leaving Her Abusive Ex, This Woman Lost 525 Lbs And Gained Back Her  Life | Goalcast
ক্ৰীষ্টিনাই কয় যে শৈশৱত তেওঁৰ বাৰে বাৰে ভোক লাগিছিল। সেইবাবেই তেওঁ দিনটোত কেইবাবাৰো খাদ্য খাইছিল। ক্ৰীষ্টিনাৰ খাদ্য তালিকাত ফাষ্ট ফুড অধিক আছিল। এই সময়ছোৱাত তেওঁ কোনো শাৰীৰিক ক্ৰিয়া-কলাপো কৰা নাছিল সেয়ে তেওঁৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাইছিল। এই বাঢ়ি অহা ওজনে ক্ৰীষ্টিনাক বহুত অসুবিধা দিছিল। ইয়াৰ পিছত তেওঁ ডাক্তৰক লগ কৰি ওজন কমোৱাৰ পৰামৰ্শ ল’লে। ডাক্তৰে বাইপাছ অস্ত্ৰোপচাৰ আৰু স্বাস্থ্যসন্মত খাদ্যৰ পৰামৰ্শ দিলে।
My 600lb Life: Christina Phillips lost over 37 stone still feels obese |  Metro News
গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে ক্ৰীষ্টিনাই খোজ কাঢ়িবও পৰা নাছিল। পিতৃ-মাতৃ আৰু স্বামী জেকৰ লগত থাকিছিল। কিন্তু গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰ কৰাৰ সময়ত স্বামীয়ে তেওঁক একেবাৰেই সমৰ্থন কৰা নাছিল আৰু বেয়া আচৰণ কৰিছিল। স্বামীয়ে মাজে মাজে ক্ৰীষ্টিনাক ঠাট্টা কৰিছিল। যাৰ ফলত তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছিল। ইয়াৰ পাছত ক্ৰীষ্টিনাই স্বামীৰ পৰা বিবাহ বিচ্ছেদ লৈছিল। 
My 600-lb Life': Christina Phillips shed 525lbs but was left with a divorce  and an eating disorder in the end | MEAWW
পাছত গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰৰ সহায়ত তেওঁৰ ওজন কমি আহিল। এতিয়া তেওঁৰ ওজন মাত্ৰ ৯০ কেজি। এতিয়া ক্ৰীষ্টিনাই স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰে আৰু নিজৰ নিয়মীয়া চাৰ্ট অনুসৰণ কৰে আৰু দৈনিক ব্যায়াম কৰে। 
My 600-Lb. Life': Christina Phillips Shows Off New Baby Photos
ক্ৰীষ্টিনা ফিলিপছে কয় যে মানুহে ওজন হ্ৰাস কৰিবলৈ হ’লে আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলে হ’লে দৈনিক ব্যায়াম কৰিবই লাগিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে