--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কেইটামান দশক ধৰি পৃথিৱীৰ কেন্দ্ৰত থকা আৱৰণৰ ওপৰত এটা পাতল স্তৰে বিজ্ঞানীসকলক বিমোৰত পেলাইছে। বিজ্ঞানীসকলে এই ৰহস্যময় স্তৰটোক ‘ই-প্ৰাইম স্তৰ’ বুলি নামকৰণ কৰিছে। কিন্তু এই স্তৰটো কিয় ৰহস্যময়?

‘নেচাৰ জিঅ’ছায়েন্স’ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণা পত্ৰ অনুসৰি ভূগৰ্ভস্থ পানী অতি গভীৰলৈ যাব পাৰে। আনকি, পৃথিৱীৰ একেবাৰে কেন্দ্ৰলৈও যাব পাৰে। ভূগৰ্ভস্থ পানীয়ে তৰল ধাতুৰ কেন্দ্ৰৰ বাহিৰৰ অংশৰ গঠন যথেষ্ট সলনি কৰিব পাৰে।

পৃথিৱীৰ তিনিটা স্তৰ আছে - আটাইতকৈ বাহিৰৰ অংশ 'ক্ৰাষ্ট’, মাজৰ অংশত ‘মেণ্টেল’ আৰু একেবাৰে কেন্দ্ৰত আছে ‘কোৰ’। গৱেষণা পত্ৰখনত কোৱা হৈছে যে ভূগৰ্ভস্থ পানী হয়তো কোটি কোটি বছৰৰ ভিতৰত টেকটনিক প্লেটৰ জৰিয়তে পৃথিৱীৰ কেন্দ্ৰলৈ গতি কৰিছিল।

যেতিয়া সেই পানী ভূপৃষ্ঠৰ পৰা প্ৰায় ৩০০০ কিলোমিটাৰ তলত কোৰ-মেণ্টেলৰ সীমালৈকে টোপাল টোপালকৈ তললৈ নামি যায়, তেতিয়া ই পৃথিৱীৰ কোৰত থকা মূল মৌলবোৰৰ সৈতে ৰাসায়নিকভাৱে বিক্ৰিয়া কৰে। কোৰ-মেণ্টেল সীমা স্তৰক ‘ই-প্ৰাইম স্তৰ’ বুলি জনা যায়।

পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে গৱেষকসকলে আৱিষ্কাৰ কৰিলে যে পানী আৰু কোৰত থকা তৰল লাভাৰ বিক্ৰিয়া হ’লে হাইড্ৰ’জেন সমৃদ্ধ চিলিকনৰ এটা স্তৰ গঠন হয়। এই বিক্ৰিয়াৰ ফলত কেন্দ্ৰৰ বাহিৰৰ ফালে এটা গঠন গঠন হয়। আকৌ মেণ্টেলত ই চিলিকাৰ পৰা নিৰ্মিত স্ফটিকৰ তৰপ এটা গঠন কৰে।

বিজ্ঞানীসকলৰ মতে এই পৰিৱৰ্তনৰ ফলত কেন্দ্ৰত থকা তৰল ধাতুৰ স্তৰৰ ঘনত্ব কমি যাব পাৰে। ভূমিকম্পৰ গতিৰ পৰিৱৰ্তনও হ’ব পাৰে। দলটোৰ অন্যতম আগশাৰীৰ গৱেষক ডেন শ্বিমে ব্যাখ্যা কৰে যে, “বছৰ বছৰ ধৰি পৃথিৱীৰ কোৰ আৰু মেণ্টেলৰ মাজত মৌলৰ আদান-প্ৰদান কম বুলি ভবা হৈছে।” যয কিন্তু, আমাৰ পৰীক্ষাত আন তথ্য ওলাই পৰিল। আমি দেখিলোঁ যে যেতিয়া ভূগৰ্ভস্থ পানীয়ে কোৰ-মেণ্টেলৰ সীমাত উপনীত হয়, তেতিয়া ই কোৰত থকা চিলিকনৰ সৈতে বিক্ৰিয়া কৰি চিলিকা গঠন কৰে।"

শ্বিমে কয় যে এই পৰীক্ষাই কেৱল কোৰ আৰু মেণ্টেলৰ মাজত সীমিত পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে দীৰ্ঘদিনীয়া বিশ্বাসক প্ৰত্যাহ্বান জনোৱাই নহয়। বৰঞ্চ ই কোৰ-মেণ্টেলৰ পাৰস্পৰিক ক্ৰিয়াৰ লগতে বস্তুৰ বিনিময়ৰ বিষয়েও বহু তথ্য প্ৰদান কৰে। তেওঁ দাবী কৰে যে তেওঁলোকৰ গৱেষণাই ভূগৰ্ভস্থ পানীৰ প্ৰতি বিশ্বৰ বহু ধাৰণা সলনি কৰিব পাৰে।

বিজ্ঞানীসকলে দাবী কৰিছে যে তেওঁলোকৰ গৱেষণাৰ ফলত পৃথিৱীৰ গুৰিৰ গঠন সম্পৰ্কে মানুহৰ বুজাবুজি বৃদ্ধি পাব। ইয়াৰ দ্বাৰা গ্ৰহটোৰ ভূগৰ্ভস্থ পানী আৰু মাটিৰ তলত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ বিষয়েও নতুন তথ্যৰ সৃষ্টি হ’ব।

এই পৰীক্ষাটো কৰিবলৈ বৈজ্ঞানিকসকলে দুটা অত্যাধুনিক পদ্ধতি অৱলম্বন কৰিছিল। এটা, আমেৰিকাৰ ‘আৰ্গন নেচনেল লেব’ৰ ‘এডভান্সড ফ’টন ছ’ৰ্চ’ আৰু জাৰ্মানীৰ ‘ডয়চে ইলেক্ট্ৰনেন-চিনক্ৰ’ট্ৰন’ লেবৰ ‘পেট্ৰা-৩’। এই দুটা পদ্ধতিয়ে কোৰ-মেণ্টেল সীমাৰ গঠনৰ প্ৰতিলিপি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক