--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নান হাউজাৰ। এই সাগৰীয় জীৱবিজ্ঞানীজনে জীৱনৰ বেছিভাগ সময় আমেৰিকাৰ ব্ৰান্সৱিক আৰু দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কুক দ্বীপপুঞ্জত কটায়। এসময়ত তেওঁ সাগৰৰ বিষয়ে গৱেষণা কৰি থাকোঁতে এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছিল। এজন "বন্ধু"ৰ সহায়ত তেওঁ কথমপি বাচি যায়।

হাউজাৰ নিউ ইংলেণ্ড ডলফিন আউটৰিচ প্ৰজেক্টৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। তেওঁ বহুতো ডলফিন, তিমি আৰু সাগৰীয় গৱেষণা কেন্দ্ৰত অধ্যাপক হিচাপে কাম কৰে। তেওঁ কেইবাটাও বেচৰকাৰী সংস্থাৰ সৈতেও জড়িত। বৰ্তমান তেওঁ দক্ষিণ আফ্ৰিকাৰ এটা গৱেষণা সংস্থাৰ পৰিচালনা সমিতিৰ সদস্য। হাউজাৰে আন্তঃৰাষ্ট্ৰীয় ‘আৰ্থ এম্বেচাদৰ’ উপাধিও লাভ কৰিছে। হাউজাৰে তিমি গৱেষক হোৱাৰ আগতে কেইবাবছৰ ধৰি নাৰ্ছ হিচাপেও কাম কৰিছিল।

সমুদ্ৰবিজ্ঞানী হাউজাৰে এবাৰ সাগৰলৈ গৈ বিপদৰ সন্মুখীন হৈছিল। ২০১৭ চনত কুক দ্বীপপুঞ্জৰ ৰাৰোটংগাত হাম্পবেক তিমিৰ ওপৰত গৱেষণা কৰি আছিল হাউজাৰে। তেওঁ কেইবাটাও তিমিৰ লগত বন্ধুত্বও কৰিছিল। সেই বছৰৰ ১৪ ছেপ্টেম্বৰত হাউজাৰে এখন নাৱেৰে দক্ষিণ প্ৰশান্ত মহাসাগৰ পাৰ হৈছিল। তিমিৰ ওপৰত গৱেষণাৰ বাবে তেওঁ সাগৰৰ তললৈ যাবলগা হৈছিল।

দুটা হাম্পবেক তিমিৰ ভিডিঅ’ সংগ্ৰহ কৰিবলৈ তেওঁ সাগৰলৈ যাত্ৰা কৰে। আৰু সেইদিনা এটা অবিশ্বাস্য পৰিঘটনা ঘটিল। হাউজাৰে এটা তিমিৰ কাষত সাঁতুৰি আছিল, তেনেতে হঠাতে এটা তিমিয়ে তেওঁক দেখি অদ্ভুত সংকেত দিবলৈ ধৰিলে। হঠাৎ আন এটা তিমি তেওঁ ফালে লৰালৰিকৈ আহিল।

হাউজাৰ আতংকিত হৈ পৰিল। তিমিটোৱে তেওঁৰ আহিল আৰু পাখিৰে হাউজাৰক খোচ মাৰিব ধৰিলে। হাউজাৰক তিমিটোৱে পাখিৰে খুঁচি বহুদূৰলৈ যায়। হাওচাৰে নিজৰ নাৱৰ ওচৰ পালেহি। চিনাকি বন্ধুসকলৰ এই অদ্ভুত আচৰণত হাউজাৰ স্তম্ভিত হৈ পৰিল। ইয়াৰ পিছত যি দেখিলে তাক আৰু বেছি আচৰিত কৰি তুলিলে।

তিমিটোৱে তেওঁক যি ঠাইৰ পৰা লৈ আহিছিল, সেই ঠাইতে নাৱৰ পৰা হাউজাৰে এটা ডাঙৰ, হিংস্ৰ হাঙৰ দেখা পালে। হাউজাৰে উপলব্ধি কৰে যে তিমিটোয়ে হাঙৰৰ আক্ৰমণৰ পৰা বাচিবলৈ তেওঁক সংকেত দিছিল। কিন্তু সংকেতটো বুজি নোপোৱাৰ বাবে আনটো তিমিয়ে তেওঁক তাৰপৰা লৈ আহিল। তিমি দুটাৰ লক্ষ্য আছিল হাউজাৰৰ জীৱন ৰক্ষা কৰা।

হাউচাৰে কয় যে হাঙৰটো আতৰ হোৱাৰ পিছত তেওঁ নিজৰ বন্ধু তিমি দুটাক হৃদয়ভৰা ধন্যবাদ জনাইছিল। হাউজাৰে এক সাক্ষাৎকাৰত কয় যে প্ৰায় এবছৰৰ পিছত তেওঁ কুক দ্বীপপুঞ্জৰ স্থানীয় মাছমৰীয়াসকলৰ পৰা জানিব পাৰিছিল যে বন্দৰটোত এটা তিমি দেখা গৈছে।

খবৰটো পাই হাউজাৰে খৰধৰকৈ তাত উপস্থিত হ’ল। নাৱেৰে গন্তব্য স্থান পাওঁতে তেওঁ এটা তিমি দেখা পালে। হাউজাৰে নিজৰ বন্ধুক চিনি পোৱাত ভুল কৰা নাছিল। কসেই তিমিটোৱেই তেওঁৰ জীৱন ৰক্ষা কৰিছিল। যদিও তেওঁ আনজন তিমি বন্ধুক লগ নাপালে।

বিবিচিক দিয়া এক সাক্ষাৎকাৰত হাউজাৰে কয় যে সেই দুটা তিমিৰ অবিহনে তেওঁ জীয়াই নাথাকিলহেঁতেন। লগতে তেওঁ মন্তব্য কৰে যে তেওঁ এই তিমি দুটাৰ প্ৰতি চিৰকৃতজ্ঞ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে