--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নান হাউজাৰ। এই সাগৰীয় জীৱবিজ্ঞানীজনে জীৱনৰ বেছিভাগ সময় আমেৰিকাৰ ব্ৰান্সৱিক আৰু দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কুক দ্বীপপুঞ্জত কটায়। এসময়ত তেওঁ সাগৰৰ বিষয়ে গৱেষণা কৰি থাকোঁতে এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছিল। এজন "বন্ধু"ৰ সহায়ত তেওঁ কথমপি বাচি যায়।

হাউজাৰ নিউ ইংলেণ্ড ডলফিন আউটৰিচ প্ৰজেক্টৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। তেওঁ বহুতো ডলফিন, তিমি আৰু সাগৰীয় গৱেষণা কেন্দ্ৰত অধ্যাপক হিচাপে কাম কৰে। তেওঁ কেইবাটাও বেচৰকাৰী সংস্থাৰ সৈতেও জড়িত। বৰ্তমান তেওঁ দক্ষিণ আফ্ৰিকাৰ এটা গৱেষণা সংস্থাৰ পৰিচালনা সমিতিৰ সদস্য। হাউজাৰে আন্তঃৰাষ্ট্ৰীয় ‘আৰ্থ এম্বেচাদৰ’ উপাধিও লাভ কৰিছে। হাউজাৰে তিমি গৱেষক হোৱাৰ আগতে কেইবাবছৰ ধৰি নাৰ্ছ হিচাপেও কাম কৰিছিল।

সমুদ্ৰবিজ্ঞানী হাউজাৰে এবাৰ সাগৰলৈ গৈ বিপদৰ সন্মুখীন হৈছিল। ২০১৭ চনত কুক দ্বীপপুঞ্জৰ ৰাৰোটংগাত হাম্পবেক তিমিৰ ওপৰত গৱেষণা কৰি আছিল হাউজাৰে। তেওঁ কেইবাটাও তিমিৰ লগত বন্ধুত্বও কৰিছিল। সেই বছৰৰ ১৪ ছেপ্টেম্বৰত হাউজাৰে এখন নাৱেৰে দক্ষিণ প্ৰশান্ত মহাসাগৰ পাৰ হৈছিল। তিমিৰ ওপৰত গৱেষণাৰ বাবে তেওঁ সাগৰৰ তললৈ যাবলগা হৈছিল।

দুটা হাম্পবেক তিমিৰ ভিডিঅ’ সংগ্ৰহ কৰিবলৈ তেওঁ সাগৰলৈ যাত্ৰা কৰে। আৰু সেইদিনা এটা অবিশ্বাস্য পৰিঘটনা ঘটিল। হাউজাৰে এটা তিমিৰ কাষত সাঁতুৰি আছিল, তেনেতে হঠাতে এটা তিমিয়ে তেওঁক দেখি অদ্ভুত সংকেত দিবলৈ ধৰিলে। হঠাৎ আন এটা তিমি তেওঁ ফালে লৰালৰিকৈ আহিল।

হাউজাৰ আতংকিত হৈ পৰিল। তিমিটোৱে তেওঁৰ আহিল আৰু পাখিৰে হাউজাৰক খোচ মাৰিব ধৰিলে। হাউজাৰক তিমিটোৱে পাখিৰে খুঁচি বহুদূৰলৈ যায়। হাওচাৰে নিজৰ নাৱৰ ওচৰ পালেহি। চিনাকি বন্ধুসকলৰ এই অদ্ভুত আচৰণত হাউজাৰ স্তম্ভিত হৈ পৰিল। ইয়াৰ পিছত যি দেখিলে তাক আৰু বেছি আচৰিত কৰি তুলিলে।

তিমিটোৱে তেওঁক যি ঠাইৰ পৰা লৈ আহিছিল, সেই ঠাইতে নাৱৰ পৰা হাউজাৰে এটা ডাঙৰ, হিংস্ৰ হাঙৰ দেখা পালে। হাউজাৰে উপলব্ধি কৰে যে তিমিটোয়ে হাঙৰৰ আক্ৰমণৰ পৰা বাচিবলৈ তেওঁক সংকেত দিছিল। কিন্তু সংকেতটো বুজি নোপোৱাৰ বাবে আনটো তিমিয়ে তেওঁক তাৰপৰা লৈ আহিল। তিমি দুটাৰ লক্ষ্য আছিল হাউজাৰৰ জীৱন ৰক্ষা কৰা।

হাউচাৰে কয় যে হাঙৰটো আতৰ হোৱাৰ পিছত তেওঁ নিজৰ বন্ধু তিমি দুটাক হৃদয়ভৰা ধন্যবাদ জনাইছিল। হাউজাৰে এক সাক্ষাৎকাৰত কয় যে প্ৰায় এবছৰৰ পিছত তেওঁ কুক দ্বীপপুঞ্জৰ স্থানীয় মাছমৰীয়াসকলৰ পৰা জানিব পাৰিছিল যে বন্দৰটোত এটা তিমি দেখা গৈছে।

খবৰটো পাই হাউজাৰে খৰধৰকৈ তাত উপস্থিত হ’ল। নাৱেৰে গন্তব্য স্থান পাওঁতে তেওঁ এটা তিমি দেখা পালে। হাউজাৰে নিজৰ বন্ধুক চিনি পোৱাত ভুল কৰা নাছিল। কসেই তিমিটোৱেই তেওঁৰ জীৱন ৰক্ষা কৰিছিল। যদিও তেওঁ আনজন তিমি বন্ধুক লগ নাপালে।

বিবিচিক দিয়া এক সাক্ষাৎকাৰত হাউজাৰে কয় যে সেই দুটা তিমিৰ অবিহনে তেওঁ জীয়াই নাথাকিলহেঁতেন। লগতে তেওঁ মন্তব্য কৰে যে তেওঁ এই তিমি দুটাৰ প্ৰতি চিৰকৃতজ্ঞ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু