--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিনেমাত আমি প্ৰায়ে একে মুখৰ দুজন মানুহ দেখিবলৈ পাওঁ, কিন্তু বাস্তৱ জগতত এইটো সম্ভৱনে? শিশু চিকিৎসক ডাঃ অৰুণ শ্বাহে বুজাইছে যে দুজন মানুহৰ ৰূপ হুবহু একে হোৱাটো কেতিয়াও হ’ব নোৱাৰে, সন্তান যমজ সন্তান হ’লেহে এনে হ’ব পাৰে। প্ৰায়ে কোৱা হয় যে সাত বিলিয়নতকৈও অধিক জনসংখ্যাৰ এই পৃথিৱীত একে মুখৰ বহু লোক আছে। কেতিয়াবা আমাৰ চাৰিওফালে একে মুখৰ দুজন মানুহ দেখিবলৈ পাওঁ। অৱশ্যে ৰূপটো কেতিয়াও হুবহু একে নহয়। শেহতীয়াকৈ ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছিল এখন ফটো, য’ত দেখা গৈছে বলীউডৰ অভিনেতা অনিল কাপুৰৰ এজন লুকলাইক। আচলতে সেই ব্যক্তিজন এজন আমেৰিকান বডি বিল্ডাৰ, যাৰ নাম জন আফাৰ।

লুকালাইক হোৱাটো মাথোঁ এটা ভ্ৰম

শিশু চিকিৎসক ডাঃ অৰুণ শ্বাহে বুজাইছে যে দুজন মানুহৰ ৰূপ হুবহু একে হোৱাটো কেতিয়াও হ’ব নোৱাৰে, সন্তান যমজ হ’লেহে এনেকুৱা হ’ব পাৰে, কিন্তু দুয়োটা সন্তানৰ মাক যদি বেলেগ হয় তেন্তে এই পৰিস্থিতিতো‌ সন্তান একে হোৱাৰ একেবাৰেই কোনো সম্ভাৱনা নাই। 

ইয়াক হেটেৰ’পেটাৰ্নেল ছুপাৰফেকুণ্ডেচন বোলা হয়। কিন্তু পৃথিৱীৰ আন কোনো প্ৰান্তৰ কোনো দুজন মানুহ কেতিয়াও হুবহু একে মুখ হ’ব নোৱাৰে। কিন্তু যদিও ফটোখনত দেখাৰ সময়ত দুজন মানুহৰ মুখবোৰ একেধৰণৰ দেখা যাব পাৰে, কিন্তু ভালদৰে চালে নিশ্চয়কৈ সিহঁতৰ মাজত পাৰ্থক্য থাকিব। আনহাতে এই ক্ষেত্ৰত তেওঁলোকৰ চকুৰ ৰেটিনা বা হাতৰ আঙুলিৰ ছাপ কেতিয়াও মিলাব নোৱাৰে। লুকালাইক হোৱাটো মাথোঁ এটা ভ্ৰম।

ডিএনএ পৰীক্ষাৰ দ্বাৰা এই পাৰ্থক্য দেখা যায়

ডাঃ শ্বাহৰ মতে, যিকোনো শিশুৰ কি কি ৰোগ হ’ব পাৰে বা দেউতাকৰ বিষয়ে জানিবলৈ ডিএনএ টেষ্ট কৰা হয়। ডিএনএ পৰীক্ষাত শিশুটিৰ সম্পূৰ্ণ তথ্য পোৱা যায়। যদি পৃথিৱীৰ বিভিন্ন কোণৰ দুজন মানুহ একে ধৰণৰ হয়, তেন্তে তেওঁলোকৰ ডিএনএ পৰীক্ষাৰ পৰা পোৱা তেওঁলোকৰ জিনৰ বিষয়ে তথ্যও বেলেগ হ'ব, কাৰণ পৃথিৱীত উপস্থিত আপোনাৰ ৰূপৰ সৈতে মিল থকা বেলেগ কাৰোবাৰ ডিএনএ বা জিন আপোনাৰ জিনৰ সৈতে মিল থকাটো কেতিয়াও হ'ব নোৱাৰে। গতিকে একেখন মুখ থকাটো মানুহৰ মাথোঁ এটা ভ্ৰম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক