--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তন বা অস্বাভাৱিকতা শৰীৰৰ ভিতৰত সুপ্ত ৰোগৰ সম্ভাৱনা আৰু আশংকাক সূচায়। এই ৰঙৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি শৰীৰত কি ৰোগে বাহ সাজিছে সেয়া বুজিব পৰা যায়। আচলতে আমাৰ বৃক্কৰ প্ৰধান কাম হৈছে বিপাকীয় ক্ৰিয়াৰ দ্বাৰা উৎপন্ন হোৱা শৰীৰৰ বিপাকীয় আৱৰ্জনাবোৰ প্ৰস্ৰাৱৰ ৰূপত ফিল্টাৰ কৰি উলিয়াই লোৱা। গতিকে শৰীৰৰ ভিতৰত যেতিয়া কোনো ৰোগ হয় তেতিয়া প্ৰস্ৰাৱৰ ৰং স্বাভাৱিকভাৱে সলনি হয়।

কেতিয়া সাৱধান হ’ব লাগে?
প্ৰস্ৰাৱ সাধাৰণতে পানীৰ দৰে বা পাতল হালধীয়া ৰঙৰ হয়। মহিলা, পুৰুষ, শিশু যিয়েই নহওক কিয়, ডিহাইড্ৰেচনৰ বাবে সকলোৰে প্ৰস্ৰাৱ হালধীয়া হৈ পৰে, যাৰ অন্যতম কাৰণ হ’ল পানী সেৱনৰ অভাৱ। ২ লিটাৰতকৈ কম পানী খোৱা, অত্যধিক ৰ’দত কাম কৰা আৰু বমি, ডায়েৰিয়া, শৰীৰত পানীৰ অভাৱে প্ৰস্ৰাৱ গাঢ় হালধীয়া কৰি তোলে । তদুপৰি জণ্ডিচ অৰ্থাৎ যকৃতত সংক্ৰমণ, ভাইৰাছ বা এলকহলিক হেপাটাইটিছ, প্ৰস্ৰাৱৰ মূত্ৰাশয়ৰ ক্ষতি হ’লেও প্ৰস্ৰাৱ ৰং গাঢ় হালধীয়া হ’ব পাৰে।

ডায়েবেটিছ ৰোগী আৰু ৬০ বছৰৰ ওপৰৰ পুৰুষৰ ক্ষেত্ৰতো ই প্ৰষ্টেট ষ্টোন বা কেন্সাৰ আৰু মহিলাৰ ক্ষেত্ৰত প্ৰস্ৰাৱৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। সেই সময়ত সংক্ৰমণৰ ফলত কোষৰ উপস্থিতিৰ বাবে শৰীৰৰ পৰা প্ৰটিন নিৰ্গত হয়,যাক পাইউৰিয়া বোলা হয়। ৰং সলনি হোৱাৰ লগতে জ্বৰ, যন্ত্ৰনা, তলপেটৰ বিষ আদি লক্ষণ দেখা যায়।

ৰঙা বা গোলাপী ৰঙৰ প্ৰস্ৰাৱ অধিক গুৰুতৰ সমস্যাৰ লক্ষণ। তাৰ পাছত প্ৰস্ৰাৱৰ লগত তেজ অৰ্থাৎ ৰক্তক্ষৰণ। মুখৰ দুৰ্গন্ধৰ লগতে প্ৰস্ৰাৱ কমি যোৱা আদি লক্ষণৰ অৰ্থ হ’ব পাৰে পাথৰ, টিউমাৰ বা বৃক্ক নলী, প্ৰস্ৰাৱৰ মূত্ৰাশয় বা প্ৰষ্টেটত সংক্ৰমণ, আনকি কেন্সাৰ। যিটো কেতিয়াও এৰাই চলিব নালাগে। বৃক্কৰ গুৰুতৰ ৰোগৰ ফলতো ইয়াৰ সৃষ্টি হ’ব পাৰে।

লগতে প্ৰস্ৰাৱ কমলা বা সেউজীয়া ৰঙৰ হ’লে ৰোগীয়ে নিয়মিতভাৱে গ্ৰহণ কৰা ঔষধৰ বিষয়ে সচেতন হ’ব লাগে। ৰোগীয়ে ভিটামিন সমৃদ্ধ ঔষধ খালে প্ৰস্ৰাৱ হালধীয়া হৈ পৰিব। এইচ আই ভি, এন্টি ভাইৰেল বা এন্টিবায়টিক, এন্টি চাইকিয়াট্ৰিক ঔষধৰ ৰং হালধীয়া আৰু সেউজীয়া দুয়োটা হয়, আনহাতে টিবি ঔষধ গ্ৰহণ কৰিলে ৰোগীৰ প্ৰস্ৰাৱৰ ৰং কমলা ৰঙৰ হ’ব পাৰে।

চিকিৎসা পদ্ধতি-
যদি পাইউৰিয়াৰ লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে প্ৰস্ৰাৱ পৰীক্ষা আৰু এন্টিবায়টিক খাব লাগে। যদি প্ৰস্ৰাৱ ৰঙা বা গোলাপী ৰঙৰ হয় তেন্তে ৰোগৰ প্ৰকাৰ বা স্থান জানিবলৈ আল্ট্ৰাছ’নোগ্ৰাফী কৰি প্ৰয়োজনীয় চিকিৎসা আৰম্ভ কৰাটো বাঞ্ছনীয়। ৰোগ অনুযায়ী চিকিৎসা পদ্ধতি ভিন্ন হয়। প্ৰস্ৰাৱৰ সংক্ৰমণ হ’লে এন্টিবায়টিক সেৱন কৰিব লাগে। প্ৰয়োজন হ’লে ইউৰ’লজিষ্টৰ পৰামৰ্শ লওক। সাধাৰণতে শিশুৰ প্ৰস্ৰাৱৰ ৰং সলনি নহয়। যদিহে জণ্ডিচ বা যকৃতৰ সমস্যাৰ বাবে শিশুৰ প্ৰস্ৰাৱৰ ৰং সলনি হয় , তেন্তে সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

কি কৰিব লাগে? 
 ৯০% লোকৰে প্ৰস্ৰাৱৰ ৰং সলনি হোৱাৰ কাৰণ হ’ল শৰীৰত পানীৰ অভাৱ। গতিকে দিনটোত ২.৫ৰ পৰা ৩ লিটাৰ পানী খোৱা আৰু খাদ্যাভ্যাস সলনি কৰাটো আৱশ্যকীয়। কমলাৰ লগতে বিলাহী, নেমু, বতৰৰ ফলমূল আৰু শাক-পাচলি খাব লাগে। তেলযুক্ত খাদ্য আৰু প্ৰটিন কমকৈ খাব। এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু