--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বংগৰ দুৰ্গৰ পৰা দিল্লীৰ মচনদলৈ যাত্ৰা কৰিবলৈ চেষ্টা অব্যাহত ৰখা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ পথ এতিয়া অধিক ধূসৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছক ওফৰাই তাৰ স্থান ল’বলৈ মমতাই অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁৰ চেষ্টা সফল হোৱাৰ সম্ভাৱনা খুব কম যেন দেখা গৈছে। কংগ্ৰেছক একাষৰীয়া কৰি এটা বিকল্প বিৰোধী মৰ্চা গঢ়ি তুলিবলৈ মমতা বেনাৰ্জীয়ে চেষ্টা অব্যাহত ৰাখিছে। দিল্লীত গৈ লগ ধৰিছে ইজনৰ পাছত সিজন বিৰোধী দলৰ জ্যেষ্ঠ নেতাক। এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ সকলোৰে দুৱাৰত টোকৰ মাৰিছে মমতাই।

কেৱল এয়াই নহয় বিভিন্নজন কংগ্ৰেছ নেতাক নিজৰ দলত চামিল কৰি তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে। ইচ্ছাকৃতভাৱেই ছোনিয়া গান্ধী বা ৰাহুলক সাক্ষাতৰ পৰাও বিৰত আছে। ইউপিএৰ দৰে প্ৰতিষ্ঠিত মৰ্চাক নস্যাৎ কৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে কংগ্ৰেছ আৰু তৃণমূলৰ মাজত দূৰত্ব বৃদ্ধি পাইছে। কিন্তু বাকী প্ৰধান বিৰোধী দলসমূহে কিদৰে গ্ৰহণ কৰিছে মমতাৰ আহ্বানক? এই প্ৰশ্নৰ উত্তৰ পোৱা গ’ল এখন বৈঠকত।


মঙলবাৰে কংগ্ৰেছ সভাপতি ছ’নিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত হৈছিল এখন বৈঠক। বিৰোধী দলৰ জ্যেষ্ঠ নেতাসকলক লৈ অনুষ্ঠিত এই বৈঠকক নেতৃত্ব দিছিল ছ’নিয়া গান্ধীয়ে। ছোনিয়াৰ আমন্ত্ৰণক্ৰমে এই বৈঠকত ভাগ লয় বিৰোধী দলৰ বিভিন্নজন জ্যেষ্ঠ নেতাই। সম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে এই বৈঠক অনুষ্ঠিত কৰা বুলি কোৱা হৈছে যদিও এই বৈঠকৰ আঁৰৰ কাৰণ কি হ’ব পাৰে সেয়া সহজেই অনুমেয়। এই বৈঠকখনত ভাগ লৈছিল এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, জম্মু-কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট, ডিএমকেৰ টি আৰ বালু আৰু চিপিআই(এম)ৰ সীতাৰাম য়েছুৰী আদিয়ে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে চি বেণুগোপাল আৰু মল্লিকাৰ্জুন খাৰ্গেও এই বৈঠকত উপস্থিত আছিল। লক্ষ্যণীয়ভাৱে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল। কংগ্ৰেছৰ এটা সূত্ৰই সদৰি কৰা মতে এই বৈঠকৰ জৰিয়তে কংগ্ৰেছে তৃণমূলত এই বাৰ্তা দিবলৈ চেষ্টা কৰিছিল যে, এতিয়াও দেশত কংগ্ৰেছেই বিৰোধী শক্তিৰ মূল কেন্দ্ৰ হৈ ৰৈছে। বৈঠকৰ অন্তত সঞ্জয় ৰাউটকে ধৰি কেইবাজনো বিৰোধী দলৰ নেতাই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যত স্পষ্ট হৈ পৰিছে যে তেওঁলোকে কংগ্ৰেছক ত্যাগ কৰি মমতাৰ পিছফালে শাৰী পতাৰ দৰে ভুল কৰিবলৈ ইচ্ছুক নহয়। বৰং কংগ্ৰেছৰ সৈতেই তেওঁলোক থকাৰ ইংগিত দিলে বৈঠকখনে। এই বৈঠকৰ পাছত মমতা বেনাৰ্জীয়ে বহু কথা নতুনকৈ ভাবিবলৈ বাধ্য হৈ পৰিব।


উল্লেখ্য যে, মমতাই শেহতীয়াকৈ কংগ্ৰেছকো তেওঁৰ বিৰোধী মৰ্চাত চামিল হ’বলৈ আহ্বান জনাইছে। কিন্তু মমতাৰ মৰ্চাত পিছফালৰ শাৰী পূৰাবলৈ যে কংগ্ৰেছ নাযায় সেয়া স্পষ্ট। কংগ্ৰেছৰ দৰে এটা পুৰণি আৰু দেশজোৰা বিস্তৃতি থকা দলৰ নেতা-কৰ্মীয়ে মমতাৰ নেতৃত্বত আগুৱাব বুলি ভবাটো ভুল। মমতাই বংগত বিজেপিক পৰাভূত কৰি চমৎকাৰ সাফল্যৰ নিদৰ্শন দেখুৱাইছে ঠিকেই কিন্তু দেশৰ বাকী প্ৰান্ত তেওঁৰ দলৰ উপস্থিতি শূন্যপ্ৰায়। শেহতীয়াকৈ ত্ৰিপুৰাতো তেওঁলোকে মুখথেকেচা খোৱা দেখা গৈছে।

তাৰ বিপৰীতে সামান্য গা টঙালেই দেশৰ যিকোনো এখন ৰাজ্যতে কংগ্ৰেছে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষমতা থকাকৈ শক্তিশালী সাংগঠনিক ভেটি থকা এটা দল। গতিকে কংগ্ৰেছক বাদ দি বিকল্প মৰ্চা গঢ়িবলৈ যোৱাৰ ভুল আন দলসমূহে নকৰাটোৱেই স্বাভাৱিক। কিন্তু মমতাই এই সত্যক স্বীকাৰ কৰে নে নকৰে সেয়া লক্ষ্যণীয় হ’ব। নিজকে সৰ্বশক্তিমান বুলি ভাবি যদিহে মমতাই নিজৰ বাট ল’ব বিচাৰে তেন্তে তেওঁ বিজেপিকে পৰোক্ষভাৱে সহায় কৰাহে হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত