--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বংগৰ দুৰ্গৰ পৰা দিল্লীৰ মচনদলৈ যাত্ৰা কৰিবলৈ চেষ্টা অব্যাহত ৰখা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ পথ এতিয়া অধিক ধূসৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছক ওফৰাই তাৰ স্থান ল’বলৈ মমতাই অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁৰ চেষ্টা সফল হোৱাৰ সম্ভাৱনা খুব কম যেন দেখা গৈছে। কংগ্ৰেছক একাষৰীয়া কৰি এটা বিকল্প বিৰোধী মৰ্চা গঢ়ি তুলিবলৈ মমতা বেনাৰ্জীয়ে চেষ্টা অব্যাহত ৰাখিছে। দিল্লীত গৈ লগ ধৰিছে ইজনৰ পাছত সিজন বিৰোধী দলৰ জ্যেষ্ঠ নেতাক। এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ সকলোৰে দুৱাৰত টোকৰ মাৰিছে মমতাই।

কেৱল এয়াই নহয় বিভিন্নজন কংগ্ৰেছ নেতাক নিজৰ দলত চামিল কৰি তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে। ইচ্ছাকৃতভাৱেই ছোনিয়া গান্ধী বা ৰাহুলক সাক্ষাতৰ পৰাও বিৰত আছে। ইউপিএৰ দৰে প্ৰতিষ্ঠিত মৰ্চাক নস্যাৎ কৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে কংগ্ৰেছ আৰু তৃণমূলৰ মাজত দূৰত্ব বৃদ্ধি পাইছে। কিন্তু বাকী প্ৰধান বিৰোধী দলসমূহে কিদৰে গ্ৰহণ কৰিছে মমতাৰ আহ্বানক? এই প্ৰশ্নৰ উত্তৰ পোৱা গ’ল এখন বৈঠকত।


মঙলবাৰে কংগ্ৰেছ সভাপতি ছ’নিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত হৈছিল এখন বৈঠক। বিৰোধী দলৰ জ্যেষ্ঠ নেতাসকলক লৈ অনুষ্ঠিত এই বৈঠকক নেতৃত্ব দিছিল ছ’নিয়া গান্ধীয়ে। ছোনিয়াৰ আমন্ত্ৰণক্ৰমে এই বৈঠকত ভাগ লয় বিৰোধী দলৰ বিভিন্নজন জ্যেষ্ঠ নেতাই। সম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে এই বৈঠক অনুষ্ঠিত কৰা বুলি কোৱা হৈছে যদিও এই বৈঠকৰ আঁৰৰ কাৰণ কি হ’ব পাৰে সেয়া সহজেই অনুমেয়। এই বৈঠকখনত ভাগ লৈছিল এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ, জম্মু-কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট, ডিএমকেৰ টি আৰ বালু আৰু চিপিআই(এম)ৰ সীতাৰাম য়েছুৰী আদিয়ে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কে চি বেণুগোপাল আৰু মল্লিকাৰ্জুন খাৰ্গেও এই বৈঠকত উপস্থিত আছিল। লক্ষ্যণীয়ভাৱে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল। কংগ্ৰেছৰ এটা সূত্ৰই সদৰি কৰা মতে এই বৈঠকৰ জৰিয়তে কংগ্ৰেছে তৃণমূলত এই বাৰ্তা দিবলৈ চেষ্টা কৰিছিল যে, এতিয়াও দেশত কংগ্ৰেছেই বিৰোধী শক্তিৰ মূল কেন্দ্ৰ হৈ ৰৈছে। বৈঠকৰ অন্তত সঞ্জয় ৰাউটকে ধৰি কেইবাজনো বিৰোধী দলৰ নেতাই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যত স্পষ্ট হৈ পৰিছে যে তেওঁলোকে কংগ্ৰেছক ত্যাগ কৰি মমতাৰ পিছফালে শাৰী পতাৰ দৰে ভুল কৰিবলৈ ইচ্ছুক নহয়। বৰং কংগ্ৰেছৰ সৈতেই তেওঁলোক থকাৰ ইংগিত দিলে বৈঠকখনে। এই বৈঠকৰ পাছত মমতা বেনাৰ্জীয়ে বহু কথা নতুনকৈ ভাবিবলৈ বাধ্য হৈ পৰিব।


উল্লেখ্য যে, মমতাই শেহতীয়াকৈ কংগ্ৰেছকো তেওঁৰ বিৰোধী মৰ্চাত চামিল হ’বলৈ আহ্বান জনাইছে। কিন্তু মমতাৰ মৰ্চাত পিছফালৰ শাৰী পূৰাবলৈ যে কংগ্ৰেছ নাযায় সেয়া স্পষ্ট। কংগ্ৰেছৰ দৰে এটা পুৰণি আৰু দেশজোৰা বিস্তৃতি থকা দলৰ নেতা-কৰ্মীয়ে মমতাৰ নেতৃত্বত আগুৱাব বুলি ভবাটো ভুল। মমতাই বংগত বিজেপিক পৰাভূত কৰি চমৎকাৰ সাফল্যৰ নিদৰ্শন দেখুৱাইছে ঠিকেই কিন্তু দেশৰ বাকী প্ৰান্ত তেওঁৰ দলৰ উপস্থিতি শূন্যপ্ৰায়। শেহতীয়াকৈ ত্ৰিপুৰাতো তেওঁলোকে মুখথেকেচা খোৱা দেখা গৈছে।

তাৰ বিপৰীতে সামান্য গা টঙালেই দেশৰ যিকোনো এখন ৰাজ্যতে কংগ্ৰেছে বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষমতা থকাকৈ শক্তিশালী সাংগঠনিক ভেটি থকা এটা দল। গতিকে কংগ্ৰেছক বাদ দি বিকল্প মৰ্চা গঢ়িবলৈ যোৱাৰ ভুল আন দলসমূহে নকৰাটোৱেই স্বাভাৱিক। কিন্তু মমতাই এই সত্যক স্বীকাৰ কৰে নে নকৰে সেয়া লক্ষ্যণীয় হ’ব। নিজকে সৰ্বশক্তিমান বুলি ভাবি যদিহে মমতাই নিজৰ বাট ল’ব বিচাৰে তেন্তে তেওঁ বিজেপিকে পৰোক্ষভাৱে সহায় কৰাহে হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?