--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নগালেণ্ডৰ ৰাজধানী ক’হিমা চহৰৰ ব্যস্ততাপূৰ্ণ এটা পুৱা। ভাৰতীয় সেনা বাহিনীৰ এটা দলে চহৰখনত তহল দি থকাৰ সময়তে হঠাৎ এখন চলন্ত গাড়ীৰ চকা ফুটিল।এই চকা ফুটা সাধাৰণ শব্দকে বোমা বুলি ভাবি ঘটনাস্থলীত উপস্থিত থকা সশস্ত্র সেনা বাহিনীয়ে ৰাজপথেৰে অহা-যোৱা কৰা নিৰীহ ব্যক্তিৰ ওপৰত আৰম্ভ কৰে নিৰ্বিচাৰ গুলী বৰ্ষণ। সেনাৰ এই নিৰ্বিচাৰ গুলীচালনাত নগালেণ্ডত ১৩ জন নিৰীহ লোকে প্ৰাণ হেৰুৱালে৷


উত্তৰ-পূৰ্বাঞ্চলত কেৱল আফস্পা কাৰ্যকাৰী হৈ থকাৰ ফলতে সেনাই বিনা দ্বিধাই ১৩ জনকৈ নিৰীহ লোকক প্ৰাণ হানি কৰিব পাৰিলে৷ সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA ৰ অপপ্রয়োগৰ অভিযোগ অসম আৰু মনিপুৰত আটাইতকৈ বেছি । অসমত বিশেষকৈ ১৯৯০চনত বিদ্রোহী সংগঠন ULFA আৰু NDFBৰ বিৰুদ্ধে আৰম্ভ হোৱা সেনা অভিযান “বজৰং” আৰু ১৯৯২চনত আৰম্ভ হোৱা অপাৰেচন “ৰাইনো”ৰ সময়ত সাধাৰণ নাগৰিকৰ গণতান্ত্রিক অধিকাৰ আৰু মানৱ অধিকাৰ কিদৰে ভূ-লুণ্ঠিত কৰা হৈছিল৷ সেনাৰ দ্বাৰা সংঘটিত ভূৱা সংঘৰ্ষ আৰু জঘন্যতম ধৰ্ষণৰদৰে ২০টাৰো অধিক গোচৰ সন্মানীয় গুৱাহাটী উচ্চ ন্যায়লয়ে নিষ্পত্তি কৰি সশস্ত্র সেনাৰ বিৰুদ্ধে ৰায়দান দিছে৷


এইখিনিতে প্ৰশ্ন উত্থাপন, সেনাৰ দ্বাৰা সংঘটিত ইমান নিশংস ঘটনাটোৱে ভাৰতৰ গৃহ বিভাগৰ ব্যৰ্থতাটোৱে উদঙাই দিয়া নাই জানো? ভাৰত চৰকাৰে কেৱল চোৰাংচোৱাৰ ভূল তথ্য আৰু পৰিচয় বিভ্ৰাটৰ বাবেই এই ঘটনা সংঘটিত হবলৈ পালে বুলি দায়সৰা মন্তব্য কৰিলে৷ যদি ভাৰতীয় চোৰাংচোৱা হাতত ইমান ভূল তথ্য থাকে তেনেহলে আন্তৰাষ্ট্ৰীয় কুটনৈতিক কাম-কাজত ভাৰতে কি বুলি বিশ্বাসত ল’ব, এতিয়া সৰ্বসাধাৰণৰ প্ৰশ্ন৷


আফস্পা প্ৰসংগত মাত মাতিছে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন.এছ.চি.এন খাপলাং সংগঠনে৷ তেওঁলোকে ক’য় যে, “অবৈধ প্ৰবৰ্জনকাৰীৰ পৰা সাৱধান ৷ অসমত কি হৈছে দেখিছেই নহয়। ত্ৰিপুৰাৰ কথাটো ক'বই নালাগে ৷ আপোনালোক সাৱধান নহ'লে আমাৰ নগাভূমি দ্বিতীয় অসম বা দ্বিতীয় ত্ৰিপুৰা হ'বলৈ বেছি দিন নালাগিব ৷”নগা জনতালৈ এনেদৰেই আহ্বান জনালে খাপলাং গোটে৷ সংগঠনটোৰ প্ৰচাৰ বিভাগে নগা ৰাইজক উদ্দেশ্যি কয় যে সময় থাকোতেই যদি নগা সজাগ তথা সৰ্তক নহয়, তেন্তে নিজ ভূমিতেই ভূমিহীন হ'ব লাগিব ৷ সেয়ে সময় থাকোতেই প্ৰতিজন নগা আৰু নগাৰ প্ৰতিটো দল-সংগঠন একত্ৰিত হওক ৷ অবৈধ প্ৰবৰ্জনকাৰীৰ বিৰুদ্ধে মাৰবান্ধি ঠিয় হওক৷


ইফালে, নাগালেণ্ডৰ আন এটা বিদ্ৰোহী সংগঠন এন.এছ.চি.এন ইছাক মুইভাও এই কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে৷ নগালেণ্ডৰ সংঘটিত হোৱাৰ এই কাৰ্যই সশস্ত সংগঠনসমূহৰ যি আলোচনা পথ আছিল, সেইয়াও যে এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ গতি কৰিলে সেইটো নিশ্চিত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম