--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্ভীক সাংবাদিক কামাল খান আৰু নাই। নিৰ্ভীক আৰু বলিষ্ঠ কণ্ঠৰ অন্য এক নাম আছিল কামাল খান। যোৱা তিনিটা দশক ধৰি তেওঁ দেশৰ সংবাদ সেৱাত ব্ৰতী আছিল। শুকুৰবাৰে পুৱা লক্ষ্ণৌৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক কামাল খানে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এনডিটিভিৰ সাংবাদিক আছিল কামাল খান। হৃদৰোগত আক্ৰান্ত হৈ আছিল সাংবাদিকগৰাকী। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ। কামাল খানৰ আকস্মিক মৃত্যুৱে দেশৰ সংবাদ মহলত পেলাইছে গভীৰ শোকৰ ছাঁ। তেওঁৰ নিৰ্ভীক কণ্ঠই শাসকতন্ত্ৰৰ বুকু কঁপাইছিল। সাহসী সাংবাদিক ৰূপে বিশেষ পৰিচিতি আছিল কামাল খানৰ। জ্যেষ্ঠ সাংবাদিক আলোক পাণ্ডে, বিবেক গুপ্তাকে ধৰি বহু সাংবাদিকে কামাল খানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ সিং যাদৱ আৰু কংগ্ৰেছৰ উত্তৰ প্ৰদেশ প্ৰভাৰী প্ৰিয়ংকা গান্ধী, জ্যোতিৰাদিত্য এম. সিন্ধিয়াকে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। কামাল খানে ইহ সংসাৰত পত্নীকে ধৰি এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে। আৰু পঢ়কঃ ৰাজনৈতিক মহলত জোকাৰণি! উত্তৰ প্রদেশত আজি ৮জন বিজেপি বিধায়কে যোগদান কৰিব সমাজবাদী পাৰ্টিত

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম