--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্ভীক সাংবাদিক কামাল খান আৰু নাই। নিৰ্ভীক আৰু বলিষ্ঠ কণ্ঠৰ অন্য এক নাম আছিল কামাল খান। যোৱা তিনিটা দশক ধৰি তেওঁ দেশৰ সংবাদ সেৱাত ব্ৰতী আছিল। শুকুৰবাৰে পুৱা লক্ষ্ণৌৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক কামাল খানে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এনডিটিভিৰ সাংবাদিক আছিল কামাল খান। হৃদৰোগত আক্ৰান্ত হৈ আছিল সাংবাদিকগৰাকী। শুকুৰবাৰে পুৱা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ। কামাল খানৰ আকস্মিক মৃত্যুৱে দেশৰ সংবাদ মহলত পেলাইছে গভীৰ শোকৰ ছাঁ। তেওঁৰ নিৰ্ভীক কণ্ঠই শাসকতন্ত্ৰৰ বুকু কঁপাইছিল। সাহসী সাংবাদিক ৰূপে বিশেষ পৰিচিতি আছিল কামাল খানৰ। জ্যেষ্ঠ সাংবাদিক আলোক পাণ্ডে, বিবেক গুপ্তাকে ধৰি বহু সাংবাদিকে কামাল খানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ সিং যাদৱ আৰু কংগ্ৰেছৰ উত্তৰ প্ৰদেশ প্ৰভাৰী প্ৰিয়ংকা গান্ধী, জ্যোতিৰাদিত্য এম. সিন্ধিয়াকে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। কামাল খানে ইহ সংসাৰত পত্নীকে ধৰি এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে। আৰু পঢ়কঃ ৰাজনৈতিক মহলত জোকাৰণি! উত্তৰ প্রদেশত আজি ৮জন বিজেপি বিধায়কে যোগদান কৰিব সমাজবাদী পাৰ্টিত

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক